Har Ghar Triranga at Rangia: ৰঙিয়াত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী এছ এছ বিৰ

author img

By

Published : Jul 30, 2022, 5:37 PM IST

Har Ghar Tiranga at Rangia

দেশৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহাবান মৰ্মে অনুষ্ঠিত কৰা হৈছে বিভিন্ন অনুষ্ঠানৰ । ইয়াৰে অংশ ৰূপে ৰঙিয়াত আয়োজন কৰা হয় হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী(Har Ghar Tiranga awarness programme at Rangia)।মৰাণজানাস্থিত এছ এছ বি ৰঙিয়াৰ ক্ষেত্ৰীয় মুখ‍্যালয়ৰ ডি আই জি জগদ্বীপ পাল সিংৰ লগতে জোৱান সকলে শনিবাৰে এক প্ৰচাৰ অভিযান চলায় ।

ৰঙিয়া, ৩০জুলাই: ভাৰতৰ স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ বিষয়ে ছাত্র-ছাত্ৰীক সজাগ কৰিবলৈ মৰাণজানাস্থিত এছ এছ বি ৰঙিয়াৰ ক্ষেত্ৰীয় মুখ‍্যালয়ৰ ডি আই জি জগদ্বীপ পাল সিংৰ লগতে জোৱান সকলে শনিবাৰে এক প্ৰচাৰ অভিযান চলায়(Dig Jagdeep Pal Singh of Regional District of SSB Rangia)। হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ বিষয়ে ছাত্র-ছাত্ৰীক সজাগ কৰিবলৈ মৰাণজানাস্থিত এছ এছ বি ৰঙিয়াৰ ক্ষেত্ৰীয় মুখ‍্যালয়ে এই প্ৰচাৰ অভিযান চলাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে ।

Har Ghar Tiranga at Rangia
ৰঙিয়াত হৰ ঘৰ তিৰংগা কাৰ্যসূচী এছ এছ বিৰ

এছ এছ বিৰ শীৰ্ষ বিষয়া গৰাকীৰ নেতৃত্বত চলা অভিযানটোত দলটোৱে ৰঙিয়াৰ ফাতিমা কনভেণ্ট বিদ্যালয়ত উপস্থিত হৈ শিক্ষক তথা ছাত্র-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে । উক্ত বিদ‍্যালয়খনত আয়োজন কৰা এখন সভাত ডি আই জি জগদ্বীপ পাল সিঙে ভাৰতৰ জাতীয় পতাকাৰ মহত্বৰ বিষয়ে ছাত্র-ছাত্ৰী সকলক ব‍্যাখ‍্যা কৰে । তেওঁ আগন্তুক ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে সকলোকে নিজৰ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । লগতে ভৱিষ্যতলৈ ভাৰতীয় সেনাবাহিনীত যোগান কৰিবলৈও আহ্বান জনায়।

Har Ghar Tiranga at Rangia
ৰঙিয়াত হৰ ঘৰ তিৰংগা কাৰ্যসূচী এছ এছ বিৰ

উক্ত সভাখনৰ মাজতে এছ এছ বি পাইপ বেণ্ডটোৱে এক অনুষ্ঠান পৰিবেশন কৰে।অনুষ্ঠানৰ শেষত বিদ্যালয়খন কৰ্তৃপক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্ৰী সকলে নিজ নিজ বাসগৃত জাতীয় পতাকা উত্তোলন কৰাৰ সংকল্প গ্ৰহণ কৰে।

লগতে পঢ়ক: Drugs burn at Duliajan:দুলীয়াজানত বৃহৎ পৰিমাণৰ ড্ৰাগছ দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.