Border Dispute : অসম আৰু মেঘালয়ৰ সীমাবিবাদৰ ইতিহাস

author img

By

Published : Nov 23, 2022, 12:35 PM IST

Border

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যৰ সৈতে সৃষ্টি হোৱা অসমৰ সীমাবিবাদ সমস্যাৰ আছে ঐতিহাসিক পটভূমি । আজিৰ এই প্ৰতিবেদনত অসম আৰু মোঘালয়ৰ মাজত সৃষ্টি হৈ অহা সীমাবিবাদৰ ইতিহাস সন্দৰ্ভত আলোচনা কৰা হৈছে (Assam Meghalaya border dispute) ।

নিউজ ডেস্ক, ২২ নৱেম্বৰ : সীমাবিবাদ অসমৰ বাবে এক জ্বলন্ত সমস্যা (Border dispute of Assam) । এসময়ৰ বৰ অসম ভাঙি সাতভনী সৃষ্টি হোৱাৰ পিছৰে পৰা অসমৰ চুবুৰীয়া ৰাজ্যসমূহৰ লগত সীমাবিবাদ এক এক এৰাব নোৱাৰা সমস্যাৰূপে পৰিগণিত হৈ আহিছে । যাৰ ফলত সময়ে সময়ে চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে অসমৰ অশান্তিকৰ পৰিৱেশৰো সৃষ্টি হৈ আহিছে । ক্ষতি হৈছে ধন-জনৰো । উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়কেইখন ৰাজ্যৰ সৈতে সৃষ্টি হোৱা অসমৰ সীমাবিবাদ সমস্যাৰ আছে ঐতিহাসিক পটভূমিও । আজিৰ এই প্ৰতিবেদনত অসম আৰু মোঘালয়ৰ মাজত সৃষ্টি হৈ অহা সীমাবিবাদৰ ইতিহাস সন্দৰ্ভত আলোচনা কৰা হৈছে (Assam Meghalaya border dispute) ।

অসম-মোঘালয়ৰ সীমাবিবাদ আৰম্ভ হৈছিল ১৯৭২ চনত অসমৰ পৰা মেঘালয় পৃথক হোৱাৰ সময়তে । অসম পুনৰ্গঠন আইনৰ বিভিন্ন বিষয় সন্দৰ্ভত ইয়াত আলোকপাত কৰা হৈছে (Assam Reorganization Act) । ব্ৰিটিছ শাসনকালত, অবিভক্ত অসমত বৰ্তমানৰ নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মিজোৰাম অন্তৰ্ভুক্ত আছিল (undivided Assam in British Rule) । মেঘালয় ৰাজ্য ১৯৭২ চনত গঠন হৈছিল; ইয়াৰ সীমা 1969 চনৰ অসম পুনৰ্গঠন (মেঘালয়) আইন অনুসৰি নিৰ্ধাৰণ কৰা হৈছিল (Assam Reorganization Act of 1969) । কিন্তু তেতিয়াৰে পৰা ই সীমান্তৰ এক পৃথক ব্যাখ্যা দাঙি ধৰি আহিছে ।

মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু পশ্চিমবংগৰ সৈতে অসমে 2,743 কিলোমিটাৰ সীমা ভাগ কৰিছে । তাৰ মাজত নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সৈতে অসমৰ সীমাবিবাদ আছে । উল্লেখ্য, অসম আৰু মেঘালয়ৰ মাজত 885 কিলোমিটাৰ দীঘল সীমান্ত আছে ।

2011 চনত মেঘালয় চৰকাৰে অসমৰ সৈতে পাৰ্থক্য থকা 12 টা ক্ষেত্ৰ চিনাক্ত কৰিছিল। অসম-মেঘালয় সীমাবিবাদ হৈছে উজনি তাৰাবাৰী, গাজাং সংৰক্ষিত বনাঞ্চল, হাঁহিম, লাংপি, বৰদুৱাৰ, বোকলাপাৰা, নংৱাহ, মাতামুৰ, খানাপাৰা-পিলাংকাটা, দেশডিমৰীয়া প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড, খাণ্ডুলী আৰু ৰেটাচেৰাৰ সৈতে ।

