Assam Arunachal Border Issue : অসম অৰুণাচলৰ বিবদমান অঞ্চল সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Jan 24, 2023, 2:46 PM IST

Updated : Jan 24, 2023, 4:25 PM IST

Border Issue

অসম-অৰুণাচলৰ বিবদমান অঞ্চলক লৈ গুৰুত্বপূৰ্ণ বৈঠক (Assam Arunachal border issue review meeting) । গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত অনুষ্ঠিত এই বৈঠকত অংশগ্ৰহণ কৰে অসম আৰু অৰুণাচলৰ মন্ত্ৰী তথা বিধায়ক আৰু আঞ্চলিক সমিতিৰ সদস্যসকলে । বৈঠকত অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ বিবদমান ৫৭ খন গাঁও সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰা হয় ।

অসম অৰুণাচল সীমা সমস্যা সন্দৰ্ভত গুৱাহাটীত বৈঠক

গুৱাহাটী, ২৪ জানুৱাৰী : গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিস্থিত ৰণ্টামৌলি পেলেচত অসম আৰু অৰুণাচল সীমান্তৰ বিবদমান অঞ্চলক লৈ সোমবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় (Assam Arunachal border issue review meeting) । অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, ৰণোজ পেগু, বিধায়ক ভুৱন পেগু, অৰুণাচলৰ দুই মন্ত্রী আৰু কেইবাজনো বিধায়কে এই বৈঠকত অংশগ্ৰহণ কৰে । লগতে দুয়োখন ৰাজ্যৰে তিনিখন ৰিজিঅ'নেল কমিটীৰ সদস্যসকলেও বৈঠকত অংশগ্ৰহণ কৰে (Assam Arunachal border conflict) ।

মুখ্যত অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজি জিলাৰ বিবদমান ৫৭ খন গাঁও সন্দৰ্ভত এই আলোচনা অনুষ্ঠিত কৰা হয় । উক্ত বৈঠকত বিবদমান ৫৭ খন গাঁৱৰ প্ৰতিখনৰে এখন এখনকৈ পৰ্যালোচনা কৰা হয় । উল্লেখ্য, ইয়াৰ পূৰ্বেও ইটানগৰত এই সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হৈছিল (minister level meeting of Assam Arunachal) । উক্ত বৈঠকৰ আলোচনা ১০০ শতাংশ সফল নহ'লেও ৯৫ শতাংশ সফল হোৱাৰ দাবী কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বিবদমান ৫৭ খন গাঁৱৰ স্থানীয় ৰাইজে কি বিচাৰে তাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে । বিবদমান অঞ্চলসমূহক লৈ প্রয়োজনত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনা অনুষ্ঠিত হ'ব । আলোচনাৰ অন্তত প্ৰতিবেদন কেন্দ্ৰীয় চাৰকালৈ প্ৰেৰণ কৰাৰ কথাও অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে ।

উল্লেখ্য, লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰে সংলগ্ন অসম আৰু অৰুণাচলৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশৰ স্থায়ী সমাধান সূত্ৰ নিৰূপণৰ বাবে ইয়াৰ পূৰ্বেও কেইবালানি আলোচনা অনুষ্ঠিত হৈছে । শেহতীয়াভাৱে ৯ জানুৱাৰীত অনুষ্ঠিত হয় তেনে এক বৈঠক । উক্ত বৈঠকত পাৰস্পৰিক বুজাবুজিৰ আধাৰত সোমবাৰে অসম আৰু অৰুণাচল প্ৰদেশ উভয়ে সহমতত উপনীত হয় ৷ লখিমপুৰ, শোণিতপুৰ (বিশ্বনাথ) আৰু পাপুমপাৰে জিলা সংলগ্ন অংশত অসম-অৰুণাচল প্ৰদেশৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত গঠন কৰি দিয়া আঞ্চলিক সমিতি দুখনৰ মাজত প্ৰায় 8 ঘণ্টাজোৰা বৈঠক (Discussion on Assam Arunachal border conflict) অনুষ্ঠিত হয় ৷

সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতিৰ মাজত ইটানগৰত অনুষ্ঠিত গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠক সফলতাৰে সম্পন্ন হয় ৷ ইটানগৰস্থিত অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত এই বৈঠকত ৰাজ্য দুখনৰ তিনিখন জিলাই সামৰা আন্তঃৰাজ্যিক সীমান্তৰ অৱশিষ্ট বিবদমান অংশসমূহক লৈ উভয় পক্ষই ঐতিহাসিক বুজাবুজিত উপনীত হ'বলৈ সক্ষম হয় ৷

দুয়ো ৰাজ্যৰ আঞ্চলিক সমিতিক নেতৃত্ব দিয়া অৰুণাচলৰ শিক্ষামন্ত্ৰী তেবা টেডিৰ আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ যৌথ অধ্যক্ষতাত ইটানগৰৰ ৰাজ্যিক সচিবালয়ত অনুষ্ঠিত উক্ত বৈঠকত লখিমপুৰ আৰু শোণিতপুৰ (বিশ্বনাথ অংশ) জিলাৰে সৈতে অৰুণাচলৰ পাপুমপাৰে জিলা সংলগ্ন সীমান্তৰ বিবদমান অংশক লৈ পুনৰবাৰ সৌহাৰ্দপূৰ্ণ পৰিৱেশত বিস্তাৰিতভাৱে আলোচনা কৰা হয় (Regional committees for Assam Arunachal conflict) ।

লগতে পঢ়ক :State BJP Executive : লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ লক্ষ্যৰে মৰিগাঁৱত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক

Last Updated :Jan 24, 2023, 4:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.