Married Woman Kidnapped: প্ৰেমৰ চলনাৰে বিবাহিত মহিলাক পলুৱাই নি বিক্ৰী কৰিলে প্ৰেমিকে

author img

By

Published : Jan 23, 2023, 1:32 PM IST

Woman missing from Satgoan

প্ৰেমৰ চলনাৰে ৩ বছৰীয়া সন্তানৰ মাতৃক পলুৱাই নি প্ৰেমিকে দিল্লীত বিক্ৰী কৰিলে (Married woman kidnapped and sold by her boyfriend ) ৷ এই অভিযোগ কৰিলে খোদ ভুক্তভোগী মহিলাগৰাকীয়ে ৷ ভুক্তভোগী মহিলাগৰাকীয়ে তেওঁৰ মাতৃক ফোনযোগে বৰ্ণনা কৰিলে এই কথা ৷

প্ৰেমিকৰ সৈতে পলাই গ’ল ৩ বছৰীয়া সন্তানৰ মাতৃ

গুৱাহাটী, ২৩ জানুৱাৰী : প্ৰেমত ফুলিছে শতদল, প্ৰেমত ঘূৰিছে ভূ-মণ্ডল ৷ প্ৰেমৰ চলনাৰে এজন যুৱকৰ সৈতে পলাই গ’ল ৩ বছৰীয়া সন্তানৰ মাতৃ ৷ কিন্তু প্ৰেমিকৰ লগত পলাই যোৱাৰ পাছতহে ওলাল প্ৰেমিকৰ আচল পৰিচয় ৷ এতিয়া নিৰুপায় অচিনাকী যুৱকৰ সৈতে প্ৰেমত পৰা মহিলাগৰাকী ৷ এই ঘটনা গুৱাহাটীৰ ৷

বিৱৰণি অনুসৰি, বিগত ১৬ জানুৱাৰীত বিয়লি ভাগত মহানগৰীৰ ছয় মাইলৰ সাই বাবা মন্দিৰৰ কাষৰ পৰা নিৰুদ্দেশ হৈছিল ৩ বছৰীয়া এটি সন্তানৰ মাতৃ এই মহিলাগৰাকী (Woman missing from Satgoan) । বহু সময় বিচৰাৰ অন্ততো মহিলাগৰাকীৰ কোনো শুং-সূত্ৰ লাভ কৰা নাছিল পৰিয়ালৰ লোকে ৷

মহিলাগৰাকীৰ কোনো শুংসূত্ৰ বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে ১৭ জানুৱাৰীত সাতগাঁও আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ । কিন্তু এই এজাহাৰ দাখিল কৰাৰ পাচতো বিগত ৬ দিনে আৰক্ষীয়ে কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷ ফলত চিন্তিত হৈ পৰিছিল পৰিয়ালটো (Satgoan missing Woman case)৷

কিন্তু হঠাৎ ২৩ জানুৱাৰী, দেওবাৰে দিনৰ ভাগত গুৱাহাটীৰ পৰা নিৰুদ্দেশ হৈ থকা মহিলাগৰাকীৰ মাকলৈ নতুন দিল্লীৰ পৰা মহিলাগৰাকীয়ে ফোন কৰে ৷ ফোনত মহিলাগৰাকীয়ে দিল্লীত এঘৰ লোকৰ ঘৰত আশ্ৰয় লৈ থকা বুলি ব্যক্ত কৰে । লগতে মহিলাগৰাকীয়ে কিদৰে তেওঁ দেহ ব্যৱসায় চক্ৰৰ কৱলত পৰিব লগা হ’ল সেই কথাও অৱগত কৰে ।

লগতে পঢ়ক : Poor condition of a wooden bridge: জৰাজীৰ্ণ দলঙৰ পৰা বৰলীয়া নৈত সৰি পৰিল মটৰ চাইকেলসহ আৰোহী

আনকি ভুক্তভোগী মহিলাগৰাকীক প্ৰেমৰ চলনাৰে গুৱাহাটীৰ এজন যুৱকে পলুৱাই গুৱাহাটীৰ পৰা ৰে’লযোগে দিল্লী লৈ নি তাৰ পিচত আনন্দ বিহাৰত দেহ ব্যৱসায়ৰ চক্ৰৰ হাতত বিক্ৰী কৰাৰ কথা উল্লেখ কৰে ৷ সেয়ে এই চক্ৰটোৰ পৰা সোনকালে উদ্ধাৰ কৰিবলৈ মহিলাগৰাকীয়ে মাতৃক কাতৰ অনুৰোধ জনায় ।

পিছত মহিলাগৰাকীৰ স্বামী আৰু মাতৃয়ে দেওবাৰে সাতগাঁও থানত উপস্থিত হৈ এই সকলো কথা সাতগাঁও আৰক্ষীক বিৰ্ণনা কৰে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে সাতগাঁও আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি নিৰুদিষ্ট মহিলাগৰাকীক উদ্ধাৰ কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে ।

আনকি এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ সৈতেও যোগাযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে পৰিয়ালটোক ৷ কিন্তু বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে এই সন্দৰ্ভত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপিন কৰিছে উক্ত পৰিয়ালটোৱে ৷

লগতে পঢ়ক : Road accident in Barpeta : ঘন কুঁৱলীৰ ফলত সংঘটিত দুৰ্ঘটনাত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.