নৰ্থ চেনেল সাঁতুৰি প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই

author img

By

Published : Sep 21, 2022, 2:23 PM IST

Etv BharatInternational Swimmer Elvis Ali Hazarika

নৰ্থ চেনেল সাঁতুৰি প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই (International Swimmer Elvis Ali Hazarika) ৷ ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল নৰ্থ চেনেল ৷

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : অসমবাসীৰ বাবে পুনৰ গৌৰৱ কঢ়িয়াই আনিলে এলভিছ আলী হাজৰিকাই (International Swimmer Elvis Ali Hazarika)। সাঁতুৰি পাৰ হ'ল নৰ্থ চেনেল । ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল সাঁতুৰি পাৰ হৈ সপোন বাস্তৱায়িত কৰিলে এলভিছ আলী হাজৰিকাই । উত্তৰ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ এই চেনেলৰ দৈৰ্ঘ্য ২১ কিলোমিটাৰ ।

International Swimmer Elvis Ali Hazarika
নৰ্থ চেনেল সাঁতুৰি প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই

উল্লেখ্য যে, নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই (Elvis Ali Hazarika became the first Assamese to swim across the North Channel)। বিশিষ্ট সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই গঢ়িলে আন এক অভিলেখ ।

এই গৌৰৱ অৰ্জন কৰাত যথেষ্ঠ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল এছিয়ান ৰীলে দলটো ।

International Swimmer Elvis Ali Hazarika
নৰ্থ চেনেল সাঁতুৰি প্ৰথমজন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিলে এলভিছ আলী হাজৰিকাই

সুদূৰ বিদেশত অসমক গৌৰাৱান্বিত কৰিলে এলভিছে । বিশ্বৰ বহু সাঁতোৰবিদৰ বাবে নৰ্থ চেনেল সাঁতোৰা অতি প্ৰত্যাহ্বানজনক । প্ৰায় ৭ দিন ধৰি কৰা অনুশীলনৰ পাচত ইতিহাস ৰচিলে এলভিছ আলী হাজৰিকাই ।

লগতে পঢ়ক : বাৰাণসীৰ পৰা বগীবিললৈ আৰম্ভ হ’ব দীৰ্ঘতম ৰিভাৰ ক্ৰুজ সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.