আগন্তুক 72 ঘন্টাৰ ভিতৰত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

author img

By

Published : Sep 18, 2021, 3:23 PM IST

medium to havy rain maight hit the state witheen 72 hours

ম্লান পৰিব পাৰে নেকি আগন্তুক দূৰ্গা পূজাৰ প্ৰস্তুতিত ! আগন্তুক 72 ঘন্টাৰ ভিতৰত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ৷

নিউজ ডেস্ক,18 ছেপ্তেম্বৰ: সমাগত দূৰ্গা পূজা ৷ দূৰ্গা পূজাৰ বাবে চৰকাৰী নীতি-নিৰ্দেশনা মানি দূৰ্গা পূজা কমিটি সমূহেও আৰম্ভ কৰিছে প্ৰস্তুতি ৷ কাল কৰ’ণাৰ মাজতে আপুনিও নিশ্চয় দূৰ্গা পূজাৰ বাবে কৰিছে কিছু প্ৰস্তুতি ৷ কিন্তু এইবাৰ আপোনাৰ প্ৰস্তুতিত বিধি পথালি দিব পাৰে বতৰে ৷ কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা তথ্য অনুসৰি, আগন্তুক 72 ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।

medium to havy rain maight hit the state witheen 72 hours
আগন্তুক 72 ঘন্টাৰ ভিতৰত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা

এফালে গৰমে দহিছে ৰাজ্যবাসীক ৷ এই গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা সতৰ্কতাই যেন ইংগিত দিছে, শৰতৰ বোকোচাত উঠি ধৰালৈ শীত আহিছে ৷ সতৰ্কতা অনুসৰি আগন্তুক মঙলবাৰ পৰ্যন্ত বিশেষকৈ গুৱাহাটী মহানগৰীকে ধৰি দাঁতি কাষৰীয়া অঞ্চল সমূহতো প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে ।

medium to havy rain maight hit the state witheen 72 hours
ম্লান পৰিব নেকি আগন্তুক দূৰ্গা পূজা !

লগতে পঢ়ক: ৰাষ্ট্ৰীয় জিমনাষ্টিকছ দিৱস 2021

প্ৰৱল বৃষ্টিপাতৰ ফলত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত হ্ৰাস পাব তাপমাত্ৰ । যাৰ ফলত মহানগৰবাসীয়েও কিছু পৰিত্ৰাণ পাব পাৰে উৎকট গৰমৰ পৰা । এই সময়চোৱাত গুৱাহাটী মহানগৰীত প্ৰায় ২৬ ডিগ্ৰী ছেলচিয়াচ পৰ্যন্ত নামিব পাৰে তাপমাত্ৰাৰ পৰিমাণ ।

কেৱল গুৱাহাটী মহানগৰীতেই নহয় উজনি অসমৰ বিভিন্ন প্ৰান্ততটো এই প্ৰৱল বৃষ্টিপাতে তাপমাত্ৰাৰ ওপৰত প্ৰভাৱ পেলাব ৷ যোৰহাট, শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ, ধেমাজিৰ লগতে নামনি অসমৰ বিভিন্ন প্ৰান্ততো প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে ৷ এই বৃষ্টিপাতে দৈনন্দিন জীৱনতো পেলাব প্ৰভাৱ ৷

medium to havy rain maight hit the state witheen 72 hours
প্ৰৱল বৃষ্টিপাতৰ ফলত গুৱাহাটী হ্ৰাস পাব তাপমাত্ৰ

লগতে পঢ়ক: মেগা টীকাকৰণ : এদিনতে ৭.৪২ লাখ লোকৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলটো প্ৰচুৰ বৰষুণ হ’ব পাৰে । আগন্তুক মঙলবাৰ পৰ্যন্ত অসমৰ উপৰিও নাগালেণ্ড, মনিপুৰ, মেঘালয় আৰু ছিকিমত ধাৰাসাৰ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ এই বৰষুণেই হয়তো নমাই আনিব শীত ৷ হয়তো এই বৰষুণে বিধি পথালি দিব পাৰে আগন্তুক দূৰ্গা পূজাৰ প্ৰস্তুতিতো ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় কুংফু চেম্পিয়নশ্বিপলৈ সাজু নাৰায়ণপুৰৰ খেলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.