Demand for resettlement of evicted people: উচ্ছেদিতক পুনৰ সংস্থাপন, ক্ষতিপূৰণৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Mar 16, 2023, 7:00 AM IST

KMSS protest in Guwahati

মহানগৰীৰ চচলত শিলসাঁকো বিলত প্ৰশাসনে চলোৱা উচ্ছেদ প্ৰসংগত প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS protest in Guwahati) ৷ উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন,উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Demand for resettlement of evicted people) ৷

গুৱাহাটী,16 মাৰ্চ: অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনাও মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ । শিলসাঁকো বিলত প্ৰশাসনে চলোৱা উচ্ছেদ প্ৰসংগত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (KMSS protest in Guwahati) ৷

কামৰূপ মহানগৰ জিলা প্ৰশাসন, মহানগৰ আৰক্ষী আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে যোৱা কিছুদিন পূৰ্বে মহানগৰীৰ শিলসাঁকো বিলত চলোৱা উচ্ছেদ অভিযানৰ ফলত ঘৰ বাৰী হেৰুওৱা উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন, উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে উচ্ছেদ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Demand for resettlement of evicted people) ৷ প্ৰতিকূল বতৰকো নেওচি কৃষক মুক্তিৰ কেইবা শতাধিক প্ৰতিবাদকাৰিয়ে হাতে হাতে প্লে কাৰ্ড লৈ "উচ্ছেদিতক পুনৰ সংস্থাপিত কৰক ", " আমাক সম অধিকাৰ দিয়ক " আদি শ্লো'গানেৰে পৰিবেশ উত্তাল কৰি তোলে (KMSS protest against govt Eviction drive) ।

প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সমিতিৰ সভাপতি দেবেন শৰ্মা আৰু সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে আৰু প্ৰচাৰ সম্পাদক পৃত্থিৰাজ দলেয়ে কয় যে, থলুৱা পৰিয়ালে চৰকাৰী ভূমি ১৫ বছৰ ভোগদখল কৰি থাকিলে তাৰ মাটিৰ পট্টা পাব লাগে । নীতিগতভাৱে জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) আইন ২০০৮ আইনখন কাৰ্যকৰী হোৱাৰ পূৰ্বৰে পৰা ভোগদখল কৰি থকা মাটিৰ গৰাকীক অসম ভূমি ৰাজহ অধিনিয়ম আইন, ১৮৮৬ৰ অধীনত মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগে । এই বিষয়সমূহ বিবেচনা নকৰাকৈ চৰকাৰে দীৰ্ঘদিন ধৰি বসবাস কৰি থকা লোকসকলক বেদখল কৰাৰ অভিযোগত আৰু জলাশয় (সুৰক্ষা আৰু সংৰক্ষণ) আইন, ২০০৮ৰ দোহাই দি বহু থলুৱা পৰিয়ালৰ ওপৰত অন্যায়ভাৱে অমানৱীয় উচ্ছেদ চলালে (Government to acquire land in Silsako Beel)।

আনহাতে, এই উচ্ছেদক লৈ অসম চৰকাৰে বৈষম্যমূলক স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। শিলসাঁকো বিলত থকা টাটাৰ জিঞ্জাৰ হোটেল, তিতাবৰ ভৱন, কোচ ৰাজবংশী সন্মিলনী, অসম চাহ শ্রমিক কল্যাণ পৰিষদ, সদৌ অসম টেনিচ এছ'চিয়েচন, সাহিত্য সভা, অমিয় কুমাৰ দাস ইনষ্টিটিউট আদিকে ধৰি চৰকাৰে পূৰ্বে আবণ্টন দিয়া ১৭ টা প্রতিষ্ঠানক বিকল্প স্থানত ক্ষতিপূৰণসহ সংস্থাপন দি ভূমি অধিগ্ৰহণ কৰা হ'ব বুলি জাননী প্ৰকাশ কৰিছে । কিন্তু এতিয়াও উচ্ছেদিত পৰিয়ালসমূহক পুনৰ সংস্থাপন আৰু যথোপযুক্ত ক্ষতিপূৰণ দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্ত স্পষ্ট হোৱা নাই। যাৰ পৰিণতিত উচ্ছেদিত থলুৱা পৰিয়ালসমূহে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে ।

গতিকে উচ্ছেদিত লোক সকলক পুনৰ সংস্থাপন, উপযুক্ত ক্ষতি পূৰণ দিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় তেওঁলোকে । লগতে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মৰকপত্ৰও প্ৰেৰণ কৰে সমিতিয়ে ।

লগতে পঢ়ক : Akhil to Assam govt: ধৰ্মৰ ৰাজনীতি বাদ দি কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.