Deruri Autonomous Council : দেউৰী স্বায়ত্ত শাসিত পৰিষদত বৃহৎ দুৰ্নীতি, মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী
Updated on: Jul 30, 2022, 9:01 PM IST

Deruri Autonomous Council : দেউৰী স্বায়ত্ত শাসিত পৰিষদত বৃহৎ দুৰ্নীতি, মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ দাবী
Updated on: Jul 30, 2022, 9:01 PM IST
দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিজেপি জনপ্রতিনিধিসকলে উন্নয়নৰ নামত বিভিন্ন কৌশল অৱলম্বন কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে (Jatiya Yuva Bahini General Secretary Jadav Payeng)। শনিবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত (Raijor Dol Head Office) এক সংবাদমেলত এই দাবী জাতীয় যুৱ বাহিনীৰ (Jatiya Yuva Bahini alleged Deruri Autonomous Council scam) সাধাৰণ সম্পাদক যাদৱ পায়েঙৰ ।
গুৱাহাটী, ৩০ জুলাই : দেউৰী জনগোষ্ঠীৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত গঠন হোৱা দেউৰী স্বায়ত্ত শাসিত পৰিষদত বিয়াগোম দুৰ্নীতি সংঘটিত (Scam in Deuri Autonomous Council) হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে ।
শনিবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত (Raijor Dol Head Office) এক সংবাদমেল সম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ (Jatiya Yuva Bahini alleged Deruri Autonomous Council scam) সাধাৰণ সম্পাদক যাদৱ পায়েঙে কয় যে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিজেপি জনপ্রতিনিধিসকলে উন্নয়নৰ নামত বিভিন্ন কৌশল অৱলম্বন কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে (Jatiya Yuva Bahini General Secretary Jadav Payeng)।
তাৰোপৰি স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াৰ আত্মীয়ৰ নামত চৰকাৰী আঁচনিৰ ধন আত্মসাতৰো অভিযোগ তোলে । তেওঁ কয় যে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নামত লুণ্ঠনৰাজ চলোৱা এইসকল অভিযুক্ত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী (Deruri Autonomuos Council CEM Madhav Deuri), উপ-মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ দেউৰী, অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰী, উপাধ্যক্ষ অমৃতপ্ৰভা দেউৰী, কাৰ্যবাহী সদস্য ক্ৰমে ধৰ্মেন্দ্ৰ দেউৰী, বিনীতা দেউৰী, হেমন্ত দেউৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত (Case in Guwahati High Court) গোচৰ চলি আছে যদিও বৰ্তমানো এইসকল অভিযুক্ত মুকলি আকাশৰ তলত আছে ।
এইসকলে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ 80 শতাংশ চৰকাৰী আঁচনিৰ ধন আত্মসাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে । সংবাদমেলত জাতীয় যুৱ বাহিনীয়ে তথ্য সহকাৰে দেউৰী জনগোষ্ঠীৰ উন্নয়নৰ ধন বিভিন্ন কৌশলেৰে কিদৰে পৰিয়ালৰ সদস্যৰ সহযোগত লুণ্ঠনৰাজ চলাইছিল সেয়াও সদৰী কৰে ।
লগতে পঢ়ক: Rashtrapatni Remark Row: ডিব্ৰুগড়ত বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰীৰ প্ৰতিকৃতি দাহ
