প্ৰতিবাদ কৰা জলমিত্ৰসকলক কামৰ পৰা আঁতৰাই দিয়া হ’ব বুলি ধমক জয়ন্ত মল্ল বৰুৱাৰ

author img

By

Published : Sep 29, 2022, 10:14 PM IST

প্ৰতিবাদ কৰা জলমিত্ৰসকলক কামৰ পৰা আঁতৰাই দিয়া হ’ব বুলি ধমক জয়ন্ত মল্ল বৰুৱাৰ

‘‘প্ৰতিবাদ কৰা জলমিত্ৰসকলক কামৰ পৰা আঁতৰাই দিয়া হ’ব ৷ এতিয়াৰ পৰা জলমিত্ৰসকলে কাম কৰি জল জীৱন মিছন সফল কৰিব লাগিব । তাৰ বিনিময়ত 6500 টকা দিয়াৰ বাবে নিৰ্ধাৰণ কৰিছোঁ’’ । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ধমক (Jayanta Malla Baruah threats Jal Mitra) ৷

গুৱাহাটী, 29 ছেপ্টেম্বৰ: প্ৰতিবাদ কৰা জলমিত্ৰসকলক কামৰ পৰা আঁতৰাই দিয়া হ’ব বুলি ধমক দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Jayanta Malla Baruah threats Jal Mitra)।

স্বচ্ছ ভাৰত অভিযানৰ অষ্টম বৰ্ষপূৰ্তিৰ উপলক্ষে বৃহস্পতিবাৰে অসম চৰকাৰৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি জল জীৱন আঁচনিৰ জলমিত্ৰই চাকৰি নিয়মীয়াকৰণৰ বাবে কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)৷

প্ৰতিবাদ কৰা জলমিত্ৰসকলক কামৰ পৰা আঁতৰাই দিয়া হ’ব বুলি ধমক জয়ন্ত মল্ল বৰুৱাৰ

তেওঁ কয় যে, জলমিত্ৰসকলে আগতে কাম নকৰাকৈ আছিল । এতিয়াৰ পৰা জলমিত্ৰসকলে কাম কৰি জলজীৱন মিছন সফল কৰিব লাগিব । তাৰ বিনিময়ত 6500 টকা দিয়াৰ বাবে নিৰ্ধাৰণ কৰিছোঁ । কিন্তু প্ৰথম দিনাৰ পৰাই প্ৰতিবাদত নামিলে সহ্য কৰা নহ’ব ।

আন্দোলন কৰা জলমিত্ৰসকলৰ(Protest by Jal Mitra) পৰিৱৰ্তে বেলেগ মানুহক নিয়োগ কৰা হ’ব বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী বৰুৱাই কয় যে, অসমত কেঁচা শৌচালয় বহু আছিল । যাৰ বাবে বীজাণুৰ দ্বাৰা সংক্ৰমণ হৈ বেমাৰত পৰিছিল মানুহ । প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ পাচত 2019 চনৰ পৰা মুকলি শৌচাগাৰ নাই বুলি ক’ব পৰা হ’ল ।

তেওঁ কয়, "পঞ্চায়তবোৰ সবল হৈ উঠা নাই । দলীয় কিছু কথাৰ বাবে পঞ্চায়তৰ মূল কামত বাধা অহা লক্ষ্য কৰা হৈছে । শক্তিশালী ৰূপত কাম কৰাত ব্যৰ্থ হৈছে বহু পঞ্চায়ত । কিন্তু আগন্তুক পঞ্চায়ত নিৰ্বাচনত ইয়াৰ সংস্কাৰৰ বাবে ব্যৱস্থা কৰা হ’ব’’ ।

চৰকাৰে সকলো কৰা পাচতো পঞ্চায়তৰ প্ৰতিনিধিয়ে কাম আগবঢ়াই নিয়া নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘‘আঁচনিসমূহৰ মেৰামতিৰ বাবে ব্যৱস্থা ভালদৰে কৰিব লাগিব । আঁচনিৰ মেৰামতি আৰু পৰিচালনাৰ ধন পঞ্চদশ বিত্তীয় আয়োগৰ(Fifteenth Finance Commission) জৰিয়তে চৰকাৰে দিব । কিন্তু চৰকাৰৰ ধনৰ ওপৰত ভৰসা কৰি পঞ্চায়ত বহি থাকিলে নহ’ব’’ ।

লেতেৰা পানী খাই ৰাইজৰ বেমাৰত যিমান টকা গৈছিল তাৰ তুলনাত বিশুদ্ধ পানীৰ বাবে 100-200 টকা ৰাইজৰ পৰা ল’লে একো লোকচান নহয় বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah on water tax)৷ জলজীৱন মিছনৰ পানী লাভ কৰা লোকসকলৰ পৰা মাচুল সংগ্ৰহৰো আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।

তেওঁ লগতে কয়, ‘‘পঞ্চায়ত প্ৰতিনিধিৰ ওপৰত ৰাইজৰ সন্দেহ আছে । কাৰণ পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজৰ সৈতে আলোচনা নকৰে । কেৱল মনে মনে কাগজত কাম কৰি থৈ দিয়ে । পঞ্চায়ত সচিবক ভৰসা কৰি সভাপতি চলিব নালাগে । পঞ্চায়ত সচিবগৰাকীয়ে প্ৰথম দিনাই বেয়া কথা মূৰত সুমুৱাই দিয়ে’’ ।

এতিয়া লুকাই চোৰকৈ কাম কৰা সময় নাই বুলি মন্তব্য কৰি সকলো হিচাপ মুকলিভাৱে দিব লাগে বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই । লগতে তেওঁ কয়, ‘‘বহিঃৰাজ্যৰ পঞ্চায়ততকৈ বহু পিছপৰা অসমৰ পঞ্চায়ত । NGOক লাভান্বিত কৰাৰ বাবে স্বচ্ছ ভাৰত অভিযান নচলিব’’।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, এতিয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকেও নাজানে চাকৰি থাকে নে নাই । গধূলি লৈ নিলম্বন হৈ যাব পাৰে । দুৰ্নীতি সহ্য কৰা নহ’ব বুলি পঞ্চায়ত প্ৰতিনিধিক সকিয়নী দিয়ে জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক: ৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ বৈশিষ্ট্য নাই : আক্ৰাছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.