Sarbananda Sonowal Press Meet : মোদী চৰকাৰে উত্তৰ পূবৰ সম্ভাৱনীয়তাক আৱিষ্কাৰ কৰিছে

author img

By

Published : Nov 3, 2022, 4:20 PM IST

Updated : Nov 3, 2022, 5:37 PM IST

Sarbananda Sonowal

গুৱাহাটীৰ জ্যোতিকুছিস্থিত বাসভৱনত সাংবাদিকৰে মত বিনিময় কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ (Central Minister Sarbananda Sonowal press meet) । বিজেপি চৰকাৰে বিগত আঠ বছৰত দেশক অৰ্থনৈতিকভাৱে বিশ্বৰ এখন দ্ৰুত উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে । জানুৱাৰী মাহৰ পৰা বানাৰসৰ পৰা ডিব্ৰুগড়লৈ বাংলাদেশ হৈ গুৱাহাটীৰে চাৰি হাজাৰ কিলোমিটাৰ দৈৰ্ঘৰ জলপথত বৃহৎ ৰিভাৰ ক্ৰুজ চলাচল কৰিব ।

গুৱাহাটী, ৩ নৱেম্বৰ : প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক এনেয়ে অষ্টলক্ষ্মী আখ্যা দিয়া নাই (PM Modi called northeast Astalakshmi) যুক্তিনিষ্ঠভাৱে ইয়াক প্ৰতিষ্ঠিত কৰিছে । অষ্টলক্ষ্মীৰ দ্বাৰা দেশৰ বিকাশত গুৰুত্ব দিয়া বাবেই আজি উত্তৰ-পূৰ্বাঞ্চল প্ৰগতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে । এই মন্তব্য কেন্দ্ৰীয় মন্ত্রী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ (former CM Sarbananda Sonowal) ।

বৃহস্পতিবাৰে গুৱাহাটীৰ জ্যোতিকুছিস্থিত বাসভৱনত সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে এইদৰে কয় (Central Minister Sarbananda Sonowal press meet) । তেওঁ কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে (PM Narendra Modi led BJP Govt) বিগত আঠ বছৰত দেশক অৰ্থনৈতিকভাৱে বিশ্বৰ এখন দ্ৰুত উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ।

এইক্ষেত্রত ভাৰত বৰ্তমান বিশ্বৰ পাঁচ নম্বৰ স্থানত আছে । বিজেপি চৰকাৰ গঠনৰ পূৰ্বে দহ নম্বৰ স্থানত আছিল । স্বাধীনতাৰ ৭৫ বছৰ পাছত দেশে বিজেপি চৰকাৰৰ দিনত সৰ্বাংগীন বিকাশেৰে প্ৰগতিৰ দিশত ধাৱমান হ'বলৈ সক্ষম হৈছে । তেওঁ কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কেৱল ভিজনতে সীমাবদ্ধ হৈ নাথাকে । ভিজন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত মনিটৰিং কৰি কাৰ্যকৰী ৰূপ দিয়ে ।

বিজেপি চৰকাৰৰ দিনত দেশৰ প্ৰতিখন ৰাজ্যই আজি যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ যোগেদি আগুৱাই যাবলৈ সক্ষম হৈছে । যোগাযোগ ব্যৱস্থাৰ উন্নয়ন অবিহনে এখন ৰাজ্যৰ আৰু দেশৰ প্ৰগতি কেতিয়াও সম্ভৱ নহয় । যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ যোগেদি আজি দেশৰ অৰ্থনৈতিক বিকাশ সম্ভৱ হৈছে । কংগ্ৰেছৰ দিনত অসমসহ উত্তৰ-পূৰ্বাঞ্চল অতি পিছপৰি আছিল ।

যোগাযোগ ব্যৱস্থা নথকা বাবে উত্তৰ-পূৰ্বাঞ্চল আৱিষ্কাৰ হোৱা নাছিল । নেতাসকল আহিছিল যদিও পৰ্যটকৰূপে আহিছিল । কিন্তু বিজেপি চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনীয়তাক আৱিষ্কাৰ কৰি বিশ্বৰ আগত প্ৰতিষ্ঠা কৰিলে । স্থলপথ আৰু জলপথৰ লগতে আজি আকাশীপথৰ বিকাশ সাধন হোৱাত উত্তৰ-পূৰ্বাঞ্চলে অৰ্থনৈতিকভাৱে বিকশিত হ'বলৈ সক্ষম হৈছে । উত্তৰ-পূৰ্বাঞ্চলত ১৬ টাকৈ বিমানবন্দৰ হৈছে । তেওঁ লগতে কয় যে জানুৱাৰী মাহৰ পৰা বানাৰসৰ পৰা ডিব্ৰুগড়লৈ বাংলাদেশ হৈ গুৱাহাটীৰে চাৰি হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ জলপথত বৃহৎ ৰিভাৰ ক্ৰুজ চলাচল কৰিব (River cruise from Banaras to Dibrugarh) ।

আৰম্ভ হ'ল বিলাসী জলপথৰ দীঘলীয়া যাত্রাৰ আন এক অনন্য পৰিবহণ ব্যৱস্থা । উত্তৰ-পূৰ্বাঞ্চলক মোদী চৰকাৰে বিশেষ গুৰুত্ব দিছে আৰু যাৰবাবে কেন্দ্ৰীয় মন্ত্রীসকল ইয়ালৈ সঘনাই ভ্ৰমণ কৰে । মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিশাল সম্ভাৱনীয়তাক আৱিষ্কাৰ কৰি বিকশিত কৰাৰ পথ প্ৰশস্ত কৰিছে । তেওঁ লগতে কয় যে প্ৰধানমন্ত্রী মোদীৰ নিৰ্দেশত আজি প্ৰতিগৰাকী মন্ত্রী দিল্লীত বহি নাথাকি দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে ।

কেৱল ঘূৰি ফূৰাই নহয়, কামৰ খতিয়ান দাঙি ধৰিবলগীয়া হৈছে । প্ৰতিখন ৰাজ্যৰ সমবিকাশত গুৰুত্ব দিয়াৰ বাবেই আজি দেশে বিশ্বৰ বুকুত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰসংগক্ৰমে তেওঁ মোদী চৰকাৰৰ বিভিন্ন অভিলাষী পৰিকল্পনা আৰু কাৰ্যপন্থাৰ বিষয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Vigilance Awareness Week : প্ৰধানমন্ত্ৰীৰ দুৰ্নীতি নিবাৰণৰ বাৰ্তা

Last Updated :Nov 3, 2022, 5:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.