অসম আৰু মেঘালয়ৰ মাজত সীমাবিবাদৰ এটা মুখ্য বিষয় হৈছে অসমৰ কামৰূপ জিলাৰ সীমান্তৱৰ্তী পশ্চিম গাৰো পাহাৰৰ লাংপি জিলা । ব্ৰিটিছ ঔপনিৱেশিক কালত লাংপি কামৰূপ জিলাৰ অংশ আছিল । কিন্তু স্বাধীনতাৰ পিছত ই গাৰো পাহাৰ আৰু মেঘালয়ৰ অংশ হৈ পৰে । অসমে অৱশ্যে ইয়াক নিজৰ মিকিৰ পাহাৰৰ অংশ বুলি দেখুৱাইছে ।

অসমে ইয়াক অসমৰ মিকিৰ পাহাৰৰ অংশ বুলি গণ্য কৰে (Mikir Hills in Assam) । মেঘালয়ে মিকিৰ পাহাৰৰ প্ৰথম আৰু দ্বিতীয় খণ্ড, যি বৰ্তমান কাৰ্বি আংলং অঞ্চল, তাক অসমৰ অংশ হিচাবে লোৱাত প্ৰশ্ন উত্থাপন কৰিছে । মেঘালয়ে কৈছে যে এইবোৰ পূৰ্বৰ অবিভক্ত খাচী আৰু জয়ন্তীয়া পাহাৰ জিলাৰ কিছু অংশ আছিল ।

সীমাবিবাদ সমাধানৰ বাবে পদক্ষেপ

সীমাবিবাদ সমাধানৰ বাবে অতীজত কেইবাটাও প্ৰয়াস কৰা হৈছিল । ১৯৮৫ চনত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কেপ্টেইন ডব্লিউ এ চাংমাৰ নেতৃত্বত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৱাই ভি চন্দ্ৰচূড়ৰ অধীনত সমস্যাটো সমাধানৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হৈছিল । অৱশ্যে তাৰ পৰা কোনো সমাধান পোৱা নগ'ল ।

দুয়োখন ৰাজ্যই ২০২১ চনৰ আগষ্টত সীমাবিবাদৰ বিষয়ে আলোচনা কৰিবলৈ তিনিখনকৈ পেনেল গঠন কৰে । ৰাজ্যসমূহৰ মাজত দুটা পৰ্যায়ৰ আলোচনাৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিবেচনাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৩১ জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ওচৰত এখন খচৰা প্ৰস্তাৱ দাখিল কৰে । তাত দুয়োপক্ষই প্ৰস্তাৱ দিয়ে যে অসমে ১৮.৫১ বৰ্গকিলোমিটাৰ ৰাখি মেঘালয়ক ১৮.২৮ বৰ্গকিলোমিটাৰ ভূমি এৰি দিব । বিবাদ নিষ্পত্তিৰ প্ৰথম পৰ্যায়ত ৩৬ খন গাঁৱক লৈ চুক্তি সম্পাদন হয় ।

২৯ মাৰ্চ, ২০২২ চনত অসম আৰু মেঘালয় ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক সীমাবিবাদৰ মুঠ বাৰটা ক্ষেত্ৰৰ ভিতৰত ছয়টা অঞ্চলত অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ দ্বাৰা বিবাদ নিষ্পত্তিৰ বাবে এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয় ।

পৰ্যায় অনুসৰি নিষ্পত্তি

প্ৰথম পৰ্যায়ত চূড়ান্ত নিষ্পত্তিৰ বাবে লোৱা ছয়টা অঞ্চলত আছে তাৰাবাৰী (4.69 বৰ্গকিঃমি)), গিজাং (13.53 বৰ্গকিঃমিঃ), হাঁহিম (3.51 বৰ্গকিঃমিঃ), বোকলাপাৰা (1.57 বৰ্গকিঃমিঃ), খানাপাৰা-পিলাংকাটা (2.29 বৰ্গকিঃমিঃ) আৰু ৰাটাচেৰা (11.20 বৰ্গকিঃমিঃ) । চুক্তি অনুসৰি, প্ৰথম পৰ্যায়ত সমাধানৰ বাবে লোৱা 36.79 বৰ্গকিলোমিটাৰ এলেকাৰ ভিতৰত অসমে 18.46 বৰ্গকিঃমিঃ আৰু মেঘালয়ে 18.33 বৰ্গকিলোমিটাৰ অঞ্চল লাভ কৰিব ।

