Fraud Arrested in Guwahati : অভিনৱ কৌশলেৰে গাড়ী চুৰি কৰি জালত পৰিল প্ৰৱঞ্চক

author img

By

Published : Jan 23, 2023, 8:41 PM IST

Fraud Arrested in Guwahati

গাড়ী ভাড়ালৈ নি বিক্ৰী কৰাৰ লগতে বন্ধকত দিয়া এটা চক্ৰ পোহৰলৈ আহিছে ৷ তেনে চক্ৰৰ অন্যতম সদস্যক সোমবাৰে আটক কৰিলে মহানগৰ আৰক্ষীয়ে ৷ ইতিমধ্যে দুষ্টচক্ৰৰ কবলত পৰা 9 খন গাড়ী উদ্ধাৰ কৰিছে আৰক্ষীয়ে (Guwahati police rescued car)৷

গুৱাহাটী মহানগৰী পূব মণ্ডলৰ উপ-আৰক্ষী আয়ুক্ত

গুৱাহাটী, ২৩ জানুৱাৰী : গাড়ী ভাড়ালৈ দিয়াৰ সময়ত এতিয়াৰে পৰা সাৱধান হওক ৷ গাড়ী ভাড়ালৈ নিয়াসকলৰ ওপৰত ৰাখক চোকা দৃষ্টি ৷ কিয়নো ৰাজ্যত এতিয়া অভিনৱ কৌশলেৰে আপোনাৰ ব্যৱসায়িক বাহনখন সৰকোৱাৰ বাবে নামি পৰিছে দুষ্টচক্ৰ ৷ তেনে এটা চক্ৰৰ অন্যতম সদস্যক সোমবাৰে কৰায়ত্ব কৰিলে মহানগৰ আৰক্ষীয়ে ৷

চোৰ-ডকাইত অথবা অন্য দুষ্টচক্ৰৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ হৈছে, সিমানেই ন-ন কৌশল অৱলম্বন কৰিছে বুদ্ধিত বৃহস্পতি চোৰ-প্ৰৱঞ্চকে ৷ সোমবাৰে মহানগৰীত পোহৰলৈ অহা ঘটনাই পুনৰ চিন্তাত পেলাইছে সকলোকে ৷ বিভিন্ন ট্ৰেভেল এজেঞ্চিৰ পৰা দুষ্টচক্ৰই ভাড়ালৈ বুলি গাড়ী নি বন্ধকত দিয়াৰ লগতে বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

এই পৰ্যন্ত মহানগৰ আৰক্ষীয়ে 9 খন গাড়ী উদ্ধাৰ কৰিছে (Guwahati police rescued car)৷ ইয়াৰে এখন গাড়ী দুষ্টচক্ৰই ভাড়ালৈ বুলি নি বিক্ৰী কৰাৰ লগতে আন তিনিখন গাড়ী বন্ধকত থৈ নগদ ধন লৈছিল ৷ দিছপুৰ আৰক্ষীয়ে গাড়ীকেইখন উদ্ধাৰ কৰাৰ লগতে দুষ্ট চক্ৰটোত জড়িত থকাৰ অভিযোগত কামপুৰৰ ঋষি ৰাজখোৱা নামৰ এজন যুৱকক আটক কৰিছে ৷

নগাঁও আৰক্ষীৰ সহযোগত দিছপুৰ আৰক্ষীয়ে নগাঁৱৰ কামপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা বাহনসমূহ অভিযুক্ত ঋষি ৰাজখোৱাই মহানগৰীৰ 3 টাকৈ ট্ৰেভেল এজেঞ্চী ক্ৰমে Self Drive Agency, Go Easy Tour and Travel আৰু IC Carৰ পৰা ভাড়ালৈ বুলি লৈছিল ৷ এজেঞ্চিকেইটাৰ পৰা মুঠ 10 খনকৈ গাড়ী ভাড়াত লৈছিল ঋষি ৰাজখোৱাই ৷

৩ টাকৈ এজেঞ্চীৰ পৰা লোৱা ভাড়ালৈ বুলি লোৱা গাড়ীসমূহ ঋষি ৰাজখোৱাই নিজৰ বাহন বুলি কৈ আন গ্ৰাহকক ভাড়া দিয়াৰ লগতে বহুকেইখন বাহন বন্ধকত ৰাখিছিল ৷ আনকি এখন বাহন ঋষি ৰাজখোৱাই বিক্ৰী কৰিছিল নিজৰ পৰিয়ালৰ লোককে ৷ বিগত প্ৰায় কেইমাহমান ধৰি ৩ টা এজেঞ্চীৰ পৰা লোৱা বাহনৰ বাবদ দিবলগীয়া ধন ঘূৰাই দিয়া দিয়া নাছিল ঋষি ৰাজখোৱাই ৷ উক্ত অনাদায় ধনৰ পৰিমান প্ৰায় 12 লাখ টকা বুলি জানিবলৈ দিছে মহানগৰ আৰক্ষীয়ে (Fraud sold rented car in Guwahati)৷

উল্লেখ্য যে, উক্ত অনাদায় ধনৰ সন্দৰ্ভত ট্ৰেভেল এজেঞ্চীকেইটাৰ স্বত্বাধিকাৰী কাষ চাপিছিল দিছপুৰ আৰক্ষীৰ ৷ ইয়াৰ পাছতেই সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ দিছপুৰ থানাত এই সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ পাছতে নগাওঁ আৰক্ষীৰ সহযোগত নগাঁৱৰ কামপুৰৰ বিভিন্ন অঞ্চলৰ পৰা ৯ খন গাড়ী উদ্ধাৰ কৰাৰ লগতে আটক কৰে ঋষি ৰাজখোৱা নামৰ যুৱকজনক (Car Fraud arrested in Guwahati)৷

কিন্তু এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ঋষি ৰাজখোৱাই ভাড়ালৈ বুলি নিয়া এখন বাহন ৷ আনহাতে নিজে চোৰ নহয় বুলি কৈ আটকাধীন ঋষি ৰাজখোৱাই সংবাদ মাধ্যমকো দিলে ধমক ৷ তেওঁ কয় যে, ‘‘মই চোৰ প্ৰমাণিত নহ'লে আপোনালোকৰ কথা বেয়া হৈ যাব’’ ৷ ইপিনে প্ৰৱঞ্চক ঋষি ৰাজখোৱাক দিছপুৰ অৰক্ষীয়ে নিজৰ জিম্মাত লৈ মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Fake Military ID at Rangia : সেনাবাহিনীৰ ভুৱা পৰিচয় পত্ৰ দেখুৱাই ৰঙিয়া আৰক্ষীৰ জালত চাৰি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.