গুৱাহাটীত নিৰ্মাণ হ'ব নতুন ৰে'লৰ দলং

author img

By

Published : Sep 24, 2021, 10:01 PM IST

new train bridge to be build in guwahati

গুৱাহাটীত ৰে'ল আৰু বস্ত্রশিল্প দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী দৰ্শনা জৰদোশ সংবাদমেল । ব্ৰহ্মপুত্রৰ ওপৰত এখন ৰে'ল দলং নিৰ্মাণৰ ঘোষণা । হস্ততাঁত আৰু বস্ত্রশিল্পৰ বাবে ৪৪ কোটি টকাৰ অনুমোদন ।

গুৱাহাটী, ২৪ ছেপ্তেম্বৰ : গুৱাহাটীৰ শৰাইঘাট দলঙৰ ওচৰত আৰু এখন ৰে'ল দলং হ'ব । ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰক্ৰিয়া আৰম্ভ হৈছে । ৰে'লৰ ডাৱল লাইনৰ কাম চলি আছে আৰু ইয়াৰ বাবে ব্ৰহ্মপুত্রৰ ওপৰত এখন ৰে'ল দলং নিৰ্মাণ কৰা হ'ব । এই কথা সদৰি কৰিছে ৰে'ল আৰু বস্ত্রশিল্প দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী দৰ্শনা জৰদোশে ।

শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে বিশেষ গুৰুত্ব দিছে । মন্ত্রীসকলক ইয়ালৈ অহাৰ বাবে নিৰ্দেশ দিছে । ৰে'ল যাতায়াতৰ ক্ষেত্রত বিশেষ গুৰুত্ব দিয়া হৈছে । যাতায়াত ব্যৱস্থাৰ লাইফলাইন হৈছে ৰেল যাৰ বাবে এই ক্ষেত্রখনক বিশেষ প্ৰাধান্য দিয়া হৈছে । উত্তব-পূৱ সীমান্ত ৰে'লৱেৰ অসমৰ অংশত ৰেলৰ বৈদ্যুতিকৰণৰ কাম দ্রুতগতিত আগবাঢ়িছে ।

আনহাতে, ৰে'লপথৰ দ্বৈতকৰণৰ কাম-কাজো ক্ষীপ্রতৰভাৱে চলি আছে । মেট্ৰ ৰে'লৰ ক্ষেত্রতো সম্ভাৱনীয়তা আছে চীন সীমান্তৰ টাৱাং, পাছিঘাট আদিক ৰে'লৰ মাধ্যমেৰে সংযুক্ত কৰাৰ ক্ষেত্রতো ব্যৱস্থা গ্ৰহণৰ বাবে পদক্ষেপ লোৱা হৈছে । উত্তৰ-পূৰ্বাঞ্চলকলৈ ৰে'লৱে ক্ষেত্রত বহুকেইটা পদক্ষেপ গ্ৰহণ কৰা হৈছে । আজাদী কি অমৃত মহোৎসৱ উপলক্ষ্যে বিশেষ ৰে'লৰ ব্যৱস্থা কৰা হৈছে ।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজ্য চৰকাৰৰ পৰা প্ৰস্তাৱ আহিলে ভাৰতৰত্ন ভূপেন হাজৰিকাৰ নামত ৰে'ল দিয়াৰ ক্ষেত্রত চিন্তা-চৰ্চা কৰিব পৰা যাব ।
হস্থতাঁত আৰু বস্ত্রশিল্পৰ প্ৰসংগত তেওঁ অসমৰ ভূমিকাক প্ৰশংসা কৰি তেওঁ কয় যে ইয়াৰ বাবে ৪৪ কোটি টকাৰ অনুমোদন দিয়া হৈছে । সংবাদমেলত ৰে'লৱেৰ কেইবাজনো উচ্চপদস্থ বিষয়া উপস্থিত আছিল ।

আনহাতে, ৰে'ল দপ্তৰৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় । আলােচনাকালত মুখ্যমন্ত্রী ড° শর্মাই উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অসমৰ অংশত ৰেলৰ বৈদ্যুতিকৰণৰ কাম দ্রুততাৰে কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক অনুৰোধ জনায় । মুখ্যমন্ত্রীয়ে লগতে ডিব্রুগড়লৈকে ৰেললাইনৰ দ্বৈতকৰণৰ প্রকল্পৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক অনুৰোধ জনায় ।

দীপৰ বিল এলেকাত ৰে'ল দুর্ঘটনাত হাতীৰ মৃত্যু হােৱাৰ দিশটোৰ প্রতি আঙুলিয়াই দি মুখ্যমন্ত্রী ড° শর্মাই হাতীৰ মুক্ত অহা-যােৱাত সহায়ক হােবাকৈ সেই অংশত এক এলিভেটেড কৰিডৰ নির্মাণৰ পদক্ষেপ ল'বলৈও কেন্দ্রীয় মন্ত্রীগৰাকীক আহ্বান জনায় । মুখ্যমন্ত্রীয়ে লগতে ৰাজ্যখনৰ কিছু এলেকাত ৰেল আলিৰ ওপৰেৰে উৰণীয়া সেঁতু নির্মাণৰ বিষয়টো উল্লেখ কৰি ইয়াৰ লগত জড়িত বিষয়সমূহ সােনকালে মীমাংসা কৰি এই উৰণীয়া সেঁতু সমূহৰ নির্মাণ কার্য সােনকালে সম্পূর্ণ কৰাব বাবে উত্তব-পূব সীমান্ত ৰেল কর্তৃপক্ষক নির্দেশ প্রদান কৰিবলৈও মন্ত্রীগৰাকীৰ প্ৰতি অনুৰােধ জনায় ।
লগতে পঢ়ক : গৰুখুটিৰ ঘটনা সন্দৰ্ভত কি স্থিতি ৰাজ্যিক বিজেপিৰ সভাপতিৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.