ৰাজ্য়ত এমাহতেই জাপানীজ এনকেফেলাইটিছত মৃত্য়ু ৭৭ গৰাকীৰ

author img

By

Published : Aug 21, 2022, 4:17 PM IST

Encephalitis like disease

ৰাজ্যৰ ৯ খন চিকিৎসা মহাবিদ্যালয় আৰু দহখন জিলা চিকিৎসালয়ত ৰোগীক চিকিৎসা প্রদানৰ ব্যৱস্থা । ১৫ৰ পৰা ৬৫ বছৰৰ লোকক প্রতিষেধক প্রদানৰ ব্যৱস্থা । ৰাজ্যখনত এনকেফেলাইটিছ সদৃশ ৰোগতো(Encephalitis like disease)আক্ৰান্ত হৈছে সহস্রাধিক লোক ।

গুৱাহাটী, ২১আগষ্ট: ৰাজ্য়ত ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে জাপানীজ এনকেফেলাইটিছৰ(Japanese Encephalitis)প্ৰকোপ। ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিছত আক্রান্ত লোকৰ সংখ্যা নিতৌ বৃদ্ধি পাবলৈ ধৰিছে । এতিয়ালৈকে ৰাজ্যখনত প্ৰায় চাৰি শতাধিক লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে ।

Encephalitis like disease
ৰাজ্য়ত এমাহতেই ৭৭গৰাকীৰ জাপানীজ এনকেফেলাইটিছত মৃত্য়ু

বিগত জুলাইৰ পৰা এতিয়ালৈকে ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত ৭৭গৰাকী লোকৰ মৃত্যু হৈছে । ইতিমধ্য়ে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে ৯ খন চিকিৎসা মহাবিদ্যালয়ৰ(Medical College of Assam) লগতে দহখনকৈ জিলা চিকিৎসালয়ত(District hospital of Assam)এই ৰোগত আক্ৰান্তসকলে যাতে তাৎক্ষণিকভাৱে চিকিৎসা লাভ কৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

উল্লেখ্য় যে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি(According to health department data)এতিয়ালৈকে ৰাজ্যখনত ৩৭০গৰাকীলোক এই ৰোগত আক্ৰান্ত হৈছে । কিন্তু বেচৰকাৰী তথ্য অনুসৰি প্ৰকৃততে এই ৰোগত আক্রান্ত লোকৰ সংখ্যা ইয়াতকৈ বহু অধিক । একেদৰে ৰাজ্যখনত এনকেফেলাইটিছ সদৃশ ৰোগতো(Encephalitis like disease)আক্ৰান্ত হৈছে সহস্রাধিক লোক । ইফালে, ৰাজ্যত ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবে সম্প্রতি উপলব্ধ হৈছে জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক ।

Encephalitis like disease
ৰাজ্য়ত এমাহতেই ৭৭গৰাকীৰ জাপানীজ এনকেফেলাইটিছত মৃত্য়ু

ৰাজ্য় চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিয়মীয়া জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক(Japanese Encephalitis Vaccine)অভিযানৰ জৰিয়তে পূৰ্বতে ১ বছৰৰ পৰা ১৫বছৰৰ ভিতৰৰ শিশু তথা কিশোৰ-কিশোৰীৰ বাবেহে এই প্রতিষেধক উপলব্ধ হৈছিল । অৱশ্য়ে বিগত বৰ্ষৰ পৰা অসমত ১৫ বছৰৰ পৰা ৬৫ বছৰৰ লোকক এই ৰোগৰ প্রতিষেধক প্ৰদান কৰা হৈছে । উল্লেখ্য় যে সাধাৰণতে জুলাই-আগষ্টতত এই ৰোগত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পায় ।

ইয়াৰ পিছতো ৰাজ্যখনত জাপানীজ এনকেফেলাইটিছত আক্রান্ত লোকৰ সংখ্যা নিতৌ বৃদ্ধি(Japanese encephalitis cases increased in Assam)পোৱাত উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ । কিয়নো এই ৰোগত আক্রান্ত লোকৰ বাবে নির্দিষ্টকোনো ঔষধ নাই । আক্রান্ত হোৱাৰ লগে লগেই যদি ৰোগীজনে চিকিৎসা লাভ কৰে তেতিয়াহে সুস্থ হৈ উঠে । যাৰ বাবে স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্রত ৰাইজক সজাগ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:তেজপুৰত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.