পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ প্ৰসংগকলৈ সংবাদমেলত সৰৱ সাংসদ ৰিপুন বৰা

author img

By

Published : Sep 22, 2021, 4:27 PM IST

family politics

লোকসভা আৰু ৰাজ্যসভা মিলাই বিজেপিৰ মুঠ ৩৮৮ গৰাকী সাংসদৰ ভিতৰত প্ৰায় ৪৫ গৰাকী সাংসদ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ভিতৰত পৰে । বৰ্তমানলৈ ১৪ গৰাকী ব্যক্তি দেশৰ প্ৰধানমন্ত্রী হৈছে আৰু ইয়াৰে ৬ গৰাকী কংগ্ৰেছ দলৰ । আনহাতে ৬ গৰাকীৰ ভিতৰত ৩ গৰাকী প্ৰধানমন্ত্রী হৈছে গান্ধী পৰিয়ালৰ ।

গুৱাহাটী,২২ ছেপ্তেম্বৰ : কংগ্ৰেছে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা বুলি বিজেপিয়ে সদায়ে কৰি অহা সমালোচনাৰ প্ৰত্যুত্তৰত সৰৱ হৈ পৰে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা (Ripun Bora) । গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি সাংসদ ৰিপুন বৰাই কয়-'কেৱল কংগ্ৰেছ কিয় বিজেপিকে ধৰি প্ৰায় বিলাক ৰাজনৈতিক দলতে একে পৰিয়ালৰ একাধিক ব্যক্তিয়ে দলীয় পদবী নাইবা মন্ত্রী, সাংসদ, বিধায়ক পদত অধিষ্ঠিত হৈ আছে । কিন্তু আমি কংগ্ৰেছে কেতিয়াও ইয়াক লৈ সমালোচনা কৰা নাই । গণতান্ত্রিক ব্যৱস্থাত নিজৰে যোগ্যতাৰে ৰাইজৰ সমৰ্থনত একে পৰিয়ালৰ কেইবাজনো নিৰ্বাচিত হৈ আহিব পাৰে ।'

ৰিপুন বৰাৰ অভিযোগ, বিজেপিয়ে বিশেষকৈ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) প্ৰায়ে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কৈ সমালোচনা কৰি আহিছে । দেশ স্বাধীন হোৱাৰ পৰা বৰ্তমানলৈ ১৪ গৰাকী ব্যক্তি দেশৰ প্ৰধানমন্ত্রী হৈছে আৰু ইয়াৰে ৬ গৰাকী কংগ্ৰেছ দলৰ । আনহাতে, ৬ গৰাকীৰ ভিতৰত ৩ গৰাকী প্ৰধানমন্ত্রী হৈছে গান্ধী পৰিয়ালৰ । কিন্তু বিজেপিয়ে প্ৰকৃত সত্যক লুকুৱাই ৰাখি এক অপপ্ৰচাৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে ।

তেওঁৰ মতে দেশৰ সামগ্ৰিক বিকাশত গান্ধী পৰিয়ালৰ (Gandhi family) অৱদান কি সেয়া ভাৰতৰ ৰাইজে ভালদৰে জানে । স্বাধীনতা সংগ্ৰামত জৱাহৰলাল নেহেৰুৱে (Jawaharlal Nehru) ৯ বাৰকৈ গ্ৰেপ্তাৰ হোৱাৰ উপৰিও ১১ বছৰৰো অধিক সময় জেলত আছিল । দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে প্ৰাণ আহুতি দিছিল । এই সত্য কথা ক'বলৈ বিজেপিয়ে লাজ পায় বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে ।

সংবাদমেলত সাংসদ ৰিপুন বৰাই বিজেপিৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ এখন দীঘলীয়া তালিকা ৰাজহুৱা কৰি কয় যে কেন্দ্ৰীয় পৰ্যায়ত বিজেপিৰ ৩৯ গৰাকীকৈ নেতাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ তথ্য আছে । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ (Raj Nath Singh) পুত্র পংকজ সিং উত্তৰ প্ৰদেশৰ বিধায়ক । সেইদৰে হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্রী প্ৰেম কুমাৰ ধুমলৰ পুত্র অনুৰাগ ঠাকুৰ কেন্দ্ৰীয় মন্ত্রী ।

সংবাদমেলত সাংসদ বৰাই কয় যে বিজেপি দলত একে পৰিয়ালৰ পিতা, পুত্র, কন্যা তথা ঘনিষ্ঠ আত্মীয় মন্ত্রী, সাংসদ, বিধায়ক হৈ থকাৰ দীঘলীয়া তালিকা থকাৰ পাছতো বিজেপিয়ে কেৱল কংগ্ৰেছ দলতেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি দেখে । সংবাদমেলত সাংসদ বৰাই অন্যান্য ৰাজনৈতিক দলত থকা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ তথ্যও সদৰি কৰে । মোলায়েম সিং যাদৱ, শাৰদ পাৱাৰ, লালু প্ৰসাদ যাদৱ, পি এ চাংমা, বালঠাকৰে, প্ৰকাশ সিং বাদল, ওমপ্ৰকাশ চৌতালা, ৰাম বিলাস পাছোৱান আদি নেতাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথাও তেওঁ উল্লেখ কৰে ।

সাংসদ বৰাই কয়-' কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা কৈ বিজেপিয়ে মানুহক বিভ্ৰান্ত কৰি আহিছে । লোকসভা আৰু ৰাজ্যসভা মিলাই বিজেপিৰ মুঠ ৩৮৮ গৰাকী সাংসদৰ ভিতৰত প্ৰায় ৪৫ গৰাকী সাংসদ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ভিতৰত পৰে । কোনো অৰ্থনৈতিক কাৰ্যসূচী নাইবা জনতাৰ সামগ্ৰিক বিকাশৰ কাৰ্যসূচী নোলোৱাকৈ কেৱল ভুৱা আৰু বিভ্ৰান্তিমূলক অপপ্ৰচাৰ চলাই যে সদায় মানুহক ঠগিব নোৱাৰিব এই শিক্ষা নিশ্চয় দেশৰ ৰাইজে বিজেপিক অতি শীঘ্ৰে দিব ।' উল্লেখ্য যে সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক :অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক শান্তি দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.