APSC Job Scam: APSC ৰ ভুল সিদ্ধান্তৰ বাবে চাকৰিৰ পৰা বঞ্চিত মেধাৱী ছাত্ৰী

author img

By

Published : Aug 9, 2022, 9:52 PM IST

Meritorious students deprived of jobs for wrong decision of APSC

"আমাৰ জীৱনৰ লগত হেতালি নেখেলিব ৷ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো যে গাৰ্লছ পলিটেকনিকৰ চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিঙৰ ছাত্ৰীসকলৰ লগত যি অন্যায় হৈছে তাৰ বিৰুদ্ধে তদন্ত কৰিব লাগে ৷ আমাক ন্যায় লাগে ৷" এইবাৰ বামুনিমৈদামৰ গাৰ্লছ পলিটেকনিকৰ এগৰাকী ছাত্ৰীয়ে APSC ৰ ভুল সিদ্ধান্তৰ বাবে চাকৰিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন হৈছে (Meritorious students deprived of jobs for wrong decision of APSC) ৷

গুৱাহাটী, ৯ আগষ্ট: "আমাৰ জীৱনৰ লগত হেতালি নেখেলিব ৷ আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ডাঙৰীয়াক অনুৰোধ জনাইছো যে গাৰ্লছ পলিটেকনিকৰ চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিঙৰ ছাত্ৰীসকলৰ লগত যি অন্যায় হৈছে তাৰ বিৰুদ্ধে তদন্ত কৰিব লাগে ৷ আমাক ন্যায় লাগে ৷"

ইটোৰ পিছত সিটো বিতৰ্কই লগ নেৰা হৈছে APSC ক (APSC Job Scam)৷ পুনৰ আন এক বিতৰ্কত সোমাই পৰিছে অসম লোকসেৱা আযোগ ৷ এইবাৰ বামুনিমৈদামৰ গাৰ্লছ পলিটেকনিকৰ এগৰাকী ছাত্ৰীয়ে APSC ৰ ভুল সিদ্ধান্তৰ বাবে চাকৰিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে (Meritorious students deprived of jobs for wrong decision of APSC) ৷

APSC ৰ ভুল সিদ্ধান্তৰ বাবে চাকৰিৰ পৰা বঞ্চিত মেধাৱী ছাত্ৰী

মঙলবাৰে মহানগৰীৰ বামুনিমৈদামৰ গাৰ্লছ পলিটেকনিক (Girls polytechnic) ৰ চৌহদত এক সংবাদমেল সম্বোধন কৰি APSC ৰ বিৰুদ্ধে সৰৱ হৈ পৰে গাৰ্লছ পলিটেকনিকৰ পৰা উত্তীৰ্ণ হোৱা চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লানিঙৰ ডিপ্ল’মাধাৰী ছাত্ৰী কাঞ্চন হাজৰিকাই ৷ APSC ৰ ভুলৰ বাবে চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লানিঙৰ ছাত্ৰীসকলৰ লগত অন্যায় হৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰে ছাত্ৰীগৰাকীয়ে ৷

লগতে তেওঁ কয় যে অন্য চিভিল ইঞ্জিনিয়াৰিঙৰ শিক্ষাৰ্থীৰ দৰে তেওঁলোকো চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লানিং বিভাগৰেই ছাত্ৰী ৷ অন্যান্য চিভিল ইঞ্জিনীয়াৰিং এণ্ড প্লানিঙৰ পাঠ্যক্ৰমৰ দৰেই তেওঁলোকেও একেই পাঠ্যক্ৰম অধ্যয়ণ কৰি আহিছে ৷ কিন্তু তাৰ পিছতো চলিত বৰ্ষত APSC ৰ অধীনত হোৱা চৰকাৰী কেবাটাও বিভাগ- PWD, জলসিঞ্চন, PNRD আদি বিভাগৰ কনিষ্ঠ অভিযন্তাৰ পদৰ পৰীক্ষাত ছাত্ৰীসকলে অৱতীৰ্ণ হৈছিল যদিও তেওঁলোকক চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লানিঙৰ ছাত্ৰী বুলি চাকৰিৰ পৰা বঞ্চিত কৰিছিল ৷

ছাত্ৰীগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি কয় যে মেধাৰ ভিত্তিত বহু ছাত্ৰীয়ে চৰকাৰী বিভাগৰ কেবাটাও পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল ৷ পিছে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলে কণিষ্ঠ অভিযন্তাৰ পৰীক্ষাত উত্তীৰ্ণ হৈও বঞ্চিত হ’ব লগা হৈছে চাকৰিৰ পৰা ৷

ভুক্তভোগী ছাত্ৰীগৰাকীয়ে কয় যে APSC য়ে গাৰ্লছ পলিটেকনিকৰ চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিং ডিপ্লোমাধাৰী হোৱাৰ বাবেই ছাত্ৰী কেইগৰাকীৰ নাম তালিকাৰ পৰা বাতিল কৰে ৷ মূলতঃ APSC য়ে চিভিল ইঞ্জিনীয়াৰিং এণ্ড প্লেনিং ডিপ্লমা ডিগ্ৰীধাৰীক মান্যতা দিব বিচৰা নাই বুলি ছাত্ৰীসকলে অভিযোগ কৰে ৷

ইতিমধ্যে APSC ৰ সিদ্ধান্তৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰীসকলে গুৱাহাটী উচ্চতম ন্যায়ালয়লৰ দ্বাৰাস্থ হৈছে ৷ সম্প্ৰতি গুৱাহাটী উচ্চতম ন্যায়ালয়ত গোচৰতো বিচৰাধীন হৈ আছে ৷

লগতে পঢ়ক: Fraud arrested: বৰপেটাত জাল মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰ প্ৰস্তুত চক্ৰৰে জড়িত দুজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.