দেশৰ ভিতৰত সৰ্বাধিক শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰে অসমত

author img

By

Published : Sep 29, 2022, 9:23 PM IST

assam

কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ শেহতীয়া প্রতিবেদনত উদ্বেগজনক তথ্য । মাধ্যমিক স্তৰত অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা দশম শ্রেণীৰ ভিতৰত অসমৰ ৩১ শতাংশ ছাত্র-ছাত্রীয়ে আধাতে আনুষ্ঠানিক শিক্ষা সামৰে (highest drop out in secondary stage in Assam) । সৰ্বভাৰতীয় হাৰ ১৪.৬ শতাংশ । ২০২০-২১ বৰ্ষত অসমত মাধ্যমিক পর্যায়ত ১৯খন জিলাতে শিক্ষাৰ্থীৰ ড্রপ আউটৰ হাৰ ৩০ শতাংশতকৈ বেছি ।

গুৱাহাটী, ২৯ ছেপ্টেম্বৰ : শিক্ষাৰ পৰা যাতে কোনেও কোনো কাৰণতে বঞ্চিত হ'বলগা নহয় তাৰ বাবে শিক্ষাৰ অধিকাৰ আইন কৰা হৈছিল (right to education act) । শিক্ষাৰ অধিকাৰ আইন অনুসৰি, প্ৰতিটো শিশুৱেই শিক্ষালাভ কৰাটো বাধ্যতামূলক যদিও বাস্তৱত সেয়া সম্ভৱ হৈ উঠা নাই । বহুতে বিদ্যালয়ৰ মুখ দেখিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে বহু শিক্ষার্থীয়ে আকৌ আধাতে বিদ্যালয় ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে।

বিশেষকৈ আধাতে বিদ্যালয় ত্যাগ কৰাৰ বিষয়টো যথেষ্ট উদ্বেগৰ বিষয় । ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি উন্নত কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে (CM Himanta Biswa Sarma) সততে কৈ অহা পৰিলক্ষিত হয় যদিও বাস্তৱত ইয়াৰ বিপৰীত ছবি এখনহে দেখিবলৈ পোৱা যায় । অত্যন্ত উদ্বেগৰ বিষয় যে মাধ্যমিক স্তৰত আধাতে শিক্ষানুষ্ঠান এৰা (drop out) শিক্ষাৰ্থীৰ হাৰৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীর্ষত আছে অসম (Assam govt education department) ।

স্বাভাৱিকতেই ড্রপ আউট শিক্ষাৰ্থীৰ এই পৰিসংখ্যাৰে অসমে অবাঞ্ছিত অভিলেখ অৰ্জন কৰিছে । শিক্ষাক মৌলিক অধিকাৰ বুলি কোৱা হয় যদিও বিভিন্ন কাৰণত আধাতে বিদ্যালয় ত্যাগ কৰি আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিবলগীয়া হৈছে বহু ছাত্র-ছাত্রীয়ে ৷ কেন্দ্রীয় শিক্ষা মন্ত্রণালয়ৰ শেহতীয়া প্রতিবেদনত প্ৰকাশ পোৱা মতে, মাধ্যমিক স্তৰত অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা দশম শ্রেণীৰ ভিতৰত অসমৰ ৩১ শতাংশ ছাত্র-ছাত্রীয়ে আধাতে আনুষ্ঠানিক শিক্ষা সামৰিবলগীয়া হৈছে (highest rate of drop out in Assam) ।

অথচ আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ সৰ্বভাৰতীয় হাৰ ১৪.৬ শতাংশ যদিও অসমত এই হাৰে দুগুণ স্পৰ্শ কৰিছে । কেৱল অসমেই নহয়, দেশৰ বহু ৰাজ্যৰ মাধ্যমিক স্তৰত ড্রপ আউটৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ অধিক । যাৰ বাবেই আধাতে শিক্ষা সমাপ্ত কৰাৰ এই বিষয়টোক গুৰুত্ব সহকাৰে লৈছে কেন্দ্ৰীয় চৰকাৰে । এই প্ৰক্ৰিয়া হ্রাস কৰাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ে প্রকল্প অনুমোদন পৰিষদৰ অধীনত বিশেষ একচন প্লেন গ্ৰহণ কৰিছে । কেন্দ্ৰীয় শিক্ষা মন্ত্রণালয়ৰ প্রকল্প অনুমোদন বোৰ্ডৰ ২০২২-২৩ বৰ্ষৰ ‘সমগ্ৰ শিক্ষা’ অভিযানৰ কাৰ্যবিৱৰণীত এই উদ্বেগজনক তথ্য প্রকাশ পাইছে ।

ড্রপ আউটৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত ২০৩০ চনৰ ভিতৰত শিক্ষানুষ্ঠানত নামভৰ্তিৰ হাৰ ১০০ শতাংশ কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰিছে (highest drop out in secondary stage in Assam) । শিক্ষা মন্ত্রণালয়ৰ প্রকল্প অনুমোদন পৰিষদৰ প্ৰতিবেদন অনুসৰি, ২০২০-২১ বৰ্ষৰ অসমত মাধ্যমিক স্তৰত শিক্ষা বাদ দিয়া ছাত্ৰৰ অনুপাতে ছাত্ৰীৰ হাৰ অধিক । সেই অনুসৰি ২৯.৭ শতাংশ ছাত্ৰই আনুষ্ঠানিক শিক্ষা এৰাৰ বিপৰীতে ৩২.১ শতাংশ ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰিছে ।

অতি উদ্বেগজনকভাৱে ২০২০-২১ বৰ্ষত অসমত মাধ্যমিক পর্যায়ত ১৯খন জিলাতে শিক্ষাৰ্থীৰ ড্রপ আউটৰ হাৰ ৩০ শতাংশতকৈ অধিক । আনহাতে, অসমৰ লগতে চুবুৰীয়া নাগালেণ্ডৰো ৮খন জিলাত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ হাৰ ৩০ শতাংশতকৈ অধিক । অসম তথা উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বিপৰীতে মাধ্যমিক পৰ্যায়ত কেৰালাত ৭.১ শতাংশ, উত্তৰাখণ্ডত ৮.৪১ শতাংশ আৰু গোৱাৰ ১০.১৭ শতাংশ শিক্ষার্থীয়ে আধাতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰিবলগীয়া হৈছে ।

শেহতীয়াকৈ ইউনিচেফৰ (UNICEF) সমীক্ষাত কোৱা হৈছে যে ভাৰতত ঘৰুৱা সমস্যাৰ বাবেই ৩৩ শতাংশ ছোৱালীয়ে আৰু বিবাহৰ বাবে ২৫ শতাংশ ছোৱালীয়ে আধাতে বিদ্যালয় ত্যাগ কৰিবলগীয়া হয় । আধাতে আনুষ্ঠানিক শিক্ষা ত্যাগ কৰা বহুসংখ্যক শিক্ষাৰ্থীয়ে পঢ়াৰ বয়সতে জীৱন সংগ্ৰামত নামি বিভিন্ন কাম কৰিবলগীয়া হয় । মূলত আৰ্থিক দুৰৱস্থাৰ বাবেই বহু শিক্ষাৰ্থীয়ে অনিচ্ছা সত্ত্বেও আধাতে বিদ্যালয় ত্যাগ কৰিবলগীয়া হয় ।

লগতে পঢ়ক : মাধৱদেৱ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.