শুকুৰ-শনিবাৰে ৰাজ্যৰ ভিন্ন স্থানত হালধীয়া এলাৰ্ট জাৰি
Published: Nov 17, 2023, 7:21 PM

শুকুৰ-শনিবাৰে ৰাজ্যৰ ভিন্ন স্থানত হালধীয়া এলাৰ্ট জাৰি
Published: Nov 17, 2023, 7:21 PM
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিলে বতৰৰ আগজাননী । বে' অফ বেংগল সাগৰপৃষ্ঠত উৎপত্তি হোৱা ৬০/৭০ কিলোমিটাৰ গতিবেগৰ ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰৰ ৰাজ্যত বৰষুণৰৰ সম্ভৱনা ব্যক্ত কৰিলে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । শুকুৰবাৰ আৰু শনিবাৰে ৰাজ্যৰ বিভিন্ন স্থানত হালধীয়া এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
গুৱাহাটী,১৭ নৱেম্বৰ: শৰতক বিদায় দি লাহে লাহে শীত নামিছে । সেমেকি পৰিছে ৰাজ্যৰ পৰিৱেশ । ইয়াৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিলে বতৰৰ আগজাননী । বে' অফ বেংগল সাগৰপৃষ্ঠত উৎপত্তি হোৱা ৬০/৭০ কিলোমিটাৰ গতিবেগৰ ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰৰ ৰাজ্যত বৰষুণৰৰ সম্ভৱনা ব্যক্ত কৰিলে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
শুকুৰবাৰ আৰু শনিবাৰে ৰাজ্যৰ বিভিন্ন স্থানত হালধীয়া এলাৰ্ট জাৰি কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । শুকুৰবাৰ আৰু শনিবাৰে ৰাজ্যৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ উপৰিও দক্ষিণ অসমৰ জিলাসমূহৰ কিছু ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভৱনা ব্যক্ত কৰে । ঠিক একেদৰে বতৰ বিজ্ঞানীয়ে অসমৰ লগতে মেঘালয়, নাগালেণ্ড মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত হালধীয়া এলাৰ্ট জাৰি কৰিছে । ইফালে অহা ১৯ আৰু ২০ নৱেম্বৰত বতৰ শুকান হ'ব বুলি জানিবলৈ দিয়ে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ।
ইয়াৰোপৰি শুকুৰবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে ৰাজ্য তথা উত্তৰ-পূৰ্বাঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা তললৈ নামিছে । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যখনত শুকুৰবাৰেৰ ন্যূনতম সৰ্বনিম্ন তাপমাত্ৰা তিনিচুকীয়াত ১৪.০ ডিগ্ৰী চেলছিয়াছ আৰু কালিৰ সৰ্বাধিক সৰ্বোচ্চ তাপমাত্ৰা লখিমপুৰত ৩০.২ ডিগ্ৰী চেলছিয়াছ হৈছিল । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে শুকুৰবাৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সৰ্বনিম্ন তাপমাত্ৰা ১৭ ডিগ্ৰীৰ তললৈ নামিছে ।
তথ্যমতে শুকুৰবাৰে শ্বিলঙত সৰ্বনিম্ন তাপমাত্ৰা ১১.২ ডিগ্ৰী, চেৰাপুঞ্জীত সৰ্বনিম্ন তাপমাত্ৰা ১৬ ডিগ্ৰী, বৰাপানীত সৰ্বনিম্ন তাপমাত্ৰা ১৬.৫ ডিগ্ৰী, কহিমাত সৰ্বনিম্ন তাপমাত্ৰা ৯.৪ ডিগ্ৰী, তিনিচুকীয়াত সৰ্বনিম্ন তাপমাত্ৰা ১৪ ডিগ্ৰী আৰু উত্তৰ লখিমপুৰত সৰ্বনিম্ন তাপমাত্ৰা ১৬.৫ ডিগ্ৰী হৈছে ।
