Durga Puja 2022 : সষ্টম মহানগৰ আৰক্ষী তথা প্ৰশাসন

author img

By

Published : Sep 28, 2022, 10:17 PM IST

Durga Puja 2022

সমাগত দুৰ্গা পূজা (Durga Puja 2022)৷ সাৰদীয় উৎসৱকলৈ ৰাজ্যৰ লগতে মহানগৰীটো বৈছে উছাহৰ ঢল ৷ ইফালে উৎসৱৰ সময়ত নাগৰিকৰ সুৰক্ষাৰ বাবে সস্তম হৈছে মহানগৰ আৰক্ষী তথা প্ৰশাসনো ৷ গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : দুৰ্গা পূজালৈ মাজত মাথো দুদিন বাকী (Durga Puja 2022) । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে (Durga Puja Preparation in Guwahati)। পূজাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

ইপিনে দুৰ্গা পূজাৰ মাজতে 2 অক্টোবৰত মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ক্ৰিকেট মেচ (Cricket match between India and South Africa) । তাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ সুৰক্ষাৰ বাবে সষ্টম হৈছে মহানগৰ আৰক্ষী তথা প্ৰশাসন ব্যৱস্থা । মহানগৰীৰ কোনো প্ৰান্ততে যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে মহানগৰ আৰক্ষী ৷

লগতে পঢ়ক : Durga Puja 2022: লাখ টকা ব্যয় সাপেক্ষে মহানগৰীত এতিয়া পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা

এই বিষয় সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয়, ‘‘দুৰ্গা পূজা এটা গুৰুত্বপূৰ্ণ উৎসৱ । নাগৰিকসকলে যাতে নিৰাপদ আৰু সুৰক্ষিতভাৱে উৎসৱৰ বতৰ উপভোগ কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত নিৰাপত্তা বৃদ্ধি কৰা হ’ব’’ (Guwahati city police ready for Durga Puja) । লগতে তেওঁ কয়, ‘‘সমগ্ৰ দেশতে দেশ বিৰোধী শক্তিৰ বিৰুদ্ধে শেহতীয়াকৈ সফল অভিযানৰ প্ৰতি লক্ষ্য ৰাখি আমি দেশ বিৰোধী উপাদানসমূহৰ বিৰুদ্ধে সাৱধান হোৱাটো অতি প্ৰয়োজন’’ ।

তদুপৰি পূজাৰ সপ্তমীৰ দিনা অৰ্থাৎ ২ অক্টোবৰত গুৱাহাটীতো এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলৰ কথা আছে । উৎসৱৰ সময়ত মহানগৰীত বৰ্তমানতকৈ দুগুণ আৰক্ষী নিয়োগ কৰা হ’ব । উৎসৱৰ বতৰত মহানগৰীত যাতে যান-জঁটৰ সৃষ্টি নহয়, তাৰ বাবে ৰাইজক যান বহন আইন মানি চলিবলৈ আহ্বান জনাই মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে ।

উল্লেখ্য যে, ক’ৰণাসৃষ্টি পৰিৱেশৰ বাবে যোৱা দুবছৰ অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন কৰাৰ পিছতে এইবাৰ জাক জামকতাৰে পূজাৰ বাবে সাজু হৈছে ৰাজ্যৰ লগতে মহানগৰবাসী ।

লগতে পঢ়ক : মণ্ডপ নিৰ্মাণত ব্যস্ত বিহপুৰীয়াৰ পূজা সমিতিসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.