New education system Assam: অসমীয়া ভাষাত অধ্যয়ন কৰি IAS, IPS হোৱাৰ কথা ক’লে অখিল গগৈয়ে

author img

By

Published : Aug 2, 2022, 8:13 PM IST

New education system Assam

অংক, বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰস্তুত কৰিব ওলোৱা সিদ্ধান্তৰ(Mathematics and science will be taught in English) তীব্ৰ বিৰোধিতা কৰিছে অখিল গগৈয়ে (MLA Akhil Gogoi)। মঙলবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যায়ত এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে প্ৰাথমিক পৰ্যায়ৰ শিক্ষাগ্ৰহণৰ একমাত্ৰ বিজ্ঞানসন্মত মাধ্যম হ’ল মাতৃভাষা আৰু ঘৰুৱা ভাষা ।

গুৱাহাটী, ২ আগষ্ট: ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক, বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰস্তুত কৰিব ওলোৱা সিদ্ধান্তৰ(Mathematics and science will be taught in English) তীব্ৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে (MLA Akhil Gogoi)। মঙলবাৰে মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যায়ত এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে প্ৰাথমিক পৰ্য্যায়ৰ শিক্ষাগ্ৰহণৰ একমাত্ৰ বিজ্ঞানসন্মত মাধ্যম হ’ল মাতৃভাষা আৰু ঘৰুৱা ভাষা । কিন্তু অসমীয়া ভাষা ধ্বংস কৰাৰ চেষ্টা কৰা বিজেপি চৰকাৰখনে শিক্ষাৰ মাধ্যম এটা বিদেশী ভাষা কৰিবলৈ যোৱাটো অবৈজ্ঞানিক আৰু অযুক্তিকৰ ।

অসমীয়া ভাষাত অধ্যায়ন কৰি IAS, IPS হোৱাৰ কথা ক’লে অখিল গগৈয়ে

গগৈয়ে কয়- মাতৃভাষা স্কুলীয়া জীৱনৰ আটাইতকৈ উত্তম মাধ্যম । বিশিষ্ট শিক্ষাবিদ চি ভি ৰমনৰ উদাহৰণ(CV raman quotes on mother language) দাঙি ধৰি অখিল গগৈয়ে কয়, মাতৃভূমিত শিক্ষা দিলে অধ্যাত্মিক শিক্ষা গ্ৰহণ কৰিব পাৰিব । তেওঁ প্ৰসংগ ক্ৰমে কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ উদাহৰণ, কোঠাৰী আয়োগৰ তথ্যও দাঙি ধৰে । তেওঁ কয়, ভাৰতৰ বাহিৰে অন্য ৰাষ্ট্ৰত মাতৃভাষাৰ সলনি অন্য ভাষাত শিক্ষা নিদিয়ে । সেয়ে তৃতীয় শ্ৰেণীৰ পৰা মাতৃভাষাৰ লগতে দ্বৈত ভাষাত শিক্ষা দিবলৈ চৰকাৰক দাবী জনায় । ইফালে চৰকাৰৰ নতুন শিক্ষা নীতি ২০২০ (New education policy 2022)ৰ কথা উল্লেখ কৰি কৰি কয় পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা বা ঘৰুৱা ভাষাত অধ্যয়ন কৰাৰ কথা উল্লেখ আছে । কিন্তু তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজীত পাঠদান কৰিব । এয়া কেনে কথা ? এয়া আমি তীব্ৰ বিৰোধিতা কৰিছো ।

এয়া নতুন শিক্ষা নীতিৰ পৰিপন্থী বুলি উল্লেখ কৰি বিধায়ক অখিল গগৈয়ে পুনৰ কয়- অসমৰ বহু ভাল ভাল ব্যক্তি অসমীয়া ভাষাত অধ্যায়ন কৰি IAS, IPS হৈছে । কিন্তু এইখন চৰকাৰে শিক্ষাৰ হাল এৰি শিয়ালক খেদিবলৈ খোজাৰ নিচিনা হৈছে । তেওঁ লগতে কয়, অসমৰ গুণগত শিক্ষা প্ৰদান নকৰাটো বিজেপি চৰকাৰৰ মূল সমস্যা । অসমৰ বহু বিদ্যাল়য়ত প্ৰয়োজীয় আন্তঁঃগাথনিৰ অভাৱ । চৰকাৰৰ সদিচ্ছাৰ অভাৱত চৰকাৰী শিক্ষা ব্যৱস্থা দিনক দিনে বেয়া হৈছে । কিন্তু শিক্ষাৰ মান উন্নত কৰাৰ কাৰণে চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিছে ! চৰকাৰে নিজৰ ব্যৰ্থতা আৰু ইছ্যু সলনি কৰাৰ কাৰণে এই কামটো কৰিব খুজিছে ।

ইফালে চৰকাৰৰ এনে শিক্ষা নীতিৰ তীব্ৰ বিৰোধিতাৰে ৰাইজৰ দলে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰাৰ কথা সদৰি কৰে । বিধয়ক গগৈৰ স্পষ্ট কথা, চৰকাৰে অসমৰ প্ৰতিখন বিদ্যালয়ত গুণগত শিক্ষাৰ মান উন্নত কৰিব লাগিব । অষ্টম শ্ৰেণীলৈ শিক্ষানীতিৰ পৰা আঁতৰি আহিবলৈ দিয়া নহ’ব । বিধানসভাত শিক্ষা ব্যৱস্থা সম্পৰ্কে আলোচনা হ’ব লাগিব । এইক্ষেত্ৰত চৰকাৰে এই বিষয়ে দল-সংগঠন আৰু বুদ্ধিজীৱিৰ সৈতে জাতীয় অভিৱৰ্তন কৰাৰ বাবে আহ্বান জনায় ।

ইফালে চৰকাৰৰ এই শিক্ষা নীতিৰ বিৰোধিতাৰে কাইলৈ এঘণ্টাৰ কাৰণে বিধানসভাৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচীত গ্ৰহণ কৰিব অখিল গগৈয়ে । তাৰোপৰি অহা ৪ তাৰিখে গুৱাহাটী আৰু ডিব্ৰুগড়ত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব । পৰৱৰ্তী সময়ত এই আন্দোলন সমগ্ৰ ৰাজ্যজুৰি বিয়পাই দিয়া হ’ব বুলি ব্যক্ত কৰে । গগৈয়ে পুনৰ কয়, বিজেপি আৰু RSS য়ে সদায় স্থানীয় ভাষাক দুৰ্বল কৰিব বিচাৰে । সেয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এডোটেক কোম্পানীৰ পৰা ধন ঘটাৰ লোভত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ তোলে বিধায়ক অখিল গগৈয়ে ।

ঝাড়খণ্ডৰ বিধায়ক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেও উক্ত ঘটনাৰ সন্দৰ্ভচ ED তদন্তৰ দাবী জনায় । মুখ্যমন্ত্ৰীৰ পদৰ পৰা হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে ঝাড়খণ্ডৰ তিনি বিধায়ক গ্ৰেপ্তাৰ হোৱা ঘটনা উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবী জনায় অখিল গগৈয়ে ।

লগতে পঢ়ক: Raj Bhavan Siege Programme : ৫ আগষ্টত ৰাজভৱন ঘেৰাও কৰিব কংগ্ৰেছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.