কৃত্ৰিম বান ৰোধ কৰাৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Jun 28, 2022, 6:11 PM IST

ghy aasu protest demanding prevention of artificial floods

এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় মহানগৰ(Flood in Guwahati) । দীৰ্ঘদিনীয়া এই সমস্যা পুৰণৰ দাবীত মঙলবাৰে শতাধিক আছুকৰ্মীয়ে প্ৰতিবাদত কঁপালে গুৱাহাটীৰ আকাশ-বতাহ(Protest demanding prevention of artificial floods) । শীঘ্ৰেই এই সমস্য়া সমাধানৰ দাবী উত্থাপন কৰে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই ।

গুৱাহাটী,২৮ জুন: গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰাৰ দাবীত সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ প্ৰতিবাদ(Protest demanding prevention of artificial floods) । মঙলবাৰে লতাশিলৰ শ্বহীদ ন্যাসৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ । শতাধিক আছু কর্মীয়ে গুৱাহাটীৰ বিধ্বস্ত বাট পথ,নলা নৰ্দমা পুণৰ নিৰ্মাণ কৰক,বিজ্ঞানসন্মত ভাৱে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰক,GMDA হায় হায় আদি শ্লোগান দি হাতে-হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

কৃত্ৰিম বান ৰোধ কৰাৰ দাবীত আছুৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীসকলে কয় যে চৰকাৰে স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিব বিচৰা অসমৰ ৰাজধানী গুৱাহাটী মহানগৰ এজাক বৰষুণতে কৃত্ৰিম বানত ডুব যায় আৰু মহানগৰবাসীয়ে কৃত্রিম বানৰ ফলত যমৰ যাতনা ভুগিব লগা হয়(Flood in Guwahati) । বিজ্ঞানসন্মত আৰু পৰিকল্পিতভাৱে কৃত্রিম বানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৱাহাটী উন্নয়ন বিভাগ, গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ লগতে গুৱাহাটী মহানগৰ উন্নয়নৰ লগত জড়িত বিভিন্ন বিভাগ সমূহো চূড়ান্তভাৱে ব্যৰ্থ হৈছে ।

এইক্ষেত্ৰত কোনোধৰণৰ ফলপ্ৰসু পদক্ষেপ ল'ব নোৱৰাটো চৰম লজ্জাজনক তথা গুৱাহাটী মহানগৰবাসীৰ বাবে হতাশাজনক । মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰাত কংগ্ৰছ চৰকাৰো ব্যৰ্থ হৈছিল আৰু বিজেপি চৰকাৰো ব্যৰ্থ হৈছে । আশ্বাস নহয় সমাধান লাগে বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী আছুকৰ্মীয়ে । সেয়েহে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অতিশীঘ্ৰেই বিজ্ঞানসন্মতভাৱে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা স্থায়ীভাৱে সমাধান কৰাৰ লগতে বিধস্ত হৈ পৰা মহানগৰৰ বাট-পথ,নলা-নৰ্দমা আদি পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Flood at Gahpur : গহপুৰত বানৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.