Pipeline burst in Guwahati : থান-বান হ’ল জয়পুৰৰ ২২ টাকৈ পৰিয়ালৰ সপোনৰ ঘৰখন

author img

By

Published : May 26, 2023, 8:45 PM IST

Many houses Damaged at Kharghuli due to Pipeline burst

আজিও কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে খাৰঘূলিৰ জয়পুৰত (Water pipe explosion in Guwahati) ৷ খাৰঘূলিত সংঘটিত হোৱা জলবিস্ফোৰণত এগৰাকী বৃদ্ধাৰ মৃত্যু হোৱাৰ লগতে দিশহাৰা হৈ পৰিল ২২ টাকৈ পৰিয়াল ৷

খাৰঘূলিত সংঘটিত হ’ল জলবিস্ফোৰণৰ ঘটনা

গুৱাহাটী, ২৬ মে’ : তৃষ্ণাতুৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে খাৰঘূলিত সংঘটিত হ’ল জলবিস্ফোৰণৰ ঘটনা (Water pipe explosion in Guwahati) ৷ কিন্তু কাৰ ভুলৰ বাবে সংঘটিত হ’ল খাৰঘূলিত জলবিস্ফোৰণ ? কাৰ ভুলৰ বাবে খাৰঘূলিত নিৰিহ লোকে প্ৰাণ হেৰুৱাব লগা পৰিস্থিতি হ’ল ? অপৰিকল্পিত ব্যৱস্থা আৰু একাংশৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে সংঘটিত হ’ল খাৰঘূলিত এই জলবিস্ফোৰণ । এই অভিযোগ খাৰঘূলিবাসীৰ ৷ ফলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে খাৰঘূলি জয়পুৰত ।

তথ্য অনুসৰি, জলবিস্ফোৰণৰ ফলত জয়পুৰৰ ২২ টাকৈ পৰিয়ালৰ পলকতে থানবান হৈ পৰিল সপোনৰ ঘৰখন (Woman died after water pipe burst)। আনকি ঘৰৰ আচবাবৰ লগতে বহু ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰ ৷ ফলত আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে এই ভুক্তভোগী লোকসকল। আনহাতে, জলবিস্ফোৰণত এজনৰ মৃত্যু হোৱাৰ লগতে ৯ জনকৈ লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

আনহাতে, শুক্ৰবাৰে এই দুৰ্ঘটনাত মৃত্যু হোৱা সুমিত্ৰা ৰাভাৰ (৬৫) নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ পিচত জি এম চি এইচৰ পৰা লৈ অনা হয় বাসগৃহলৈ । তাৰ পাচত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় সুমিত্ৰা ৰাভাৰ (Woman died after water pipe burst) ৷

উল্লেখ্য যে, জাইকাই বিত্তীয় ঋণলৈ ২০১১-১২ চনত দক্ষিণ কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম আৰম্ভ হৈছিল । প্ৰথম অৱস্থাত IVCRL নামত কোম্পানীটোৱে পানী যোগানৰ পাইপ বহুৱা কাম আৰম্ভ কৰিছিল যদিও ২০১৮ চনত কোম্পানীটো দেওলীয়া হৈ ৪০০ কোটি টকা লুটি লৈ যায় (Bursting pipes of JICA water supply project) ।

ইয়াৰ পিচতে গুৱাহাটী মহানগৰ খোৱাপানী আৰু অনাময় পৰিষদৰ অধীনত গেমনে ২০১৯ চনৰ পৰা পানী যোগানৰ পাইপ বহুৱা কাম আৰম্ভ কৰিছে ৷ কিন্তু বৰ্তমানলৈ সম্পূৰ্ণ হৈ উঠা নাই প্ৰকল্পটো । প্ৰকল্পটোৰ পৰা মহানগৰীৰ ভৰলু, পাণবজাৰ উলুবাৰী, চানমাৰি, খাৰঘুলি গণেশগুৰি, উজান বজাৰ, ফটাশিল আমবাৰী অঞ্চলৰ প্ৰায় ৩ লাখ পৰিয়ালক সমাৰি লোৱাৰ লক্ষ্য কৰিছে ।

লগতে পঢ়ক : Water pipe explosion: খাৰঘুলিত গেমনৰ পানীযোগান প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ; মহিলাৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.