1 অক্টোবৰৰ পৰা আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান

author img

By

Published : Sep 12, 2021, 12:12 PM IST

guwahati  university to resume classes from october 1

সুদীৰ্ঘ বিৰতিৰ পিছত পুনৰ আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰিলে নতুন SOP ৷

নিউজ ডেস্ক, 12 ছেপ্তেম্বৰ : 1 অক্টোৱৰৰ পৰা আৰম্ভ হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠদান ৷ অফলাইন পাঠদান সন্দৰ্ভত বিশ্ববিদ্যালয়ে জাৰি কৰিলে নতুন SOP ৷

উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ বাবে দীৰ্ঘসময় ধৰি বন্ধ হৈ আছিল শিক্ষা প্ৰতিষ্ঠানসমূহ ৷ যাৰ বাবে শিক্ষাৰ্থীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ ৰাজ্য চৰকাৰে 6 ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ বাবে অনুমতি প্ৰদান কৰিছিল ৷

ইয়াৰ পিছতে ক’ভিড প্ৰট’কল মানি ৰাজ্যৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰা হৈছিল যদিও আৰম্ভ হোৱা নাই বিশ্ববিদ্যালয়সমূহৰ পাঠদান ৷ শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ে জাৰি কৰা নতুন SOP এ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৷

লগতে পঢ়ক : অসমক লৈ মিছন আছে : সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.