Assam budget 2023: বাজেটত ৰাইজলৈ কি বতৰা আনিব ঋণগ্ৰস্ত চৰকাৰে ?

author img

By

Published : Mar 15, 2023, 9:13 PM IST

Updated : Mar 15, 2023, 10:23 PM IST

Assam budget 2023

বৃহস্পতিবাৰে অসম বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ অসম বাজেট ৷ ঋণৰ উপৰি ঋণ লৈ থোৱা অসম চৰকাৰে এইবাৰৰ বাজেটত জনতাৰ বাবে কি লৈ আহে, তাৰ ওপৰত চকু ৰাখিছে সকলোৱে (Assam Budget 2023) ৷ বাজেট সন্দৰ্ভত অসমৰ জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ...

বাজেটত ৰাইজলৈ কি বতৰা আনিব ঋণগ্ৰস্ত চৰকাৰে ?

গুৱাহাটী, ১৫ মাৰ্চ: ১০ মাৰ্চৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ পঞ্চম দিনা অৰ্থাৎ বৃহস্পতিবাৰে সদনত দাখিল কৰা হ’ব ৰাজ্যৰ ২০২৩-২০২৪ বিত্তীয় বৰ্ষৰ বাজেট ৷ এইখন হ’ব ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়খন বাজেট । বিত্তমন্ত্ৰী অজন্তা নেওগে দিনৰ ১১ বজাত সদনত দাখিল কৰিব এই বাজেট ৷ বুধবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ৰাজ্যপালৰ ভাষণ বিতৰ্কত অংশগ্ৰহণ কৰি কাইলৈ দাখিল হ’বলগীয়া বাজেটখনত ভালেমান চমক থাকিব আৰু কেইবাখনো আঁচনি আনিবলৈ বিত্তমন্ত্ৰীক অনুৰোধ কৰা বুলি ইংগিত প্ৰদান কৰে (Assam assembly budget session) ৷

বৰ্তমান ৰাজ্যৰ বিত্তীয় ব্যৱস্থা সংকটজনক অৱস্থাত আছে । চলিত বিধানসভা অধিৱেশনত বিৰোধীৰ সমালোচনাৰ সন্মুখীনো হ’বলগীয়া হৈছে ৰাজ্য চৰকাৰ । কম সময়ৰ ভিতৰত বৃহৎ পৰিমাণৰ ঋণ লৈ ৰাজ্যৰ বিত্তীয় সংকট মোচনৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৷ বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ ১ লাখ ৩১ হাজাৰ ২৭৩ কোটি টকা ৷ ২০১৬ চনৰ মাৰ্চলৈ ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ আছিল ৪১ হাজাৰ ৯৬৪ কোটি টকা (Assam Budget 2023) ।

সদনৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা তথ্য অনুসৰি ২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২২ ৰ নৱেম্বৰ মাহলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুকলি বজাৰৰ পৰা ঋণ লৈছে ১৯,৩৫৩ কোটি টকা । আনহাতে, নিজৰ শাসন কালৰ বিগত ২০ মাহত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে মুঠ ৩৬,৩০৯ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে ৷ আনহাতে, তথ্য অনুসৰি অতি শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ৪২০০ কোটি টকাৰ ঋণ গ্ৰহণ কৰিছে (Assam government is in debt) ৷

লগতে পঢ়ক: New liquor policy: বিজেপিৰ শাসনত ৰাজ্যত বৃদ্ধি সুৰাৰ দোকান তথা বাৰৰ সংখ্যা

চৰকাৰৰ এই ঋণ লোৱা কাৰ্যক কঠোৰ সমালোচনা বিৰোধীৰ ৷ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ঋণগ্ৰস্ত চৰকাৰ কঠোৰ সমালোচনা কৰিছে ৷ ঋণ লোৱাত বৰ্তমানৰ চৰকাৰখনে অভিলেখ ৰচনা কৰিছে বুলি মন্তব্য বিধায়ক গগৈৰ ৷ লগতে গগৈয়ে কয় যে, এতিয়া ৰাজ্যৰ শিশুৱে মূৰৰ ওপৰত ৪৮,০০০ টকাৰ ঋণৰ বোজা লৈ উপজিব লগীয়া হৈছে (Akhil Gogoi on Assam Govt debt) ৷

এনে বিত্তীয় সংকটৰ মাজতে কাইলৈ অজন্তা নেওগৰ বাজেটে কি বতৰা দিব ৰাজ্যবাসীলৈ, তাকে লৈ স্বাভাৱিকতে উৎকণ্ঠা সৃষ্টি হৈছে ৷ ঋণৰ ওপৰত বিস্তৰ পৰিমাণে নিৰ্ভৰশীল চৰকাৰখনে বৃহস্পতিবাৰে কেনে বাজেট দাখিল কৰে তাৰবাবে ৰাজ্যবাসীয়ে গভীৰ প্ৰত্যাশাৰে বাট চাই ৰৈছে (Financial crisis of Assam govt) ৷

বাজেটৰ পৰা কি প্ৰত্যাশা আমাৰ ?

ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা অৰ্থনৈতিক বিশ্লেষক অদীপ ফুকনে কাইলৈৰ বাজেটক লৈ ইটিভি ভাৰতৰ সন্মুখত নিজৰ প্ৰত্যাশা ব্যক্ত কৰিছে । ফুকনে কয়, “শেহতীয়াভাৱে বাজেট এক গতানুগতিক ব্যৱস্থালৈ পৰিণত হৈছে । বিগত কিছু বছৰ ধৰি বাজেটক চৰকাৰে নিৰ্বাচনী ইস্তাহাৰলৈ পৰিণত কৰা পৰিলক্ষিত হৈছে ৷ বাজেট ৰূপায়ণৰ ব্যৱস্থা নকৰে ৷ যোৱা ৬ টা বছৰতো আগৰ চৰকাৰবোৰৰ দৰেই বাজেটৰ ৩৫% মান মান ধন ব্যৱহাৰ কৰিব পৰা নাই ৷’’ (Adip Phukan on Assam budget)

লগতে পঢ়ক: HSLC question paper leaked: প্ৰশ্নকাকত ফাদিলেৰে জড়িত 22 জনক আটক, 3 জনক গ্ৰেপ্তাৰ

তেওঁ লগতে কয়, ‘‘কাইলৈ দাখিল কৰিবলগীয়া বাজেটত এনেবোৰ ঘোষণাহে আামাৰ কাম্য যিবোৰ তেওঁলোকে কাৰ্যকৰী কৰিব পাৰে ৷ আমাৰ আশা- কাইলৈ বাজেটত চৰকাৰে মিতব্যয়িতাৰ দিশটোলৈ গুৰুত্ব দিব ৷ বাজেটত এনে ঘোষণা কৰক যিবোৰ তেঁওলোকে কাৰ্যকৰী কৰিব পাৰে ৷ বিশেষকৈ এইখন চৰকাৰে বাজেটতকৈ ঋণৰ পৰিমাণ যাতে বেছি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি আশা কৰিছো ৷ নতুনকৈ আৰোপ কৰা ঋণৰ বোজা যাতে হ্ৰাস কৰাত গুৰুত্ব দি উৎপাদনশীল কৰ্মত গুৰুত্ব দিয়ে তাৰ বাবে আশা কৰিছো ৷”

Last Updated :Mar 15, 2023, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.