হিংসাত্মক সীমান্ত সংঘৰ্ষ

২২ নৱেম্বৰ, ২০২০ চনত মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ আন্তঃৰাজ্যিক সীমান্তত মেঘালয়ৰ গাঁওবাসী আৰু অসম আৰক্ষীৰ জোৱানৰ মাজত সংঘৰ্ষত ৬ জন লোক নিহত হয় । আনহাতে, ২০২১ চনৰ জুলাই মাহত অসমৰ কাছাৰ জিলাত অসম আৰু মিজোৰামৰ আৰক্ষীৰ মাজত তীব্ৰ সশস্ত্ৰ সংঘৰ্ষ হয় । তাত অসম আৰক্ষীৰ ছয়জন লোক মিজোৰামৰ আক্ৰমণকাৰীৰ সৈতে সশস্ত্ৰ সংঘৰ্ষত নিহত হয় । যাৰ ফলত বিষয়টোত কেন্দ্ৰই হস্তক্ষেপ কৰিবলৈ বাধ্য হয় ।

উত্তৰ-পূব সীমাবিবাদত মূল্যৱান মানৱ জীৱনৰ মূল্য ভৰিবলগা হৈছে (NORTH EAST BORDER DISPUTES COSTING PRECIOUS LIFES )

১৯৭৯ চনৰ পৰা ২০২১ চনৰ ২৬ জুলাই পৰ্যন্ত অসমৰ সৈতে সীমাবিবাদৰ বাবে হোৱা সংঘৰ্ষত কমেও ১৫৭ জন লোকৰ মৃত্যু আৰু কমেও ৩৬১ জন লোক আহত হৈছে । আনহাতে, অন্য ৬৫,৭২৯ জনতকৈ অধিক লোকক উক্ত বিবদমান অঞ্চলবোৰৰ পৰা স্থানান্তৰ কৰা হৈছে । যাৰ ফলত পৰৱৰ্তী সময়ত অসমে অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ সৈতে স্থায়ী শান্তি প্ৰতিষ্ঠা ব্যৱস্থা গ্ৰহণৰ বাবে ওলাই আহিছে ।

উল্লেখ্য, তথ্য লাভ কৰা ১৫৭ টা মৃত্যুৰ ভিতৰত সৰ্বাধিক ১৩৬ জন লোকৰ মৃত্যু হৈছে অসম-নাগালেণ্ড সীমাবিবাদৰ ফলত । তাৰ পিছত অসম-অৰুণাচল প্ৰদেশ সীমাবিবাদত ১০ জন লোকৰ মৃত্যু হয় । আনহাতে, অসম-মিজোৰাম সীমাবিবাদত ৭ জন লোকৰ আৰু অসম-মেঘালয় সীমাবিবাদত ৪ জন লোকৰ মৃত্যু হয় ।

ইফালে আহত হোৱা ৩৬১ জন লোকৰ ভিতৰত সৰ্বাধিক ১৮৪ জন লোক আহত হৈছে অসম-নাগালেণ্ড সীমাবিবাদৰ ফলত । তাৰ পিছত ১৪৩ জন লোক আহত হৈছে অসম-মিজোৰাম সীমাবিবাদত । ইয়াৰ উপৰি ১৮ জন লোক আহত হৈছে অসম-মেঘালয় সীমাবিবাদত আৰু আৰু ১৬ জন লোক আহত হ'বলগা হৈছে অসম-অৰুণাচল প্ৰদেশ সীমান্ত বিবাদৰ বাবে । ২০১৮ চনত অসম আৰু মিজোৰামৰ মাজত সীমাবিবাদ মুখ্যতঃ তীব্ৰতৰ হৈ পৰে আৰু তাত ১৪৩ জন লোক আঘাতপ্ৰাপ্ত হোৱাটোৱে উক্ত সংঘৰ্ষৰ তীব্ৰতা প্ৰকাশ কৰে ।

লগতে পঢ়ক :Assam car burnt: মেঘালয়ত উত্তেজিত যুৱকৰ দলে জ্বলালে অসমৰ বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.