Jyoti Shiksha Kendra: ৰাজ্যত জ্যোতি শিক্ষা কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা চৰকাৰৰ

author img

By

Published : Nov 30, 2022, 10:55 PM IST

Govt plans to close Jyoti Shiksha Kendra

জ্যোতি শিক্ষা কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে(Govt plans to close Jyoti Shiksha Kendra) । বৃহস্পতিবাৰৰ পৰা বন্ধ হব কামৰূপ জিলাৰ কেইবাটাও জ্যোতি শিক্ষা কেন্দ্ৰ । তাৰমাজতে কামৰূপৰ কেইবাখনো জ্যোতিকেন্দ্ৰ চলাই থাকিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়লয়ে ।

গুৱাহাটী,৩০ নৱেম্বৰ: ৰাজ্যত জ্যোতি শিক্ষা কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে(Govt plans to close Jyoti Shiksha Kendra) । সৰ্বশিক্ষা মিছনৰ অধীনত পৰিচালিত জ্যোতি কেন্দ্ৰসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰাৰ সিদ্ধান্তত আশংকাত ভুগিছে জ্যোতি কেন্দ্ৰৰ শিক্ষাকৰ্মী সকলে । বৃহস্পতিবাৰৰ পৰা বন্ধ হব কামৰূপ জিলাৰ কেইবাটাও জ্যোতি শিক্ষা কেন্দ্ৰ । তাৰ মাজতে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়লয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে ।

ৰাজ্যত জ্যোতি শিক্ষা কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা চৰকাৰৰ

কামৰূপৰ কেইবাখনো জ্যোতিকেন্দ্ৰ চলাই থাকিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়লয়ে(Gauhati High Court) । ৰাজ্যৰ ৩৩ খন জিলাত থকা জ্যোতিকেন্দ্ৰ সমূহৰ ভিতৰত ১১খন জিলাত পৰ্যায় ক্ৰমে জ্যোতিকেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সৰ্বশিক্ষা মিচনে । ইতিমধ্যে আগষ্টত ডিমাহাচাও আৰু অক্টোবৰত কোকৰাঝাৰ কেন্দ্ৰসমূহ বন্ধ হৈছে । কাইলৈ অৰ্থাৎ পহিলা ডিচেম্বৰৰ পৰা কামৰূপ জিলাৰ ১২৪ টা কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা সৰ্বশিক্ষা মিছনে কৰিছিল যদিও একাংশ কেন্দ্ৰৰ শিক্ষা কৰ্মীসকলে আইনৰ কাষ চপাত গুৱাহাটী উচ্চ ন্যায়লয়ে কেন্দ্ৰসমূহ খুলি ৰাখিবলৈ নিৰ্দেশ দিছে ।

কিন্তু মন কৰিবলগীয়া কথা যে যি সকলে আইনৰ কাষ চাপিছে সেইসকলৰ কেন্দ্ৰবোৰহে বন্ধ নহ'ব । কামৰূপৰ বাকীবোৰ কেন্দ্ৰ কাইলৈৰ পৰা বন্ধ হৈ যাব । সদৌ অসম জ্যোতি শিক্ষা কৰ্মী সন্থাৰ সভানেত্ৰী মুনমুন চেতীয়াই কয় যে ৰাজ্যত ৩৩ খন জিলাত মুঠ ৬০৩ কেন্দ্ৰ আছে । যত মুঠ ৯০৩ জন শিক্ষা কৰ্মী আছে । ইয়াৰে ভিতৰত কামৰূপত ১২৪ টা কেন্দ্ৰ থকাৰ লগতে ১৯৩ গৰাকী শিক্ষাকৰ্মী আছে ।

আনহাতে কামৰূপত জ্যোতি কেন্দ্ৰত মুঠ ৭ হাজাৰ শিক্ষাৰ্থী থকাৰ লগতে অসমত মুঠ ৩০ হাজাৰ ছাত্ৰ ছাত্ৰী আছে । জ্যোতি কেন্দ্ৰ সমূহ বন্ধ কৰি দিলে ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ হ'ব । সৰ্বশিক্ষা মিছনে পৰ্যায়ক্ৰমে জানুৱাৰীত বাক্সা গোৱালপাৰা, কাৰ্বি আংলং,পশ্চিম কাৰ্বিআংলং আৰু গোৱালপাৰা কেন্দ্ৰসমূহ বন্ধ কৰিব । তাৰ পিছতে ফেব্ৰুবাৰী ধেমাজি‍, লক্ষিমপুৰ বন্ধ কৰাৰ লগতে মাৰ্চত ডিব্ৰুগড় আৰু যোৰহাট বন্ধ কৰিব ।

বিত্তীয় পুজি নাই বুলি দোহাই দি সৰ্বশিক্ষা মিচনে কেন্দ্ৰসমূহ বন্ধ কৰিলে শিক্ষাকৰ্মীসকল কৰ্মহীন হৈ পৰাৰ লগতে কেন্দ্ৰ সমূহত অধ্যয়ণ কৰি থকা শিক্ষাৰ্থীসকল শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব । শিক্ষাৰ অধিকাৰ আইনখন সৰ্বশিক্ষা মিছনে ভৰিৰে মোহাৰি এই সিদ্ধান্ত লৈছে । কেন্দ্ৰীয় চৰকাৰৰ বিত্তী পূজিৰ দোহাই দি হঠাৎ ১১ খন জিলাৰ জ্যোতি কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত মানি লব পৰা নাই বুলি মন্তব্য কৰে । পৰৱৰ্তী সময়ত যাতে আইনৰ কাষ চাপিব নালগে তেনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায় ।

লগতে পঢ়ক: Chakma and Hajong Protest: RPC বাতিলৰ বিৰুদ্ধে দিল্লীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.