Milk price hike in Guwahati: মহানগৰীত পুনৰ বৃদ্ধি গাখীৰৰ মূল্য

author img

By

Published : Aug 1, 2022, 2:14 PM IST

Milk price hike in Guwahati

ৰাজ্য়খনত হোৱা ভয়াবহ বানৰ পিছত নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ ৰাইজক । ইয়াৰ মাজতে সোমবাৰৰ পৰা মহানগৰীৰ বজাৰত পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য(Milk price hike in Guwahati)।এই মূল্য বৃদ্ধিৰ বিষয়ে সদৰী কৰিছে বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাই ।

গুৱাহাটী, ২৭জুলাই: ৰাজ্য়খনত হোৱা ভয়াবহ বানৰ পিছত নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ ৰাইজক । ৰাইজৰ প্ৰবল প্ৰতিবাদৰ পিছতো ইতিমধ্যে ১৮ জুলাইৰ পৰা বৃদ্ধি পাইছে ২১ বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম(GST imposed on twenty one food items) ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, বাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি ভৰিছে জনতাই ৷

কিন্তু মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ সময়তেই সোমবাৰৰ পৰা মহানগৰীৰ বজাৰত পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য ৷

গুৱাহাটীৰ বজাৰত প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হৈছে ৫৭.৪০ টকা আৰু খুচুৰা মূল্য় ৬০ টকা(Again Milk price hike in Guwahati)। আজি মূল্য বৃদ্ধিৰ বিষয়ে সদৰী কৰিছে বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাই । সন্থাৰ সভাপতি পদম বাচনেটে কয় যে পশু খাদ্যৰ দাম বৃদ্ধি হোৱাৰ বাবে বৃহত্তৰ গুৱাহাটী গো পালক সন্থাই আজিৰে পৰা ৪ টকাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধি কৰিছে(Price hike in Milk) । তেওঁকৰ সিন্ধান্তৰ প্ৰতি সমৰ্থন জনায় বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাইও ৪ টকাকৈ গাখীৰৰ মূল্য বৃদ্ধি কৰিছে ।

উল্লেখ্য় যে গৰুখুটিৰ পৰা গাখীৰ ব্যৱসায়ী সকলে প্ৰতি লিটাৰ গাখীৰ ৫৪ টকাকৈ ধাৰ্য কৰা বুলি জানিব পৰা গৈছে । পূৰ্বতে গৰুখুটিৰ মূল্য আছিল প্ৰতি লিটাৰত ৫০ টকা । পূৰ্বে প্ৰতিলিটাৰ গাখীৰৰ মূল্য পাইকাৰী বজাৰ আছিল ৫৩.৪০ আৰু এতিয়া ইয়াৰ মূল্য হ'ল ৫৭.৪০ টকা । তদুপৰি প্ৰতিলিটাৰ গাখীৰত খুচুৰা মূল্য ৫৬ টকাৰ পৰা ৬০ টকালৈ বৃদ্ধি পালে ।

লগতে পঢ়ক:Price hike in Milk: পহিলা আগষ্টৰ বৃদ্ধি পাব গাখীৰৰ দাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.