গুৱাহাটী 11 জানুৱাৰী ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDF প্ৰধান বদৰুদ্দিন আজমলক তুলাধুনা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰAICC general secretary Jairam Ramesh ৷ জৰাফুকাৰ ৰাজনীতিত সিদ্ধহস্ত সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত কৰা কিছু মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উল্লেখ্য যে এটা ফুমাৰিলেই কংগ্ৰেছৰে মিত্ৰতা সম্ভৱ বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰিছিল বদৰুদ্দিন আজমলেBadruddin Ajmal on Congress ৷ এই প্ৰসংগতে আজমলৰ উদ্ভট মন্তব্যৰ প্ৰত্যুত্তৰ জয়ৰাম ৰমেশৰJairam Ramesh slams Badruddin Ajmal ৷ জয়ৰাম ৰমেশৰ মন্তব্য‘‘ সাংসদ বদৰুদ্দিনে আজমলে অসম কংগ্ৰেছৰ নেতৃত্ব সন্দৰ্ভত এক অগ্ৰহণযোগ্য মন্তব্য প্ৰদান কৰিছে ৷ এই কথা সঁচা যে কংগ্ৰেছে বিগত বিধানসভা নিৰ্বাচনত AIUDFৰ সৈতে মিত্ৰতা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিলCongress AIUDF alliance ৷ বদৰুদ্দিন আজমলে ভৱিষ্যতেও কংগ্ৰেছৰ সৈতে লগ লাগি শক্তি বৃদ্ধি কৰিব বুলি বিশ্বাস কৰিহে মিত্ৰতা কৰা হৈছিল ৷ কিন্তু নিৰ্বাচৰ ফলাফল অহাৰ পিছতেই সকলো কথা স্পষ্ট হৈ পৰিল ৷লগতে জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ মন্তব্য‘‘ আজমলে বিজেপিৰ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰেCM Himanta Biswa Sarma বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হলAIUDF has understanding with BJP ৷ লগতে আজমল আৰু বিজেপিয়ে ৰাইজৰ আগত কংগ্ৰেছ আৰু কংগ্ৰেছ নেতৃত্বৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ কেৱল ইমানেই নহয় বদৰুদ্দিন আজমল বিজেপিৰ মুখৰ কথা মতেহে চলে বুলিও অভিযোগ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীৰ ৷ লগতে AIUDFক AIMIMৰ সৈতে তুলনা কৰি তেওঁ এই বুলিও কয় ‘‘সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰাৰBharat Jodo Yatra অভূতপূৰ্ব সহাৰি দেখি কম্পিত হৈছে এআইইউডিএফ আৰু বিজেপি ৷ UPAৰ সৈতে আজমলৰ কোনো ধৰণৰ সম্পৰ্ক নাই ৷উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইAPCC president Bhupen Bora বাৰে বাৰে AIUDFৰে মিত্ৰতাক নস্যাৎ কৰি অহাৰ লগতে কোনো নিৰ্বাচনতে আজমলৰ সৈতে মিত্ৰতা নহব বুলি স্পষ্ট কৰি দিছে ৷ কিন্তু কেৱল নিৰ্বাচন আহিলেহে আবিৰ্ভাৱ হোৱা আজমলৰ মতে প্ৰদেশ কংগ্ৰছে মিত্ৰতা নকৰিলেও এটা ফু মাৰিয়েই তেওঁ কংগ্ৰেছ হাইকামাণ্ডৰ সৈতে মিত্ৰতা সম্ভৱ কৰি তুলিবCongress alliance with AIUDF ৷ সাংসদ বদৰুদ্দদিন আজমলে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত কটাক্ষ কৰি সংবাদমাধ্যমৰ আগত মত প্ৰকাশ কৰাৰ পিছতে আজমলক উভতি ধৰিছে AICCৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে ৷ লগতে পঢ়ক Lok Sabha Election 2024 জৰাফুকা কৰি কংগ্ৰেছেৰে মিত্ৰতা গঢ়িব আজমলে