Amit Shaha Assam Visit : বৃহস্পতিবাৰে অসমলৈ আহিব অমিত শ্বাহ; গুৱাহাটীত জাৰি বিশেষ নিৰ্দেশনা

author img

By

Published : May 24, 2023, 8:49 PM IST

Updated : May 25, 2023, 11:09 AM IST

Amit Shaha Assam Visit

খানাপাৰাত অসম চৰকাৰৰ বিশাল নিযুক্তি-পত্র বিতৰণ অনুষ্ঠান (Assam govt mega recruitment ceremony) । ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হ'ব নিযুক্তি-পত্র । কলাক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে আধাৰশিলা স্থাপন কৰিব ফৰেনচিক বিশ্ববিদ্যালয়ৰ ।

গুৱাহাটী, ২৫ মে': গুৱাহাটীৰ খানাপাৰাত বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব অসম চৰকাৰৰ বৃহৎ নিযুক্তি-পত্র বিতৰণ অনুষ্ঠান (Assam govt mega recruitment ceremony) । অৱশ্যে এই অনুষ্ঠানৰ বাবে বিশাল মণ্ডপ নিৰ্মাণৰ নামত ৰাজহুৱা ধনৰ অপচয় কৰা নাই অসম চৰকাৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) এক সংবাদমেলত উল্লেখ কৰিছিল যে, পেণ্ডেলৰ নামত যথেষ্ট ব্যয় হয় আৰু তাৰ বাবে পেণ্ডেল নিৰ্মাণ কৰা নহয় । সেইবাবেই অনুষ্ঠানটোৰ বাবে সাধাৰণভাৱে সকলো আয়োজন কৰা হৈছে ।

বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত নিযুক্তি-পত্র বিতৰণ কৰা হ'ব । অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্ৰদান কৰা হ'ব । ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ (Amit Shah Assam visit) প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰস্তুতিৰ বুজ লয় ।

অনুষ্ঠানস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
অনুষ্ঠানস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

গৃহ মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া কাৰ্যসূচীসমূহৰ সুচল পৰিচালনাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে (Assam govt 1 lakh recruitment) । আনহাতে, মুখ্যমন্ত্ৰীয়ে নিযুক্তি-পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'বলগীয়া স্থান পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় । উল্লেখ্য যে, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থকাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগা আন এক অনুষ্ঠানত ফৰেনচিক বিশ্ববিদ্যালয়ৰ শিলান্যাস কৰিব (foundation stone of Assam forensic university) ।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা

ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ অসম ভ্ৰমণক লৈ ৰাজ্য চৰকাৰে নিৰাপত্তামূলক কিছুমান পদক্ষেপ গ্ৰহণ কৰিছে । জাৰি কৰা হৈছে কেইবাটাও নিৰ্দেশনা । মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি, বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা নিশা ১১.৩০ বজালৈ চাৰিচকীয়া মালবাহী বাণিজ্যিক বাহন মহানগৰীত প্ৰৱেশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে । ২৭ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চাৰিচকীয়া বাণিজ্যিক বাহন চলাচলত এই নিষেধজ্ঞা আৰোপ কৰা হৈছে ।

ৰাজ্য চৰকাৰৰ নিৰ্দেশনা
ৰাজ্য চৰকাৰৰ নিৰ্দেশনা

আনহাতে, পাঞ্জাবাৰী ৰোড, জিএছ ৰোড, বি বৰুৱা ৰোড, জিএনবি ৰোড, এটি ৰোড আৰু ডিজি ৰোডত পুৱা ৯ বজাৰ পৰা নিশা ৭ বজালৈ তিনি চকীয়া বাণিজ্যিক বাহন চলাচলত বাধা আৰোপ কৰা হৈছে । ইয়াৰ সমান্তৰালভাৱে মহানগৰীত 'ন' ড্ৰোণ ফ্লাই জ'ন' হিচাপেও ঘোষণা কৰা হৈছে । বুধবাৰ আৰু বৃহস্পতিবাৰৰ বাবে গুৱাহাটীত ন’ ড্ৰোণ ফ্লাই জ’ন থাকিব । এই দুটা দিনত গুৱাহাটীত কোনো লোকে ড্ৰোণ উৰুৱাব নোৱাৰিব । অমিত শ্বাহৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে ।

লগতে পঢ়ক :Assam Meghalaya border issue: সীমা বিবাদকলৈ কইনাধৰাত অসম-মেঘালয়ৰ মুখ্যমন্ত্রীৰ গুৰুত্বপূৰ্ণ বৈঠক

Last Updated :May 25, 2023, 11:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.