Junmoni Rabha death case : অসম আৰক্ষীত অপৰাধ মনোবৃত্তিৰ বহু মানুহ আছে : বিৰোধী দলপতি

author img

By

Published : May 21, 2023, 5:31 PM IST

Junmoni Rabha death case

অসম আৰক্ষীত বহু অপৰাধ মনোবৃত্তিৰ লোক আছে বুলি দাবী কৰে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই (Debabrata Saikia slams Assam Police)। দেওবাৰে কংগ্ৰেছৰ সঁজাতি দলে জোনমণি ৰাভাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে । জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কংগ্ৰেছৰ ।

জোনমণি ৰাভাৰ বাসগৃহত কংগ্ৰেছ নেতা

গুৱাহাটী,২১ মে' : অসম আৰক্ষীৰ সদ্যপ্ৰয়াত উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ গুৱাহাটীৰ দক্ষিণগাঁওস্থিত বাসগৃহত দেওবাৰে উপস্থিত হয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দল (Congress leader at Junmoni Rabha residents)। সঁজাতি দলটোৱে জোনমণি ৰাভাৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে ।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত যোৱা সঁজাতি দলটোত আছিল প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে পুৰকায়স্থ, বিধায়িকা নন্দিতা দাস, বিধায়িকা শিৱামণি বৰা, বিধায়ক এ কে ৰছিদ মণ্ডলৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী নেতা । সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে কংগ্ৰেছ বিধায়িনী দলৰ সদস্যসকলে জোনমণি ৰাভাৰ মাতৃ আৰু ভাতৃক সাক্ষাৎ কৰি কথা পাতিলে ।

Junmoni Rabha death case
জোনমণি ৰাভাৰ বাসগৃহত কংগ্ৰেছ নেতা

তেওঁ কয়, "গোটেই কথাখিনি জনাৰ পাছত এটা কথা নিশ্চিত যে অসম আৰক্ষীত এতিয়াও অপৰাধ মনোবৃত্তিৰ বহু মানুহে কাম কৰি আছে । নহ'লে এজন সতীৰ্থ আৰক্ষী বিষয়া ষড়যন্ত্রৰ বলি হ'বলগীয়া নহ'লহেতেন ।" অসম আৰক্ষীত থকা অপৰাধপ্ৰৱণ লোকসকলক চিনাক্ত কৰাৰ ব্যৱস্থা কৰিবলৈ দেবব্ৰত শইকীয়াই দাবী জনায় (Debabrata Saikia on Junmoni Rabha death case)।

ৰাজ্যৰ শান্তি-শৃংখলা তথা অপৰাধ নিয়ন্ত্ৰণৰ বাবে তেনে লোকসকলক দায়িত্বৰ পৰা অপসাৰণ কৰিব লাগে বুলিও তেওঁ দাবী কৰে । তেওঁ লগতে কয় যে হেঁচাত পৰি দুগৰাকী আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে যদিও সেয়া কোনো শাস্তি নহয় । আইনৰ ৰক্ষকে আইন উলংঘা কৰিব নাপাই বুলি উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন দিশৰ পৰা চালে জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা যেন অনুমান হয় ।

কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই লগতে কয় যে কংগ্ৰেছ দলে ন্যায়াধীশৰ তত্বাৱধানত চি বি আই তদন্ত হোৱাটো বিচাৰে । জোনমণি ৰাভাৰ মৃত্যুৰ পাচত বহু ৰহস্য পোহৰলৈ আহিছে আৰু ইয়াৰ দ্বাৰা অসম আৰক্ষীত বহু অপৰাধী থকাৰ কথাটো প্ৰমাণিত হয় বুলিও তেওঁ কয় । যাৰ বাবে গোটেই ঘটনাৰ তেওঁ ন্যায়িক তদন্ত দাবী কৰে ।

লগতে পঢ়ক :SI Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ সঠিক তদন্ত কৰিবলৈ মিঞা অসমীয়া পৰিষদৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.