Success of IIT Guwahati : IIT গুৱাহাটীৰ ছাত্ৰলৈ কোটি টকাৰ অফাৰ

author img

By

Published : Nov 14, 2022, 6:21 PM IST

Success of IIT Guwahati

চৰ্চাত পুনৰ IIT গুৱাহাটীৰ নাম (Success of IIT Guwahati) ৷ IIT গুৱাহাটীয়ে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীক চাকৰি দিবলৈ পিছ পৰি থকা নাই । এইবাৰ IIT গুৱাহাটীৰ এগৰাকী ছাত্ৰই এটা বিদেশী প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে 1.20 কোটি টকাৰ পেকেজ (IIT Guwahati Students Receive Pre Placement Offers With Highest Salary) । এই পেকেজ গুৱাহাটী IIT ৰ ইতিহাসত এতিয়লৈকে সৰ্বোচ্চ দৰমহা হিচাবে বিবেচিত হৈছে ৷

গুৱাহাটী, 14 নৱেম্বৰ : দেশৰে উৎকৃষ্ট অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিষ্ঠানে Indian Institute of Technology চমুকৈ IIT ৰ শিক্ষাৰ্থীয়ে সদায় Campus recruitment ৰ ক্ষেত্ৰত শিৰোনাম দখল কৰি আহিছে । দেশী-বিদেশী কোম্পানীবোৰৰ প্ৰতিনিধি প্ৰতিষ্ঠানবোৰলৈ আহে আৰু চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক চাকৰি দিবলৈ উদ্যত হয় । এই চাকৰিৰ দৌৰত IIT গুৱাহাটী পিছ পৰি থকা নাই ।

প্ৰতিবছৰে IIT গুৱাহাটীৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক চাকৰি দিবলৈ দেশী-বিদেশী কোম্পানীবোৰে লোভনীয় দৰমহা আগবঢ়ায় । সকলোতকৈ উৎকৃষ্ট শিক্ষাৰ্থীজন ল’বলৈ বহুজাতিক কোম্পানীসমূহৰ মাজত খোৱা-কামোৰা লাগে । ফলত লাভান্বিত হয় চাকৰি বিচৰাজন । কাৰণ দৰমহাই আকাশ স্পৰ্শ কৰে ।

এইবাৰ IIT গুৱাহাটীৰ শিক্ষাৰ্থীয়ে বিদেশী কোম্পানীৰ পৰাই বছৰি 1.20 কোটি টকা দৰমহাৰ চাকৰি পাবলৈ সক্ষম হৈছে (IIT Guwahati Students Receive Pre Placement Offers With Highest Salary) । অৰ্থাৎ মাহে প্ৰায় 10 লাখ টকা । IIT ৰ পৰা ওলায়েই লাভ কৰিব সেই দৰমহা । IIT গুৱাহাটীৰ পৰা সোমবাৰে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি মতে, IIT গুৱাহাটীৰ এগৰাকী ছাত্ৰই এটা বিদেশী প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে 1.20 কোটি টকাৰ পেকেজ ।

IIT গুৱাহাটীৰ এগৰাকী ছাত্ৰই এটা বিদেশী প্ৰতিষ্ঠানৰ পৰা লাভ কৰা এই দৰমহা গুৱাহাটী IIT ৰ ইতিহাসত এতিয়লৈকে সৰ্বোচ্চ দৰমহা । IIT, গুৱাহাটীৰ প্ৰতিনিধি এনেধৰণৰ Campus Placement ৰ পৰা যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হৈছে ।

মহামাৰীৰ সময়ত চৌহদ সংস্থাপন প্ৰভাৱিত হৈছিল ৷ কিন্তু ই এতিয়া স্বাভাৱিক ছন্দ ঘূৰাই পাইছে বুলিও মন্তব্য কৰে IIT ৰ প্ৰতিনিধিয়ে । বিশেষকৈ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ খণ্ডটোত সৰ্বাধিক চাকৰি লাভ কৰা বুলি জানিব পৰা গৈছে । আনহাতে, এইবাৰ বিদেশৰ ভিতৰত Microsoft কোম্পানীয়ে সৰ্বাধিক Campus Placement ত অংশ লোৱা দেখা পোৱা গৈছে ।

IIT গুৱাহাটীৰ তথ্য মতে, IIT গুৱাহাটীৰ ছাত্ৰ প্ৰতিনিধি এনেধৰণৰ Campus Placement ৰ হাৰ এইবাৰ 21 শতাংশ বৃদ্ধি পাইছে (IIT Guwahati records 21% increase in pre placement offers) । এইবাৰ 218 গৰাকী IIT গুৱাহাটীৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক কোম্পানীবোৰে কৰ্ম সংস্থাপন দিবলৈ আগবাঢ়ি আহিছে (IIT Guwahati records increase in Pre Placements Offers for 2022-23)। যোৱা বছৰ 179 গৰাকী IIT গুৱাহাটীৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীক কোম্পানীবোৰে কৰ্ম সংস্থাপন দিবলৈ আগবাঢ়ি আহিছিল ।

লগতে পঢ়ক : Gyanvapi Case : জ্ঞানবাপী মছজিদ গোচৰত বাৰাণসী ফাষ্ট ট্ৰেক আদালতত শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.