ৰাষ্ট্ৰীয় গেমছত পদক অনিব পাৰিলে পাব চৰকাৰী চাকৰি : মুখ্যমন্ত্ৰী

author img

By

Published : Sep 23, 2022, 9:45 PM IST

ৰাষ্ট্ৰীয় গেমছত পদক অনিব পাৰিলে পাব চৰকাৰী চাকৰি : মুখ্যমন্ত্ৰী

শুকুৰবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হয় এক বিশেষ সভাৰ ৷ এই সভাতে গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত (National Sports competition) অংশগ্ৰহণ কৰিবলৈ যাবলগীয়া অসমৰ খেলুৱৈসকলৰ বাবে প্ৰস্তুত কৰা কীট মুকলি কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল ৷

গুৱাহাটী, 23 ছেপ্টেম্বৰ : গুজৰাটত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত (National Sports competition) অসমে শীৰ্ষৰ পাঁচটা স্থানৰ ভিতৰত থকাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে আহ্বান জনায় । গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত শুকুৰবাৰে গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যাবলগীয়া অসমৰ খেলুৱৈসকলৰ বাবে প্ৰস্তুত কৰা কীট মুকলি অনুষ্ঠানত ভাষণ দি সৰ্বানন্দ সোণোৱালে অসমৰ খেলুৱৈসকলক এই আহ্বান জনায় ।

তেওঁ কয় যে, অসমৰ দলে যাতে গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত খেলুৱৈসকলে সফল হ’ব পাৰে তাৰ বাবে চেষ্টা কৰিব লাগিব । গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ খেলুৱৈ যাতে অধিক মেডেল লাভ কৰে তাৰ বাবে উন্নত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব লাগিব ।

খেলুৱৈসকলে যাতে অসমৰ নাম উজ্বল কৰে তাৰ বাবে তেওঁ আশা প্ৰকাশ কৰে ।

সৰ্বানন্দ সোণোৱালে কয়, ‘‘খেলুৱৈসকলৰ লক্ষ্য অলিম্পিক হ’ব লাগিব । বিজেপি চৰকাৰে খেলুৱৈসকলৰ বাবে শক্তিশালী খেল আঁচনি গ্ৰহণ কৰিছে’’ । তেওঁ কয় যে, সফল হ’বলৈ খেলুৱৈসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয় যে, এইবাৰ গুজৰাটত অনুষ্ঠিত হ’বলগীয়া আগন্তক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত 21 ইভেন্টত অসমৰ 121 গৰাকী খেলুৱৈ অংশ ল’ব ।

লগতে পঢ়ক : ইউকো বেংকৰ চুপাৰ মাৰ্কেট শাখাৰ প্ৰৱন্ধক লব্ধপ্ৰতীম শইকীয়াক গ্ৰেপ্তাৰ

শেষবাৰৰ বাবে 2015 চনত কেৰালাত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অনুষ্ঠিত হৈছিল । কেৰালাত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমে দশম স্থান পাইছিল । এইবাৰ অসমে শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত থাকিব বুলি তেওঁ আশা কৰে । অকল খেলতে নহয় অসম অৰ্থনীতি, শিক্ষা আদিতো দেশৰ ভিতৰত শীৰ্ষ পাঁচটা স্থানত থাকিব লাগিব থাকিব । তাৰ বাবে চৰকাৰে পৰিৱেশ নিৰ্মাণ কৰি আছে ।

অধিক ভাল খেলুৱৈ জম্ম দিব লাগিব । তেওঁ কয়, ‘‘গুৱাহাটীৰ চন্দ্ৰপুৰত নতুন ষ্টেডিয়াম হ’ব । নেহৰুৰ ষ্টেডিয়াম উন্নত কৰা হ’ব । নেহৰুৰ ষ্টেডিয়ামত থকা লেণ্ডমাৰ্ক হোটেলখন আতৰোৱা হ’ব । যোৰহাটতো নতুন ষ্টেডিয়াম নিৰ্মাণ হ’ব‌ । যোৰহাট আৰু গুৱাহাটীত খেলুৱৈৰ ফীটনেছ চেন্টাৰ হ’ব । অহা এপ্ৰিলত চৰকাৰে অসমত নতুন খেল আঁচনি গ্ৰহণ কৰিব’’ ।

মুখ্যমন্ত্ৰীয়ে কয় যে, গুজৰাটত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভ কৰা সকলো খেলুৱৈক অসম চৰকাৰে চৰকাৰী চাকৰি দিব (National Games medal winners will get government jobs) । অনুষ্ঠানত আদৰণি ভাষণ দি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে, অসম দলৰ খৈলুৱেসকলক এইবাৰ বিমানযোগে অনা নিয়া কৰা হ’ব ।

অনুষ্ঠানত ক্ৰীড়া বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিঙেও ভাষণ দিয়ে । আগন্তুক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাগ ল’বলৈ যোৱা অসমৰ খেলুৱৈসকলক শুভেচ্ছা দিয়াৰ বাবে জুবিন গাৰ্গে পৰিৱেশন কৰা শুভেচ্ছামূলক গীতটো মুকলি কৰা হয় । অনুষ্ঠানত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাগ ল’বলৈ যাৱলগীয়া হিমা দাস, নয়নমণি শৰ্মা আদি খেলুৱৈক জাৰ্চী, ট্টেক চুইট, বেগ, মেডিকেল কীট, টুপি আদি প্ৰদান কৰা হয় ।

উল্লেখ্য যে, অহা ২৫ ছেপ্টেম্বৰত অসমৰ প্ৰথম দলটো আগন্তক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে গুজৰাটলৈ ৰাওনা হ’ব ।

লগতে পঢ়ক : বিতৰ্কত নগাঁৱৰ মেট্ৰ’ হাস্পতাল: হাস্পতালখন বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান ৰোগীৰ আত্মীয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.