Cancer Situation in Assam : ৰাজ্যত কৰ্কট ৰোগীৰ সংখ্যা ভয়াৱহ হাৰত বৃদ্ধি

author img

By

Published : Jan 24, 2023, 4:57 PM IST

Cancer

অসমত পাঁচ বছৰত ১,৮৯,৪৭৮ জন লোক কৰ্কট ৰোগত আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১,১৪,১৬৯ জনৰ । কামৰূপ মহানগৰ জিলাত প্ৰতি এক লাখ পুৰুষৰ মাজত ২১৩ জন আৰু এক লাখ মহিলাৰ মাজত ১৬৯ গৰাকী কৰ্কট ৰোগত আক্রান্ত হয় (cancer patients increases in Assam) । অসমৰ চিনাক্ত হোৱা মুঠ কৰ্কট ৰোগীৰ ৪৮ শতাংশই ধঁপাত সেৱনকাৰী । উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ মূলতেই হৈছে ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাস ।

গুৱাহাটী, ২৪ জানুৱাৰী : দেশৰ আন ৰাজ্যৰ তুলনাত অসমত কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক (highest number of cancer patients state Assam) । এক কথাত ক'বলৈ গ'লে অসম কৰ্কট ৰোগৰ ‘হটস্পট'ত পৰিণত হৈছে (Assam being hotspot of cancer) । শেহতীয়াকৈ ৰাজ্যখনত কৰ্কট ৰোগে ঘাতকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিবছৰেই ভয়াৱহভাৱে বৃদ্ধি পোৱা কৰ্কট ৰোগত বিগত পাঁচ বছৰত ৰাজ্যখনত ১ লাখ ১৪ হাজাৰ ১৬৯ জন লোকৰ মৃত্যু ঘটাৰ লগতে আক্ৰান্ত হৈছে ১ লাখ ৮৯ হাজাৰ ৪৭৮ জন লোক (cancer patients increases in Assam) । ৰাজ্যবাসীৰ বাবে অত্যন্ত উদ্বেগজনক এই তথ্য সদৰী কৰিছে খোদ কেন্দ্ৰীয় চৰকাৰে ।

কেন্সাৰ ৰোগীৰ হটস্পটত পৰিণত অসম
কেন্সাৰ ৰোগীৰ হটস্পটত পৰিণত অসম

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ (Ministry of Health and Family Welfare) তথ্য মতে, অসমত প্ৰতিবছৰেই কৰ্কট ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যিদৰে বৃদ্ধি পাইছে সেইদৰে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে (death rate of cancer patients higher in Assam) । তথ্য মতে, কৰ্কট ৰোগত আক্ৰান্ত হৈ অসমত ২০১৮ চনত ২১,৭১৫ জন, ২০১৯ চনত ২২,২৬১ জন, ২০২০ চনত ২২,৮২৪ জন, ২০২১ চনত ২৩,৩৯৫ জন আৰু ২০২২ চনত প্ৰায় ২৪,০০০ জনৰ মৃত্যু হৈছে ।

আনহাতে, বিগত পাঁচ বছৰত ৰাজ্যখনত কৰ্কট ৰোগত আক্ৰান্ত হৈছে ১ লাখ ৮৯ হাজাৰ ৪৭৮জন লোক । ইয়াৰে ভিতৰত ২০১৮ চনত ৩৬,০২৯ জন, ২০১৯ চনত ৩৬,৯৪৮ জন, ২০২০ চনত ৩৭,৮৮০ জন, ২০২১ চনত ৩৮,৮৩৪ জন আৰু ২০২২ চনত প্ৰায় ৪০,০০০ জন আক্ৰান্ত হৈছে । মন কৰিবলগীয়া কথা যে অসমত কৰ্কট ৰোগত সকলোতকৈ অধিক লোক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত । জিলাখনৰ প্ৰতি এক লাখ পুৰুষৰ মাজত ২১৩ জন আৰু এক লাখ মহিলাৰ মাজত ১৬৯ গৰাকী এই ৰোগত আক্রন্ত হয় । সাধাৰণতে ৰাজ্যখনৰ পুৰুষসকলৰ ক্ষেত্রত মুখগহ্বৰ, খাদ্যনলী আৰু হাওঁফাওঁত হোৱা কৰ্কট ৰোগীৰ হাৰ সৰ্বাধিক ।

দেশৰ ভিতৰত সৰ্বাধিক কৰ্কট ৰোগীৰ ৰাজ্য অসম
দেশৰ ভিতৰত সৰ্বাধিক কৰ্কট ৰোগীৰ ৰাজ্য অসম

