Assamese film Gogoi: অসমীয়া ছবি গগৈৰ ট্ৰেইলৰ মুকলি

author img

By

Published : Jul 31, 2022, 8:13 PM IST

অসমীয়া ছবি গগৈৰ ট্ৰেইলৰ মুকলি

বিপৰ্যস্ত অসমীয়া ছবিজগতলৈ ঘূৰি আহিছে পুনৰ ভাল দিন ৷ কিয়নো ইখনৰ পাচত সিখন অসমীয়া চিনেমাই ছবিগৃহত ভিৰ কৰিবলৈ আগবাঢ়িছে ৷ চলচিত্ৰপ্ৰেমীৰ বহু অপেক্ষাৰ অন্তত দেওবাৰে মুকলি কৰা হয় টকিঅ’ ফিল্ম এৱাৰ্ড 2022 বঁটা প্ৰাপক নতুন অসমীয়া ছবি ‘গগৈ’ (GOGOI)ৰ ট্ৰেইলাৰ (Gogoi film trailer released) ৷

গুৱাহাটী, 31 জুলাই : অসমীয়া ছবিজগতলৈ আহিছে এক সুখবৰ ৷ ক’ভিড 19 মহামাৰীয়ে বিপর্যস্ত কৰা অসমীয়া ছবিজগতে পুনৰ ঠন ধৰি উঠিছে ৷ কিয়নো মুক্তিৰ পথত আছে ইখনৰ পাচত সিখন অসমীয়া চিনেমা ৷

দেওবাৰে হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত অসমীয়া ছবি ‘‘বুলু ফিল্ম’’ৰ ট্ৰেইলৰ (Bulu film trailer released) মুকলি হোৱাৰ পাচতে আনখন অসমীয়া ছবিৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে ৷ এই অসমীয়া ছবিখনৰ নাম হৈছে ‘GOGOI’ ৷ মহানগৰীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত মুকলি কৰা হয় নতুন অসমীয়া ছবি ‘গগৈ’ (GOGOI)ৰ ট্ৰেইলাৰ (Gogoi film trailer released)।

এই ছবিখন আগন্তুক ১৯ আগষ্টত অসমৰ ছবিগৃহত শুভ মুক্তি পাব ৷

ইতিমধ্যে এই ছবিখনে টকিঅ’ত অনুষ্ঠিত ফিল্ম এৱাৰ্ডত গোল্ডেন বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে । লকডাউনৰ সময়ত গুজৰাটৰ পৰা অসমৰ নগাঁৱলৈ তিনি হাজাৰ কিলোমিটাৰ বাট খোজ কাঢ়ি আহিছিল যাদৱ গগৈয়ে । ঘাট-প্ৰতিঘাট মাজেৰে যাত্ৰা কৰি অহা যাদৱ গগৈৰ পদযাত্ৰাক বাস্তৱ ঘটনাক চলচিত্ৰ ৰূপ দিয়া হৈছে ।

‘গগৈ’ ছবিখন পৰিচালনা কৰিছে বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈয়ে ৷ চবিখনত অভিনয় কৰিছে যতীন খনিকৰ, মিনাক্ষী ডেকা, হিমান জ্যোতি দাস, লিজা নাথ, তপন শৰ্মা, অনেন্দ্ৰ প্ৰসাদ শৰ্মা, দীপক লহকৰ, অনুৰূপা ডেকা ৰজা, ৰাজেন ফুকন, বৰ্ণালী দত্ত, চাজু আহমেদ, অতুল বৰা, তপন শইকীয়া, গৌৰাংগ শৰ্মা আৰু বিপ্লৱে ।

NEXSTER ষ্টুডিঅ’ৰ দ্বাৰা নিবেদিত আৰু NEXSTER TV প্ৰযোজিত এই ছবিখনক দৰ্শককে আদৰি ল’ব বুলি আশাবাদী ছবিখনৰ প্ৰয়োজক আৰু পৰিচালকৰ লগতে কলা কুশলীসকল ৷

লগতে পঢ়ক : অৱশেষত মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.