SI Junmoni Rabha updates: জোনমণিৰ মাতৃৰ প্ৰশ্ন; লীনা দলেক বদলি কৰাটো শাস্তি হ’ব পাৰে জানো !

author img

By

Published : May 21, 2023, 6:35 PM IST

SI Junmoni Rabha

জোনমণি ৰাভাৰ মৃত্যুকলৈ অব্যাহত আছে চৰ্চা ৷ ইয়াৰ মাজতেই কলিয়াবৰ আৰক্ষীয়ে গ্ৰহণ কৰিলে জোনমণি ৰাভাৰ মাতৃৰ ভাষ্য ৷ লীনা দলে ভগৱান নেকি বুলি প্ৰশ্ন জোনমণিৰ মাতৃৰ (SI Junmoni Rabha updates) ৷

কলিয়াবৰ আৰক্ষীয়ে গ্ৰহণ কৰিলে জোনমণি ৰাভাৰ মাতৃৰ ভাষ্য

গুৱাহাটী, ২১ মে’: সদ্য প্ৰয়াত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ বাসগৃহত উপস্থিত নগাঁও আৰক্ষীৰ এটা দল । মহকুমা আৰক্ষী বিষয়া ৰূপম বৰদলৈয়ে সোধা-পোছা কৰে জোনমণিৰ মাতৃক । প্ৰয়াত যুৱ আৰক্ষী বিষয়াগৰাকীৰ মাতৃয়ে এই মৃত্যুৰ ন্যায় বিচাৰি দাখিল কৰিছিল এজাহাৰ ৷ তাৰ ভিত্তিতেই দেওবাৰে গুৱাহাটীৰ দক্ষিণগাঁওস্থিত জোনমণিৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ দলটো । আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াৰ বাবে জোনমণিৰ মাতৃৰ পৰা ভাষ্য গ্ৰহণ কৰে (SI Junmoni Rabha death case)।

আনহাতে, সংবাদমাধ্যমৰ আগত জোনমণিৰ মাতৃয়ে এছ পি লীনা দলে আজিলৈ কিয় গ্ৰেপ্তাৰ হোৱা নাই বুলি প্ৰশ্ন কৰে ৷ লীনা দলে ভগৱান নেকি আৰু বদলি কৰাটো শাস্তি হ’ব পাৰে জানো বুলিও ক্ষোভ প্ৰকাশ কৰে জীয়ৰীক হেৰুৱাই ম্ৰিয়মান হৈ পৰা মহিলাগৰাকীয়ে । ইয়াৰ লগতে জোনমণিৰ আবাসৰ পৰা জব্দ কৰা ধনখিনি কিয় ঘূৰাই দিয়া নাই বুলিও আৰক্ষীক প্ৰশ্ন কৰে মাতৃগৰাকীয়ে (Kaliabar SDPO met Junmoni Mother) ৷

ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী কন্যাৰ মৃত্যু হোৱাৰ পিচত পৰিয়াল কেনেকৈ চলাব তাকে ভাবি পাৰ নোপোৱা হৈছে জোনমণিৰ মাতৃয়ে ৷ তাৰোপৰি চৰকাৰৰ কোনো প্ৰতিনিধিয়ে আজিলৈ পৰিয়ালটোৰ খবৰ নোকোৱাকলৈও মৃত আৰক্ষী বিষয়াগৰাকীৰ মাতৃয়ে ক্ষোভ প্ৰকাশ কৰে । নগাঁও আৰক্ষীয়ে মাতৃয়ে দিয়া গোচৰ সন্দৰ্ভত গ্ৰহণ কৰা ভাষ্য সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত মাতৃয়ে মন্তব্য কৰে (Junmoni Rabaha death news)।

উল্লেখ্য যে, এছ আই জোনমণি ৰাভাৰ ৰহস্যজনক দুৰ্ঘটনাজনিত মৃত্যুৰ ঘটনাৰ গোচৰৰ লগতে ইয়াৰ আনুসাংগিক তিনিটা গোচৰৰ তদন্তৰ ভাৰ ইতিমধ্যে চি আই ডিৰ পৰা চি বি আইলৈ হস্তান্তৰ কৰা হৈছে (CBI probe on Junmoni Rabha death)।

যোৱা 16 মে’ৰ মাজনিশা নগাঁও জিলাৰ কলিয়াবৰৰ সৰুভগীয়াত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল জোনমণি ৰাভাই ৷ সেই সময়ত ৰাভা কৰ্মৰত হৈ আছিল মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে ৷ কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ পাচতে এই দুৰ্ঘটনাক লৈ বিভিন্ন প্ৰশ্ন তথা ৰহস্যৰ সৃষ্টি হয় ৷ বহুতেই সন্দেহ প্ৰকাশ কৰে যে, জোনমণি ৰাভাৰ মৃত্যু প্ৰকৃততে এক পৰিকল্পিত হত্যাকাণ্ড (Junmoni Rabha death controvers) ৷

এই ক্ষেত্ৰত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠিছে ৷ ইতিমধ্যে লীনা দলেক হাইলাকান্দিলৈ আৰু ত্ৰিদীপ কুম্বাঙক তামুলপুৰলৈ বদলি কৰা হৈছে (SP Leena Doley transferred) ৷

লগতে পঢ়ক: Sec 144 imposed in Guwahati: আৰক্ষী, সেনাৰ ভয় দেখুৱাই ৰাইজৰ বাক স্বাধীনতা চৰকাৰে খৰ্ব কৰিছে চৰকাৰে; অখিল গগৈ

আনহাতে, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপজ্যোতি কলিতা, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ লগতে উত্তৰ লখিমপুৰ তানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈছা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰাক অসম আৰক্ষীৰ মুখ্যালয়লৈ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে ৷ আচলতে জোনমণিৰ মৃত্যু কেনেকৈ হৈছিল, হত্য়া নে আত্মহত্যা নে দুৰ্ঘটনা ? চিবিআইৰ অনুসন্ধানে এই ৰহস্য ভেদ কৰিব পাৰিব নে ? সকলোৰে মনত এতিয়া একেটাই প্ৰশ্ন (Reserve close order to police officers) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.