T20 match to be held in Guwahati: গুৱাহাটীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০

author img

By

Published : Jul 22, 2022, 1:33 PM IST

গুৱাহাটীত অনুষ্ঠিত হ'ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ খেল

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্ত:ৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ(India-South Africa T20 match) । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ'ব টি-২০ মেচখন । ১ অক্টোবৰত বৰ্ষাপাৰাত মেচখন অনুষ্ঠিত হ’ব ৷

গুৱাহাটী,২২ জুলাই: অসমৰ ক্ৰিকেট অনুৰাগীসকললৈ সুখবৰ । গুৱাহাটীত পুনৰ অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ(India-South Africa T20 match) । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেট মেচ । ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত হ'ব টি-২০ মেচখন ।

উক্ত শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত । ১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব মেচখন(T20 series) । উল্লেখ্য যে বিশ্বকাপ ক্ৰিকেটৰ পূৰ্বে ভাৰত ভ্ৰমণলৈ আহিব দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলটো । ভাৰতত তিনিখন এদিনীয়া মেচৰ লগতে টি-২০ খেলটো অংশ ল'ব দক্ষিণ আফ্ৰিকাৰ দলটোৱে ।

লক্ষণীয় যে ২০২০ চনৰ ৫ জানুৱাৰীত শেষবাৰৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল । ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈছিল টি-২০ খেলখন । সুদীৰ্ঘ দুবছৰ ৯ মাহৰ বিৰতিৰ পাছত ১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ খেল । এই খবৰে ক্ৰিকেট অনুৰাগীসকলৰ মাজত লাভ কৰিছে বিশেষ চৰ্চা ৷

লগতে পঢ়ক:Neeraj Chopra qualifies: বিশ্ব চেম্পিয়নশ্বিপলৈ যোগ্যতা আৰ্জিলে নীৰজ চোপ্ৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.