HSLC Results 2023: পঞ্চম স্থান দখল কৰিলে হেপ্পী চাইল্ড হাইস্কুলৰ ছাত্ৰ অনন্ত জৈনে

author img

By

Published : May 22, 2023, 7:38 PM IST

HSLC Results 2023

পঞ্চম স্থান দখল কৰিলে হেপ্পী চাইল্ড হাইস্কুলৰ ছাত্ৰ অনন্ত জৈনে (Happy Childs students secured position in HSLC Exam) ৷ অনন্তৰ এই সাফল্যত এতিয়া উৎফুলিত হৈ পৰিছে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষ ৷

গুৱাহাটী, ২২ মে’: সোমবাৰে ঘোষিত 2022-23 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মহানগৰীৰ ৬ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ দহটাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ মহানগৰীৰ ছেইন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়, অসম জাতীয় বিদ্যালয়, কাহিলীপাৰা জাতীয় বিদ্যালয় আৰু হেপ্পী চাইল্ড স্কুলৰ মুঠ ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম ৰাজ্যৰ শীৰ্ষস্থানত ৰাখিবলৈ সক্ষম হয় ৷ মহানগৰীৰ এই কৃতী ছাত্ৰকেইজনৰ সাফল্যত এতিয়া গৌৰম্বাৱিত হৈ পৰিছে মহানগৰবাসীও (HSLC Results 2023) ৷

মহানগৰীৰ হেপ্পী চাইল্ড হাইস্কুলৰ ছাত্ৰ অনন্ত জৈনে সৰ্বমুঠ ৫৯০ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰত পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে (Happy Child High School, Guwahati) । কৃতী ছাত্ৰজনে সংবাদ মাধ্যমৰ আগত দৈনিক নিয়মীয়াকৈ ৩-৪ ঘন্টা অধ্যয়ন কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত কৰি অধ্যয়ন কৰি পৰৱৰ্তী সময়ত ইঞ্জিনীয়াৰিং বিভাগত অধ্যয়ন কৰিব । ভৱিষ্যতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱা সপোন অনন্তৰ ।

অনন্তই তেওঁ ফলাফলত সন্তোষ ব্যক্ত কৰে ৷ তেওঁ তেওঁৰ এই সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু শিক্ষক শিক্ষয়িত্ৰীক কৃতজ্ঞতা জনায় । ইফালে গুৱাহাটীৰ ছেইন্ট মেৰিজ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীয়ে শীৰ্ষ ১০ত স্থান লাভ কৰিছে (ST Marys students secured position in HSLC)। বিদ্যালয়খনৰ ছাত্ৰী অদিতি ভূঞাই সৰ্বমুঠ ৫৯১ নম্বৰ লাভ কৰি চতুৰ্থ স্থান আৰু সঞ্জনা কৌৰে মুঠ ৫৮৯ নম্বৰ লাভ কৰি ষষ্ঠ স্থান দখল কৰি বিদ্যালয়খনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

উল্লেখ্য যে, অপ্ৰত্যাশিতভাৱে আজি হঠাৎ ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে পুৱা ৮ বজাত টুইট কৰি দিনৰ ১০ বজাত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ কথা সদৰী কৰে ৷ ইয়াৰ পাছতেই এক উৎকণ্ঠাময় পৰিবেশ সৃষ্টি হয় ছাত্ৰী-ছাত্ৰী তথা শিক্ষাৰ্থীৰ মাজত ৷

লগতে পঢ়ক: HSLC results 2023: সদ্য ঘোষিত মেট্ৰিকৰ ফলাফলক লৈ সন্তুষ্ট ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.