Landslide in Assam: মহানগৰীৰ নুনমাটিত ভূমিস্খলনত এজনৰ মৃত্যু

author img

By

Published : Jun 29, 2022, 6:59 PM IST

labour-died-in-landslide-at-noonmati-in-guwahati

মহানগৰীত পুনৰ সংঘটিত ভূমিস্খলনৰ ঘটনা ৷ মহানগৰীৰ নুনমাটিত ভূমিস্খলনৰ ফলত নিহত শ্ৰমিক(Labour died in landslide at Noonmati in Guwahati) ৷

গুৱাহাটী, ২৯ জুন : প্ৰৱল বৃষ্টিপাতৰ প্ৰকোপ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও গুৱাহাটীৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা লোকৰ ভূমিস্খলনৰ আতংক এতিয়াও মাৰ যোৱা নাই । কিনকিনীয়া বৰষুণৰ মাজতে মহানগৰীৰ নুনমাটি অঞ্চলত পুনৰ সংঘটিত হৈছে আন এক ভূমিস্খলনৰ ঘটনা(Labour died in landslide at Noonmati in Guwahati) । নুনমাটি ভবানীপুৰৰ মহাদেৱ পথত বুধবাৰে পুৱাৰ ভাগত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাত এজন লোকে কৰুণ মৃত্যুক সাৱটি লয় ।

নিহত লোকজন নুনমাটি ভবানীপুৰ, শ্যাম নগৰৰ বাসিন্দা প্ৰকাশ ডেকা(৪৫)বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ পৰা জানিব পৰা মতে, এসপ্তাহ পূৰ্বে হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত পাহাৰৰ ৰঙা মাটি খহি আহি মহাদেৱ পথৰ বাসিন্দা হৰিচৰণ দাসৰ বাসগৃহৰ ওপৰত পৰি বাসগৃহটোৰ বিস্তৰ ক্ষতিসাধন হৈছিল যদিও সৌভাগ্যক্ৰমে পৰিয়ালৰ লোকসকল ৰক্ষা পৰিছিল ।

মহানগৰীৰ নুনমাটিত ভূমিস্খলনত শ্ৰমিকৰ মৃত্যু

ইয়াৰ পিছৰ পৰাই প্ৰশাসনৰ নিৰ্দেশ মৰ্মে হৰিচৰণ দাসৰ পৰিয়াল নিৰাপদ স্থানত আশ্ৰয় লৈ আছিল । কিন্তু বুধবাৰে পুৱাৰ ভাগত লোকজনে পাহাৰৰ মাটি খহি বিস্তৰ ক্ষতি হোৱাত বাসগৃহটো ঠিক থাক কৰাৰ বাবে নুনমাটি অঞ্চলৰ ৪ জন শ্ৰমিকক নিয়োগ কৰে ।

শ্ৰমিক কেইজনে কাম কৰি থকা অৱস্থাত হঠাৎ পাহাৰৰ মাটি খহি আহি ঘৰৰ দেৱাল ভাঙি প্ৰকাশ ডেকা নামৰ শ্ৰমিকজনৰ গাত পৰে । ইফালে এই ভূমিস্খলনৰ ঘটনাত সৌভাগ্য ক্ৰমে ৰক্ষা পৰে আনকেইজন শ্ৰমিক । পিছত স্থানীয় লোকে কোনোমতে মাটিৰ তলত পোত খাই থকা অৱস্থাত শ্ৰমিক প্ৰকাশ ডেকাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত শ্ৰমিকজনক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসালয়লৈ নিয়াৰ আধাবাটতে মৃত্যু হয় শ্ৰমিক প্ৰকাশ ডেকাৰ । ইফালে, এই ঘটনাৰ খবৰ পাই দিছপুৰ ৰাজহ চক্ৰৰ দুৰ্যোগ প্ৰশমন বিভাগ লোক আৰু নুনমাটিৰ গাঁওপ্ৰধান জয়ন্ত দাস উপস্থিত হৈ উক্ত পৰিয়ালটোৰ লগতে বিপদমুক্ত নোহোৱা পৰ্যন্ত ভূমিস্খলন হোৱা এলেকাৰ লোকক সকলক নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Flood and landslide in Assam: পুনৰ গোৱালপাৰাত ভূমিস্খলন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.