মহানগৰ আৰক্ষীৰ জালত ৪ গাঞ্জা ব্যৱসায়ী

author img

By

Published : Sep 23, 2021, 3:59 PM IST

Guwahati

ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । ইয়াৰ মাজতে গুৱাহাটী আৰক্ষীৰ এক বৃহৎ সফলতা । গুৱাহাটীৰ কোন স্থানৰ পৰা গাঞ্জা আৰু ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে ?

গুৱাহাটী,২৩ ছেপ্টেম্বৰ : সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । নিষিদ্ধ ড্ৰাগছৰ (Drugs) সমান্তৰালভাৱে অন্য নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে গুৱাহাটী আৰক্ষীয়েও (City police) অভিযান তীব্রতৰ কৰি তুলিছে । এই অভিযানৰ অংশ হিচাপে আৰক্ষীৰ এটা বিশেষ অভিযানকাৰী দলে বুধবাৰে নিশা মহানগৰীৰ বৃহত্তৰ বোন্দা অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ গাঞ্জা (Ganja) আৰু এগৰাকী মহিলাসহ চাৰিজনকৈ চোৰাং গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।

Guwahati
মহানগৰ আৰক্ষীৰ জালত ৪ গাঞ্জা ব্যৱসায়ী

আটক কৰা চোৰাং ব্যৱসায়কেইটা হৈছে বোন্দাৰ দীপক চৰকাৰ, আমগাঁও খেৰবাৰীৰ হাবিদুল ৰহমান, ওদালগুৰিৰ দিলীপ দৈমাৰী আৰু অঞ্জনা চৰকাৰ নামৰ এগৰাকী মহিলা ব্যৱসায়ী । ইতিমধ্যে আটকাধীন আটাইকেইটা গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত ২০(c)/29 NDPS act 1985 ত গোচৰ ৰুজু কৰি আটাইকেইটাক বৃহস্পতিবাৰে আদালতত হাজিৰ কৰাৰ পাছত জেললৈ প্ৰেৰণ কৰে । মন কৰিবলগীয়া কথা এই যে আটকাধীন দিলীপ দৈমাৰী ইয়াৰ পূৰ্বেও চোৰাং গাঞ্জা ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত জেললৈ যাবলগীয়া হৈছিল ।

উল্লেখ্য যে এক গোপন খবৰৰ ভিত্তিত মহানগৰীৰ বোন্দা বজাৰত বুধবাৰে নিশাৰ ভাগত গুৱাহাটী চেণ্ট্ৰেল আৰক্ষীৰ এটা দলে অতৰ্কিতে অভিযান চলাই প্ৰায় পাঁচ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰাৰ লগতে অঞ্জনা চৰকাৰ নামৰ এগৰাকী মহিলাকো আটক কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পাছতেই প্ৰাগজ্যোতিষপুৰ আৰক্ষীৰ সহযোগত অভিযানকাৰী দলটোৱে গাঞ্জা ব্যৱসায়টোৰ লগত জড়িত বাকী ৩ জন ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ।

Guwahati
মহানগৰ আৰক্ষীৰ জালত ৪ গাঞ্জা ব্যৱসায়ী

জানিব পৰা মতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই কাৰ্যৰ লগতে আৰু বহুতো লোক জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । সেয়ে অতি শীঘ্ৰে সেই সকল লোকৰ বিৰুদ্ধেও অভিযান চলাব আৰক্ষীয়ে ।

লগতে পঢ়ক :তিনিটাকৈ দালালৰ বাসগৃহত তালাচী অভিযান বৰপেটা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.