মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ সোণ: সষ্টম মহানগৰ আৰক্ষী

author img

By

Published : Jun 28, 2022, 7:53 PM IST

large-quantity-of-gold-seized-in-guwahati

মহানগৰীত ঠায়ে জব্দ হৈছে নিচাজাতীয় সামগ্ৰীৰ লগতে নকল নোট ৷ সষ্টম হৈ উঠিছে মহানগৰ আৰক্ষী ৷ সমান্তৰালকৈ মহানগৰ আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সোণ(Large quantity of gold seized in Guwahati) ৷

গুৱাহাটী, 28 জুন : বিগত কিছুদিন ধৰি মহানগৰীত ঠায়ে ঠায়ে জব্দ হৈছে নিচাজাতীয় সামগ্ৰীৰ লগতে নকল নোট ৷ যাৰ পিছতেই সষ্টম হৈ উঠিছে মহানগৰ আৰক্ষী(Large quantity of gold seized in Guwahati) ৷ সমান্তৰালকৈ মঙলবাৰে মহানগৰ আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সোণ(Assam police seized gold) ৷ মহানগৰীৰ বশিষ্ঠ বৰপথাৰত বাসন্তী কুটীৰত আৰক্ষীয়ে চলাইছিল এই অভিযান ।

জানিব পৰা মতে, নগেন পাল নামৰ এজন লোকৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে সোণখিনি ৷ নগেন পালৰ ঘৰত থকা AS01 ED 0476 নম্বৰৰ এখন গ্ৰেণ্ড I 10 বাহনৰ পৰা জব্দ কৰা হয় সোণৰ বিস্কুট । বৰ্তমানেও এই সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আনহাতে, মঙলবাৰে গুৱাহাটী মহানগৰীত জব্দ কৰা হয় নকল নোট (Fake note seized in Guwahati)। গোপন সূত্ৰৰ ভিত্তিত হাতীগাঁও আৰক্ষীয়ে(Hatigaon Police Station) অভিযান চলাই নকল নোটসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে (Fake note smuggler in Guwahati)।

ধৃত লোকজন হাফিজুল ইছলাম । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, সোমবাৰে নিশা সাতগাঁও অঞ্চলত অভিযান চলাই নকল নোট(Fake currency note) সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কেইবাখনো ATM কাৰ্ড, ১৫ হাজাৰ টকাৰ নকল নোট, AS12 Y4716 নম্বৰৰ বেলেনো বাহন আৰু বহু ভুৱা নথিপত্ৰ জব্দ কৰে ।

লগতে পঢ়ক : Fake Currency: গুৱাহাটীত নকল টকাসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.