Price hike in Milk: পহিলা আগষ্টৰ বৃদ্ধি পাব গাখীৰৰ দাম

author img

By

Published : Jul 27, 2022, 10:23 PM IST

milk-price-hike-from-august-in-guwahati

মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজলৈ আহিল আন এক দুখবৰ ! পহিলা আগষ্টৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাব গাখীৰৰ মূল্য (Milk price hike from August in Guwahati) ৷ কিমান টকাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ গাখীৰত পঢ়ক সবিশেষ...

গুৱাহাটী, 27 জুলাই : নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ জনতাক । ইতিমধ্যে ১৮ জুলাইৰ পৰা বৃদ্ধি পাইছে ২১ বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম (GST imposed on twenty one food items) ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, বাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি ভৰিব লাগিব জনতাই ৷

কিন্তু এয়াই শেষ নহয় মূল্যবৃদ্ধিয়ে কোঙা কৰা সৰ্বসাধাৰণ ৰাইজলৈ আহিল আন এক দুখবৰ ! কাৰণ পহিলা আগষ্টৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি পাব গাখীৰৰ মূল্য ৷ গুৱাহাটীৰ বজাৰত প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য হ'ব ৫৭.৪০ টকা আৰু খুচুৰা মূল হ'ব ৬০ টকা এই কথা বুধবাৰে এক সংবাদমেলযোগে সদৰী কৰে বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাই (Milk price hike from August in Guwahati) ।

পহিলা আগষ্টৰ বৃদ্ধি পাব গাখীৰৰ দাম

সংবাদমেল সম্বোধন কৰি সন্থাৰ সভাপতি পদম বাচনেটে কয় যে, পশু খাদ্যৰ দাম বৃদ্ধি হোৱাৰ বাবে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই এক আগষ্টৰ পৰা ৪ টকাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Price hike in Milk) ।

তেওঁলোকৰ এই সিদ্ধান্তৰ প্ৰতি সমৰ্থন জনাই বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাইও ৪ টকাকৈ গাখীৰৰ মূল্য পহিলা আগষ্টৰ পৰা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে । পহিলা আগষ্টৰ পৰা গৰুখুটিৰ পৰা গাখীৰ ব্যৱসায়ীসকলে প্ৰতি লিটাৰ গাখীৰ মূল্য ৫৪ টকাকৈ ক্ৰয় কৰিব লাগিব । পূৰ্বতে গৰুখুটিৰ প্ৰতি লিটাৰ গাখীৰৰ মূল্য আছিল ৫০ টকা । তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ীসকলে ৪ টকাকৈ প্ৰতিলিটাৰ গাখীৰৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৷

লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গঠন কৰা টাস্ক ফ'ৰ্চ নিষ্ক্ৰিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.