Akhil Gogoi Press Meet: অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন; কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

author img

By

Published : May 24, 2023, 9:11 PM IST

Akhil Gogoi Press Meet

অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ ৷ খানাপাৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ বষপূৰ্তি অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহক অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে বক্তব্য দিবলৈ ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে (Akhil Gogoi Slams Home Minister Amit shah) ৷

গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰত্যাহ্বান শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ

গুৱাহাটী, 24 মে’: অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন এতিয়া ক’ত আছে ? অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন অৰ্থাৎ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশ্ন কৰিলে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ লগতে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশ্ন কৰাৰ আহ্বান অসমৰ ৰাইজলৈ (Akhil Gogoi Slams Home Minister Amit shah) ৷

গুৱাহাটীৰ খানাপাৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ বষপূৰ্তি অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহক অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে বক্তব্য দিবলৈ ৰাজহুৱা প্ৰত্যাহ্বান জনাইছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে (MLA Akhil Gogoi Slams Home Minister Amit shah) ৷

বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত অখিল গগৈয়ে গৃহমন্ত্ৰী অমিত শ্বাহক এই প্ৰত্যাহ্বান জনায় কয় যে, অমিত শ্বাহে লোকসভাত প্ৰতিশ্ৰুতি দি কৈছিল যে, অসম চুক্তি অনুসৰি অসমীয়া লোকক সাংবিধানিক ৰক্ষাকবচ দিয়া হ'ব ৷ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন আখৰে আখৰে পালন কৰা হ'ব ৷ আকৌ কোকৰাঝাৰত প্ৰধানমন্ত্ৰীয়ে ৰাজহুৱাভাৱে কৈছিল যে, অসম চুক্তিৰ 6 নং দফা আখৰে আখৰে পালন কৰিব বিজেপি নেতৃত্বাধীন চৰকাৰে (Home Minister Amit shah) ৷

কিন্ত ৰাজ্যত বিজেপিৰ সাতবছৰৰ শাসনত এই প্ৰতিশ্ৰুতি পূৰণ নহ'ল ৷ অসমৰ মানুহে বৃহস্পতিবাৰে খানাপাৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা গৃহমন্ত্ৰীক এই বিষয়ে প্ৰশ্ন কৰিব লাগে বুলি মন্তব্য কৰে বিধায়কজনে ৷ বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটীৰ প্ৰতিবেদন ক'ত গ'ল ? চৰকাৰৰ এতিয়া স্থিতি কি ? জাতীয় সংগঠনবোৰৰ স্থিতি কি? প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বক্তব্য জুমলা আছিল নেকি বুলিও প্ৰশ্ন কৰে অখিল গগৈয়ে (MLA Akhil Gogoi) ৷

প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া দুটা বক্তব্যৰ ভিডিঅ’ সহ সংবাদ মেলত প্ৰদৰ্শন কৰে অখিল গগৈয়ে (Akhil Gogoi Press Meet) ৷

লগতে পঢ়ক: Amit Shaha Assam Visit : বৃহস্পতিবাৰে অসমলৈ আহিব অমিত শ্বাহ; গুৱাহাটীত জাৰি বিশেষ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.