সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় : মমিনুল আৱাল

author img

By

Published : Sep 24, 2021, 6:48 PM IST

minority-development-board-is-not-muslims-brand-ambassador-mominul-awal

মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, জৈন, শিখকে ধৰি ৰাজ্যখনত প্ৰায় ডেৰ কোটি সংখ্যালঘু লোক আছে ৷ সংবিধানৰ গণ্ডীত থাকি এই সংখ্যালঘু লোকসকলক সকলো দিশতে আগবঢ়াই নিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় ৷ সংবাদমেলত এই মন্তব্য অসম সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালৰ ৷

গুৱাহাটী,24 ছেপ্টেম্বৰ : সংখ্যালঘু মানেই মুছলমান নহয় আৰু সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় ৷ শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এইদৰে মন্তব্য কৰে অসম সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ চৈয়দ মমিনুল আৱালে ৷ আৱালে কয় যে, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, জৈন, শিখকে ধৰি ৰাজ্যখনত প্ৰায় ডেৰ কোটি সংখ্যালঘু লোক আছে ৷ সংবিধানৰ গণ্ডীত থাকি এই সংখ্যালঘু লোকসকলক সকলো দিশতে আগবঢ়াই নিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

সংখ্যালঘু উন্নয়ন বৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয়:মমিনুল আৱাল

তেওঁ লগতে কয়, ‘‘সংখ্যালঘু লোকসকলক সকলো দিশতে আগবঢ়াই নিবলৈ বিভিন্ন চৰকাৰী বিভাগ আছে ৷ তেনেক্ষেত্ৰত সংখ্যালঘুৰ বিষয়ত কিবা কথা ওলালেই উন্নয়ন ব’ৰ্ডখনকে টানি অনা হয় ৷ যিটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ কিয়নো সংখ্যালঘু উন্নয়ন ব’ৰ্ড মুছলমানৰ ব্ৰেণ্ড এম্বেচাদৰ নহয় ৷ আৱালে কয় যে, পূৰ্বে ব’ৰ্ডৰ বিৰুদ্ধে দালালৰাজ, স্বজন তোষণকে ধৰি বিভিন্ন অভিযোগ আছিল ৷ কিন্তু 2017 চনৰপৰা তেনে কোনো অভিযোগ নাই ৷ স্বচ্ছতাৰে ব’ৰ্ডৰ কাম পৰিচালিত হৈছে’’ ৷

উল্লেখ্য যে, 2018 ৰ পৰা 2020 চনলৈ ব’ৰ্ডে 1369 গৰাকী সংখ্যালঘু ছাত্ৰ-ছাত্ৰীক মেধাৰ ভিত্তিত চিকিৎসাৰ লগত জড়িত পাঠ্যক্ৰমত শিক্ষা গ্ৰহণৰ সুবিধা দিছে ৷ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ তালিকা সকলোৱে চাব পৰাকৈ বৰ্ডৰ ৱেবচাইটত সংলগ্ন কৰা হৈছে ৷

আৱালে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বৰ্ডত দালালৰাজৰ অন্ত পৰা বুলি দাবী কৰি তেওঁৰ কাৰ্যকালত ব’ৰ্ডলৈ আৱণ্টিত পুঁজিৰ খতিয়ান দাঙি ধৰে ৷ তেওঁ জনোৱা মতে 2017-18 বিত্তীয় বৰ্ষত ব’ৰ্ডৰ বাবে চৰকাৰে 12 কোটি টকা ধাৰ্য কৰিছিল যদিও 90 লাখ টকা মোকলাই দিয়ে ৷ 2018-19 বিত্তীয় বৰ্ষত 13 কোটি 20 লাখ টকা ধাৰ্য কৰাৰ বিপৰীতে মোকলাই দিয়ে 11 কোটি 83 লাখ 77 হাজাৰ 300 টকা ৷

লগতে পঢ়কঃ ছিপাঝাৰৰ ধলপুৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি

একেদৰে 2019-20 ত 16 কোটি 8 লাখ টকা ধাৰ্য কৰা হৈছিল ৷ কিন্তু মোকলাই দিয়ে 16 কোটি 1 লাখ 22 হাজাৰ 970 টকা ৷ 2020-21 চনত 13 কোটি 30 লাখ টকা ধাৰ্য কৰাৰ বিপৰীতে মোকলাই দিয়ে 9 কোটি 69 লাখ 65 হাজাৰ 76 টকা ৷ চলিত বিত্তীয় বৰ্ষত 10.50 কোটি টকা চৰকাৰে ধাৰ্য কৰিছে যদিও চৰকাৰৰ পৰা বৰ্তমানলৈ পুঁজি আৱণ্টন পোৱা নাই ৷ তেওঁ জনোৱা মতে 4 টা বিত্তীয় বৰ্ষত 54 কোটি 58 লাখ টকা বাজেটত ধাৰ্য কৰাৰ বিপৰীতে ব’ৰ্ডে লাভ কৰে 38 কোটি 44 লাখ 65 হাজাৰ 355 টকা ৷

লগতে পঢ়কঃ ছিপাঝাৰৰ ঘটনাৰ আঁৰত তৃতীয় শক্তি আছে : ৰাজ্যিক বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.