নিশা সাধাৰণ জনতায়ো কাজিৰঙা ভ্ৰমণ কৰিব পাৰিবনে ?

author img

By

Published : Sep 26, 2022, 10:55 PM IST

নিশা সাধাৰণ জনতায়ো কাজিৰঙা ভ্ৰমণ কৰিব পাৰিবনে ?

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সদগুৰুৱে নিশাৰ আন্ধাৰত কাজিৰঙা ভ্ৰমণ কৰি আইন উলংঘা কৰা নাই (Assam CM Kaziranga visit)৷ এই মন্তব্য বিভাগীয় কৰ্তপক্ষৰ ৷ কিন্তু সাধাৰণ জনতাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় বহু নিয়ম ৷ সমগ্ৰ বিষয়টোক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া ৷

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ: 24 ছেপ্টেম্বৰৰ নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM Kaziranga visit)৷ মুখ্যমন্ত্ৰীগৰাকীৰ লগত আছিল সদগুৰু জগদীশ বাসুদেৱ আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ সদগুৰুৱে নিজেই জীপ চলাই পৰিদৰ্শন কৰিলে কাজিৰঙা ৷ কাষতে বহুৱাই ল’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাক ৷ ইয়াৰ পাছতেই সামাজিক মাধ্যমত ব্যাপক চৰ্চা ৷ ক্ষোভ, প্ৰশ্ন, যুক্তি সকলো উজাৰিলে সচেতন মহলে ৷

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰিবলৈ গৈ নিশা জীপ চাফাৰী কৰিলে মুখ্যমন্ত্ৰীসহ সদগুৰুৰ বহু বিয়াগোম নেতা, বিষয়াই (Night Jeep safari in Kaziranga)৷ বিষয়টো গৌৰৱৰ ৷ সমগ্ৰ কাৰ্যসূচীটোৰ কেইবাখনো ফটো সামাজিক মাধ্যমত আপলোড কৰিলে মুখ্যমন্ত্ৰীয়ে (Himanta Biswa Sarma tweet)৷

কিন্তু সেই সময়তে উত্থাপিত হ’ল সাধাৰণ লোকক নিশা কাজিৰঙাত প্ৰৱেশ কৰিবলৈ নিদিয়া বিষয়টো ৷ কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীৰ কাজিৰঙা ভ্ৰমণৰ পোষ্ট আঁতৰাই দিয়া হ’ল ৷

নিশা সাধাৰণ জনতায়ো কাজিৰঙা ভ্ৰমণ কৰিব পাৰিবনে ?

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ লগতে সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে দাখিল হ’ল দুখনকৈ এজাহাৰ (FIR against Assam CM and minister)৷ অভিযোগকাৰীৰ মতে মুখ্যমন্ত্ৰী বন্যপ্ৰণী সুৰক্ষা আইন উলংঘন কৰিছে ৷ যি আইনৰ অধীনত বহুসময়ত শাস্তিৰ সন্মুখীন হৈছে বহুজন ৷ বিতৰ্ক অব্যাহত থকাত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক প্ৰশ্ন কৰা হ’ল ৷

তেওঁ কয় যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আইন উলংঘা কৰা নাই ৷ অতিথি মাতি অনা হৈছিল ৷ গতিকে যিকোনো সময়ত হ’লেও, যিকোনো বাধা নেওচি হ’লেও শুশ্ৰূষা কৰিবই লাগিব ৷

লগতে পঢ়ক: নিশা কাজিৰঙাত জীপ ছাফাৰীৰ বাবে আগতীয়াকৈ অনুমতি লোৱা হৈছিল: মন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.