ETV Bharat / state

MLA Ashok Sharma controversial remark: অশোক শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া জয়ন্ত মল্ল বৰুৱাৰ

বিজেপিৰ অভ্যন্তৰত চলিছে কি ? প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ মন্তব্যই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত । অশোক শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

Jayanta Malla Baruah reacts on Ashok Sharma controversial remark
অশোক শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া জয়ন্ত মল্ল বৰুৱাৰ

Published : July 4, 2023 at 9:30 PM IST

Choose ETV Bharat
অশোক শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া জয়ন্ত মল্ল বৰুৱাৰ

গুৱাহাটী,৪ জুলাই: নলবাৰীত বিজেপিৰ বিভাজনক লৈ অশোক শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । এই সন্দৰ্ভত তেওঁ কয় যে, এইবোৰ কথা দলৰ মজিয়াত আলোচনা হয় । তেওঁ এই প্ৰসংগত মন্তব্য কৰিলে ভাল নুশুনি বুলি উল্লেখ কৰে । যিহেতু তেওঁ নলবাৰী সমষ্টিকেই প্ৰতিনিধিত্ব কৰে গতিকে তেওঁ কয় যে, অশোক শৰ্মাই মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিলে বুলিয়েই মন্ত্ৰীগৰাকীয়ে মুকলিকৈ একো ক'ব নোৱাৰে ।

নলবাৰীত নতুনকৈ উদ্ধোধন কৰা সেঁতুৰ ফলকত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়কৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাম নথকাৰ অভিযোগৰ প্ৰতিক্ৰিয়াত মন্ত্ৰীগৰাকীয়ে কয় যে, দলত কাৰ কি স্থান, লগতে কাৰ কি কাম সেয়াহে গুৰুত্বপূৰ্ণ । উল্লেখযোগ্য যে সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নলবাৰী জিলা বিজেপি কাৰ্যালয় ‌উদ্বোধন, নলবাৰীৰ হৰি মন্দিৰৰ ওচৰত নিৰ্মাণ কৰা উৰনীয়া সেঁতুৰ উদ্বোধন কৰাৰ লগতে আন বহুকেইটা কাৰ্যসূচীৰ বাবে নলবাৰীলৈ গৈছিল ।

আনহাতে, সোমবাৰৰ এই আটাইবোৰ কাৰ্যসূচীত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক কোনো ধৰণৰ নিমন্ত্ৰণ জনোৱা হোৱা নাছিল । সেই প্ৰসংগতে মঙলবাৰে সংবাদ মাধ্যমৰ যোগেদি মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল প্ৰাক্তন বিধায়ক অশোক শৰ্মাই । লগতে তেওঁ উল্লেখ কৰিছিল যে, বৰ্তমান বিজেপিত কংগ্ৰেছীয়ে সংস্কৃতিয়ে গ্ৰাস কৰিছে । পুৰণি বিজেপিৰ কোনো আদৰ নাই । যিসকলে কংগ্ৰেছ দলটোক ধংস কৰি আহিছে তেওঁলোকেই এতিয়া বিজেপিৰ সকলো । বৰ্তমান বিজেপিত কোনো নীতি আদৰ্শৰ কথা নাই, তোষামোদকাৰী আৰু তৈলমৰ্দনকাৰীসকলৰহে বিজেপিত ৰাজত্ব বুলি বিস্ফোৰক মন্তব্য কৰিছিল নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ।

লগতে শৰ্মাই উল্লেখ কৰিছিল যে, একাংশ পুৰণি কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিয়েই উঠি ৰজা বহি ৰজা হৈ পৰিছে । নতুন বিজেপিৰ কৰ্মীসকলে প্ৰাক্তন বিজেপি নেতা কৰ্মীসকলক অৱহেলা কৰাৰো অভিযোগ উত্থাপন কৰিছিল অশোক শৰ্মাই ৷ একাংশ পুৰণি নেতা-কৰ্মীসকলক বৰ্তমানৰ বিজেপি নেতা-কৰ্মীসকলে সভা সমিতিত নিমন্ত্ৰণ নকৰাৰ লগতে তেওঁলোকৰ লগত কোনোধৰণৰ যোগাযোগ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল শৰ্মাই । এসময়ত নলবাৰীত বিজেপিৰ সাংগাঠনিক ভেঁটি শক্তিশালী কৰা প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন জিলা সভাপতি অশোক শৰ্মাৰ এই অভিযোগ বিজেপিৰ উৰ্দ্ধতন কৰ্তৃপক্ষই কিদৰে খণ্ডন কৰিব সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অজাপ