গুৱাহাটী মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত মহিলাৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Sep 21, 2022, 11:21 AM IST

Updated : Sep 21, 2022, 12:51 PM IST

Mysterious death of woman in drug rehabilitation center

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰসমূহত প্ৰকৃততে চলিছে কি ? পুনৰ মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত এগৰাকী মহিলাৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা ৷ খাৰঘুলিৰ নিচামুক্তি কেন্দ্ৰৰ খিৰিকীত চিপজৰীলৈ মহিলাগৰাকীয়ে আত্মহনন কৰে (woman died in drug rehabilitation center) ৷

গুৱাহাটী, 21 ছেপ্টেম্বৰ: "খুড়ীমা আপুনি নোশোৱে কেলৈ ?", "দেহামা মই শুইছো ৷" এইয়াই আমাৰ শেষৰটো বাৰ্তালাপ ৷ নিচা কিমান ভয়ংকৰ হ’ব পাৰে আমি সকলোৱে জানো ৷ নিচাই এখন সুখৰ ঘৰ ভাঙি থান-বান কৰি পেলাব পাৰে ৷

মহানগৰীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ স্বচ্ছতাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপিত হৈছে ৷ মহানগৰীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ ভিতৰত প্ৰকৃততে চলিছে কি (drug rehabilitation center in Guwahati)? চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি বেআইনীভাৱে ৰমৰমীয়া বেহা চলাই থকা একাংশ নিচামুক্তি কেন্দ্ৰত কিছুদিন পূৰ্বে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ছাডেন ভিজিত দিয়াৰ পিছতে মহানগৰীৰ দুটাকৈ নিচামুক্তি কেন্দ্ৰত ৰহস্যজনক মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে (Sudden visit in drug rehabilitation center) ৷

গুৱাহাটী মহানগৰীৰ নিচামুক্তি কেন্দ্ৰত মহিলাৰ ৰহস্যজনক মৃত্যু

এইবাৰ গুৱাহাটীৰ খাৰঘুলিৰ নিচামুক্তি কেন্দ্ৰত মহিলাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে (body rescued outside a drug rehabilitation center)৷ যোৱা এমাহৰ পূৰ্বে গিৰিজা মেধি নামৰ মহিলাগৰাকীক খাৰঘুলিৰ ফেইথ ফাউণ্ডেচনত ভৰ্তি কৰিছিল পৰিয়ালৰ লোকে ৷ তাৰ পিছৰে পৰাই মহিলাগৰাকীক চিকিৎসকৰ তত্বাৱধানাত ৰখা হৈছিল ৷

ফাউণ্ডেচনটোৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি মহিলাগৰাকীয়ে খিৰিকীত চিপ লৈ আত্মহত্যা কৰিছে (Woman suicide at drug rehabilitation center in Guwahati) ৷ এই ঘটনা পৰিলক্ষিত কৰি আৰক্ষী অহাৰ পূৰ্বেই ফাউণ্ডেচনটোৰ লোকসকলে মহিলগৰাকীৰ মৃতদেহটো ৰচি কাটি নমাই আনে ৷ মৃত মহিলাগৰাকীৰ ঘৰ পাঠশালাত বুলি জানিব পৰা গৈছে (Old women body rescued) ৷ মহিলাগৰাকীৰ বয়স 50 ৰো উৰ্ধ্বৰ হ’ব বুলি জানিব পৰা গৈছে ৷

ইফালে ফাউণ্ডেচনটোৰ কৰ্তৃপক্ষৰ লোকে জনোৱা অনুসৰি মহিলাগৰাকীয়ে পূৰ্বে কথা নোকোৱা মহিলাগৰাকীয়ে কেন্দ্ৰটোলৈ অহাৰ পৰা হাঁহিবলৈ, কথা কবলৈ শিকিছিল ৷ তেওঁ যে এনেকুৱা এটা ঘটনা কৰিব আমি কোনো কল্পনাই কৰিব পৰা নাই ৷ মহিলাগৰাকীৰ ঘৰৰ লোকক অৱগত কৰা হৈছিল যদিও কোনো ঘৰৰ লোক উপস্থিত নহ’লহি কেন্দ্ৰটোত ৷

এই ঘটনাৰ খবৰ পাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰে (Police rescued body of old women)৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এতিয়ালৈ ঘটনাৰ সবিশেষ তথ্য জানিব পৰা নাই ৷

লগতে পঢ়ক: গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰৰ বাহিৰত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

Last Updated :Sep 21, 2022, 12:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.