ইয়াৰ বিপৰীতে মহিলাসকলৰ ক্ষেত্রত স্তন আৰু জৰায়ুত হোৱা কৰ্কট ৰোগীৰ সংখ্যা সৰ্বাধিক । আনহাতে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাসৰ বাবে অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । অসমৰ চিনাক্ত হোৱা মুঠ কৰ্কট ৰোগীৰ ৪৮ শতাংশই ধঁপাত সেৱনকাৰী । অসমৰ উপৰি মিজোৰামৰ আইজল আৰু মেঘালয়ৰ পূব খাচী হিলছ জিলাও কৰ্কট ৰোগৰ হটস্পট হিচাপে চিহ্নিত হৈছে । উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চৰ (Indian Council of Medical Research) এক প্রতিবেদন অনুসৰি, আগন্তুক পাঁচ বছৰত ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা ১২ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰতি বছৰে প্ৰায় ৪৫ হাজাৰ কৰ্কট ৰোগী নতুনকৈ চিনাক্ত হয় । ইয়াৰ ভিতৰত প্ৰায় ৩৭ হাজাৰ ৰোগীয়েই হৈছে অসমৰ । ৰাজ্যখনত কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে টাটা ট্রাষ্টৰ সহযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাখনো কৰ্কট হাস্পতাল স্থাপন কৰা কাৰ্যই কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্রত আশাৰ বতৰা কঢ়িয়াই আনিছে । উদ্বেগৰ বিষয় যে ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলতে কৰ্কট ৰোগত আক্ৰান্তৰ হাৰ সৰ্বাধিক । অসমৰ উপৰি মিজোৰাম, অৰুণাচল, মেঘালয়ত প্ৰতি বছৰে হাজাৰ হাজাৰ লোক কৰ্কট ৰোগত আক্রান্ত হয় । উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগ বৃদ্ধিৰ মূলতেই হৈছে ধঁপাত সেৱন, মদ্যপান আৰু খাদ্যাভ্যাস ।

অসমত ভয়াৱহভাৱে বৃদ্ধি কেন্সাৰ ৰোগীৰ সংখ্যা
অসমত ভয়াৱহভাৱে বৃদ্ধি কেন্সাৰ ৰোগীৰ সংখ্যা

উত্তৰ-পূবত ধঁপাত সেৱনৰ বাবে হোৱা কৰ্কট ৰোগীৰ হাৰ বেছি । অসমত ৪৮ শতাংশ, মিজোৰাম আৰু মেঘালয়ত ৭০ শতাংশ কৰ্কট ৰোগীয়েই হৈছে ধঁপাত সেৱনকাৰী । বিশেষজ্ঞসকলৰ মতে, কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব পাৰিলে ৮০ শতাংশৰ ক্ষেত্রত ৰোগমুক্ত কৰিব পাৰি । কিন্তু কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে বিভিন্ন কাৰণত দুই তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালয়লৈ আহে । যিটো সময়ত চিকিৎসা কৰাৰ বিশেষ একো নাথাকে । গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে জনোৱা মতে, ধঁপাত সেৱনৰ ক্ষেত্রত উত্তৰ-পূৰ্বাঞ্চল দেশৰ শীৰ্ষ স্থানত আছে ।

ডাঃ কটকীয়ে জনোৱা মতে, 'Global Youth Tobacco Survey' অনুসৰি ১৩-১৫ বছৰ বয়সৰ স্কুলীয়া ছাত্র-ছাত্রীৰ মাজত ধঁপাত সেৱনৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়ত ৮.৫ শতাংশ । আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ মিজোৰাম আৰু অৰুণাচল প্ৰদেশত এই হাৰ ৫৭.৯ শতাংশ । যিটো দেশৰ ভিতৰতে সৰ্বাধিক । সেইদৰে এই হাৰ নাগালেণ্ডত ৪২.৬ শতাংশ, মেঘালয়ত ৩৩.৬ শতাংশ, ছিকিমত ২৪.৮ শতাংশ, উত্তৰ প্ৰদেশত ২২.৯ শতাংশ, উত্তৰাখণ্ডত ১৮.৫ শতাংশ আৰু অসমত ১১.৯ শত‍াংশ ।

লগতে পঢ়ক :Assam Arunachal Border Issue : অসম অৰুণাচলৰ বিবদমান অঞ্চল সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.