ব্যক্তিগত খণ্ডলৈ পৌৰ নিগমৰ কৰ সংগ্ৰহৰ দায়িত্ব: মুকলি সমৰ্থন মেয়ৰ মৃগেন শৰণীয়াৰ

author img

By

Published : Sep 24, 2022, 10:01 PM IST

Updated : Sep 24, 2022, 10:42 PM IST

mayor mrigan sharania extends open support to gmc property tax collection to private entities

পৌৰ নিগমৰ কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তৰ প্ৰতি মুকলি সমৰ্থন মেয়ৰ মৃগেন শৰণীয়াৰ(Property tax collection on private institution) । মন্ত্রী অশোক সিংঘালে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন পূব-গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । তিনি বিধায়কৰে আলোচনাৰ পাছতহে চূড়ান্ত সিদ্ধান্ত লোৱাৰ ইংগিত মন্ত্ৰী সিংঘালৰ ।

গুৱাহাটী,২৪ ছেপ্টেম্বৰ: গুৱাহাটী পৌৰ নিগমৰ সম্পত্তিৰ কৰ সংগ্ৰহৰ (property tax collection on private institution)দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই । ETV ভাৰতৰে হোৱা কথোপোথনত মেয়ৰ মৃগেন শৰণীয়াই কয় যে গুৱাহাটীত পৌৰ নিগমৰ যিসকলে কৰ নিদিয়ে তেওঁলোকৰ পৰা কৰ সংগ্ৰহৰ বাবে ব্যক্তিগত কোম্পানীক দিয়া হ’ব ।

গুৱাহাটীৰ ৪০ শতাংশ মানুহ কৰ সংগ্ৰহ কৰাৰ পৰা বাদ পৰি ৰয় । কৰ সংগ্ৰহৰ বাবে এতিয়ালৈকে কোনো প্রতিষ্ঠানক দায়িত্ব দিয়া হোৱা নাই । নিবিদা আহ্বান কৰা হৈছিল । কিন্তু সেই নিবিদা বাতিল কৰা হৈছে বুলি জনাই শৰণীয়াই । লগতে মেয়ৰগৰাকীয়ে কয় যে নতুনকৈ কিছুমান বিষয় সংযোজন কৰি নিবিদা আহ্বান কৰা হ'ব । এই সন্দৰ্ভত শনিবাৰে পৌৰ নিগমৰ পাৰিষদসকলকলৈ আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে শৰণীয়াই ।

এই ক্ষেত্ৰত তেওঁৰ যুক্তি দাঙি ধৰি তেঁও কয় যে যিহেতু পৌৰ নিগমে জাৱৰ সংগ্ৰহ আউটছ'ৰ্ছিং ব্যৱস্থাৰে কৰে, সেয়েহে সম্পত্তিৰ কৰ সংগ্ৰহো আউটছ'ৰ্ছিং ব্যৱস্থাৰে কৰা হব । তাত আপত্তি কৰিবলগীয়া নাই । উল্লেখ যে গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তকলৈ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ (MLAs opposed Minister Ashok Singhals decision) বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিছে গুৱাহাটীৰ দুই বিধায়ক অতুল বৰা (MLA Atul Bora opposed private institution ) আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ (Siddhartha Bhattacharya react on Singhals decision)লগতে মিত্রদলৰ অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

গুৱাহাটীৰ বিধায়ক আৰু পৌৰ নিগমৰ পাৰিষদক অজ্ঞাতে ৰাখি মন্ত্ৰী সিংঘালে তেনে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষমতা ক’ত পালে বুলি প্ৰশ্ন কৰি দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই ক্ষোভেৰে কয় যে মুখ্যমন্ত্ৰীৰ উপৰি গুৱাহাটীত তিনিজন বিধায়ক আছে । তদুপৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ,উপ-মেয়ৰ,পাৰিষদ আছে । বিধায়ক, পৌৰ নিগমৰ পাৰিষদসকলক অৱগত নকৰাকৈ মন্ত্রী সিংঘালে তেনে সিদ্ধান্ত লোৱাৰ ক্ষমতা ক'ত পালে বুলি বিধায়ক বৰাই প্ৰশ্ন উত্থাপন কৰিছে ।

কিন্তু শনিবাৰে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তলৈ সমৰ্থন আগবঢ়োৱাৰ পিছতে গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক দিয়াৰ পথ প্ৰশস্ত হৈ পৰিল ।

ইপিনে,এই সন্দৰ্ভত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্রী সিংঘালে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে শনিবাৰে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে সাংবাদিকৰ আগত কয় যে গুৱাহাটী পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্রতিষ্ঠানক বিশেষকৈ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তকলৈ গুৱাহাটীৰ তিনি বিধায়কৰ লগত আলোচনা কৰা হ'ব । তাৰ পিছত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব । ইফালে,বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি আৰু মহানগৰ উন্নয়ন সমিতি আৰু অসম জাতীয় পৰিষদেও সম্পত্তি কৰ বৃদ্ধি,সম্পত্তি কৰ সংগ্ৰহত আউটছ'ৰ্ছিং ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি তীব্র গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ।

লগতে পঢ়ক: গহপুৰৰ হেলেম ৰেলৱে ষ্টেচনত উজনিমুৱা যাত্ৰীবাহী ৰে'লৰ খুন্দাত নিহত এজন

Last Updated :Sep 24, 2022, 10:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.