Akhil Gogoi vs Assam Govt : চৰকাৰে ঋণ লোৱাৰ সপক্ষে যুক্তি মন্ত্রী পীযুষ হাজৰীকাৰ

author img

By

Published : Mar 14, 2023, 8:15 PM IST

minister pijush hazarika react on comment of mla akhil gogoi

অসম চৰকাৰে লোৱা ঋণৰ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰীকাৰ স্পষ্টীকৰণ । চৰকাৰে লোৱা ঋণৰ প্ৰসংগত যুক্তি মন্ত্ৰী পীযুষৰ । বৃহৎ পৰিমাণৰ ঋণ লোৱা দেশৰ ১০ খন ৰাজ্যৰ ভিতৰত অসম নাই (Pijush Hazarika reacted on Assam govt debt) ।

চৰকাৰে ঋণ লোৱাৰ সপক্ষে যুক্তি মন্ত্রী পীযুষ হাজৰীকাৰ

গুৱাহাটী, ১৪ মাৰ্চ : অসম চৰকাৰে কিয় ঋণ ল'বলগা হৈছে ? অসম চৰকাৰে ঋণ লোৱাৰ প্ৰসংগত যুক্তি আগবঢ়ালে মন্ত্রী পীযুষ হাজৰীকাই । উল্লেখ্য যে, অসম বিধানসভাৰ বাজেট অধিবেশনৰ মঙলবাৰে তৃতীয়দিনা চৰকাৰে ওলোৱা ঋণৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi on Assam govt debt) । বিধানসভা চৌহদত অখিল গগৈয়ে প্ৰতিকী ৰূপত অসম চৰকাৰে লোৱা 'অসমৰ ঋণ'ৰ তথ্য দাঙি ধৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । বিধায়ক অখিল গগৈয়ে কৰা সমালোচনাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্রী পীযুষ হাজৰিকাই (Pijush Hazarika reacted on Assam govt debt) ।

তেওঁ কয় যে, অখিল গগৈয়ে যাক আদৰ্শ হিচাপে মানে তথা যাৰ সহযোগী, তাতেই অৰ্থাৎ কেৰালাৰ ঋণ দেশৰ ভিতৰতে বেছি । বৃহৎ পৰিমাণৰ ঋণ লোৱা দেশৰ ১০ খন ৰাজ্যৰ ভিতৰত অসম নাই । অসম বহু পিচত আছে । তেওঁ কয় যে, এফ আৰ বি এম এক্ট (FRBM Act) আৰু ৰিজাৰ্ভ বেংকৰ গাইড লাইন অনুসৰি ঋণ লোৱা হয় (RBI guideline on govt debts) । আইন মতেহে ঋণ ল'ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে, অসম চৰকাৰে যিমান ঋণ ল'ব পাৰে সিমান ঋণ লোৱা নাই ।

ইয়াৰ বাবে তেওঁ গৌৰৱ কৰে বুলি সদৰী কৰি কয় যে, বিধায়ক অখিল গগৈয়ে কথাবোৰ জানিও নজনাৰ ভাও ধৰে । ল'ব পৰাতকৈ কম ঋণ লোৱাৰ পাছতো যদি অখিল গগৈৰ অসুবিধা থাকে তেন্তে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিত ঋণৰ টকাৰে একো কাম কৰিব নালাগে বুলি কৈ দিয়ক বুলি তেওঁ অখিল গগৈক প্ৰত্যাহ্বান জনায় । লগতে তেওঁ কয় যে, অখিল গগৈয়ে ঋণৰ টকাৰে সমষ্টি উন্নয়ন নকৰো বুলি কেতিয়াও ক'ব নোৱাৰে ।

উল্লেখ্য যে, অসম বিধানসভাৰ বাজেট অধিবেশনৰ তৃতীয়দিনা ঋণৰ প্ৰসংগত সৰৱ হয় অখিল গগৈ । তেওঁ বিধানসভা চৌহদত প্ৰতীকী ৰূপত অসম চৰকাৰে লোৱা খতিয়ান দাঙি ধৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে । আনহাতে, সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে । অখিল গগৈয়ে প্ৰকাশ কৰা মতে, অসম চৰকাৰে শোহতীয়াভাৱে আৰু ৪২০০ কোটি টকাৰ ঋণ লৈছে ।

যাৰ ফলত আজিৰ দিনটোত অসমৰ মুঠ ঋণৰ পৰিমাণ হৈছে ১,৩১,২৭৩ কোটি টকা (MLA Akhil Gogoi reacted on Assam Govt loans) । যাৰ বাবে অসমৰ প্ৰতিজন নাগৰিকৰ মূৰত এতিয়া ৩৮ হাজাৰকৈ ঋণৰ বোজা বুলি কয় অখিল গগৈয়ে ।

লগতে পঢ়ক : Debt on Assam govt: এটি শিশুৱে ল’ব লাগে ৪৮ হাজাৰ টকাৰ ধাৰৰ বোজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.