Assam opts for Green Energy: APDCL আৰু NLC ইণ্ডিয়া লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি সম্পন্ন

author img

By

Published : Aug 9, 2022, 10:35 PM IST

MoU signed between APDCL and NLC India Limited

মঙলবাৰে স্বাক্ষৰিত কৰা হ’ল ১০০০ মেগাৱাট নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে APDCL আৰু NLC ইণ্ডিয়া লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি(MoU signed between APDCL and NLC India Limited) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এন এল চি ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক কে মোহন ৰেড্ডী আৰু এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে স্বাক্ষৰ কৰে এই চুক্তিত ৷

গুৱাহাটী, ৯ আগষ্ট : অধিক নবীকৰণযুক্ত উৎপাদনেৰে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ৰাজ্যত সেউজ শক্তি উৎপাদন বৃদ্ধি কৰি ১০০০ মেগাৱাট নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল) আৰু এন এল চি ইণ্ডিয়া লিমিটেডৰ মাজত মঙলবাৰে এক বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হয় (MoU signed for 1000MW Solar Power between APDCL and NLC India Limited) ।

মঙলবাৰে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কয়লা, খনি তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীৰ উপস্থিতিত এন এল চি ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক কে মোহন ৰেড্ডী আৰু এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

MoU signed between APDCL and NLC India Limited
নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰাজ্যখনত স্থাপন হ’বলগীয়া ১০০০ মেগাৱাট সৌৰশক্তি প্ৰকল্পটোৱে ৰাজ্যৰ বৰ্দ্ধিত শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰিবলৈ এপিডিচিএল আৰু এন এল চি আই এলৰ মাজত ৪৯:৫১ অনুপাতৰ যৌথ প্ৰকল্পটো স্থাপনৰ উদ্যোগ লোৱা হ’ব ।

MoU signed between APDCL and NLC India Limited
APDCL আৰু NLC ইণ্ডিয়া লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষ

এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই বিদ্যুৎ উৎপাদনৰ দিশত ৰাজ্যৰ বাবে আজিৰ এই দিনটো এক ঐতিহাসিক দিন বুলি অভিহিত কৰে । তেওঁ কয় যে, যিহেতু অসমত বিদ্যুতৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে, সেয়েহে ৰাজ্যখনে নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অধিক শক্তি উৎপাদন কৰিব পৰাকৈ প্ৰকল্প গঢ়ি তুলিব লাগিব ।

লগতে পঢ়ক : Sivasagar Municipal Board: এফালে ধাৰৰ বোজা, আনফালে দিনে-ৰাতিয়ে সমানে লাইট জ্বলাইছে শিৱসাগৰ পৌৰ সভাই

আনহাতে, একে সময়তে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰাকৈও শক্তি আহৰণত গুৰুত্ব আৰোপ কৰিব লাগিব । তেওঁ কয় যে, এই সৌৰ শক্তি প্ৰকল্পটো আৰম্ভ হ’লে ৰাজ্যখনে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰি বৃহৎ পৰিমাণৰ সেৱা আগবঢ়াবলৈ সক্ষম হ’ব ।

তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যি যুঁজ আৰম্ভ কৰিছে, সেই দিশত ৰাজ্যখনে অধিক নবীকৰণযোগ্য শক্তি উৎপাদন কৰি ৰাজ্যখনৰ চাহিদা পূৰণ কৰাৰ লগতে জলবায়ু পৰিৱৰ্তন ৰোধতো ইতিবাচক প্ৰভাৱ পেলাবলৈ সমৰ্থ হ’ব ।

মুখ্যমন্ত্ৰীয়ে কয় যে, এই ১০০০ মেগাৱাট সৌৰ শক্তি প্ৰকল্পৰ উপৰি ৰাজ্য চৰকাৰে এন এল চি আই এলৰ সৈতে আৰু ১০০০ মেগাৱাট সেউজ শক্তি প্ৰকল্পৰ বাবে আন এক যৌথ উদ্যোগ গ্ৰহণ কৰিবলৈও প্ৰস্তুত হৈছে । তেওঁ লগতে কয় যে, অদূৰ ভৱিষ্যতে জীৱাষ্ম ইন্ধনৰ ওপৰত ৰাজ্যৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে সেউজ শক্তি উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক নিৰ্দিষ্ট পৰিকল্পনাও গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : Azadi ka Amrit Mohotsab: স্বদেশপ্ৰেমৰ বাৰ্তা লৈ গুৱাহাটীত বিজেপিৰ প্ৰভাত ফেৰী

ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে অসমে এক দীৰ্ঘম্যাদি পৰিকল্পনা ৰূপায়নৰ বাবে কাম কৰিব লাগিব বুলিও তেওঁ কয় । এন এল চি আই এলক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে যৌথ উদ্যোগ গ্ৰহণৰ দিশত কেন্দ্ৰীয় কয়লা, খনি আদি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে লোৱা ভূমিকাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে ।

তদুপৰি, মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়া লিমিটেডৰ নৰ্থ ইষ্টার্ণ ক’ল ফিল্ডত কাম-কাজ আৰম্ভ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোৱা উদ্যোগৰ বাবেও তেওঁক ধন্যবাদ জ্ঞাপন কৰে । আনহাতে, কেন্দ্ৰীয় কয়লা, খনি ইত্যাদি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে তেওঁৰ মন্ত্ৰালয়ে লোৱা কাৰ্যপন্থা সম্পৰ্কত অনুষ্ঠানত বিষদভাৱে বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত এন এল চি আই এলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ সাহায্য আগবঢ়ায় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাহায্যৰ এই চেক মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়ে কোম্পানীটোৰ এই পদক্ষেপক শলাগ লৈ কয় যে, এই বৰঙণিৰ জৰিয়তে ৰাজ্যৰ বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰে লোৱা স্থিতিক অধিক সৱল কৰি তুলিব ।

অনুষ্ঠানত শক্তি, সমবায়, খনি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা প্ৰমুখ্যে অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী, শক্তি বিভাগৰ মুখ্য সচিব নীজ বাৰ্মা, এন এল চি ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ।

লগতে পঢ়ক : NEDFI House in Assam : গুৱাহাটীত নেডফি মাইক্ৰ' লেণ্ডিং আঁচনিৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.