ভিক্টৰ দাসক পূৰ্ণাংগ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Sep 30, 2022, 8:06 PM IST

Updated : Sep 30, 2022, 8:17 PM IST

Gauhati High Court grants full bail to Victor Das

বহু অপেক্ষাৰ অন্তত পূৰ্ণাংগ জামিন লাভ কৰে ভিক্টৰ দাসে (Gauhati High Court grants full bail to Victor Das)৷ ভিক্টৰ দাসৰ বিৰুদ্ধে 153(A) ধাৰা প্ৰযোজ্য নহয় বুলি অধিবক্তাই দিয়া যুক্তিক ন্যায্যতা প্ৰদান কৰে ন্যায়ালয়ে ৷

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: অৱশেষত পূৰ্ণাংগ জামিন লাভ কৰে ভিক্টৰ দাসে (Gauhati High Court grants full bail to Victor Das)৷ গোচৰৰ কেচ ডায়েৰী চাই গুৱাহাটী উচ্চ ন্যায়ালয়ে ভিক্টৰ দাসক পূৰ্ণাংগ জামিন প্ৰদান কৰে ৷ কেচ ডায়েৰী চাই আৰক্ষীয়ে কোনো তথ্য নোপোৱা বুলি উল্লেখ কৰে ন্যায়ালয়ে ৷ ভিক্টৰ দাসৰ বিৰুদ্ধে 153(A) ধাৰা প্ৰযোজ্য নহয় বুলি অধিবক্তাই দিয়া যুক্তিক ন্যায্যতা প্ৰদান কৰে ন্যায়ালয়ে ৷

উল্লেখ্য যে আৰক্ষীৰ এজাহাৰত আদালতে কোনো তথ্য বিচাৰি নোপাৱাৰ ফলতে আদালতে মঞ্জুৰ কৰে অভিযোগ দিবলৈ গৈ অভিযুক্ত হোৱা ভিক্টৰ দাসৰ জামিন আবেদন ৷ আনহাতে ৬ দিনীয়া জেৰাতো আৰক্ষীয়ে কোনো তথ্য বিচাৰি নাপালে ভিক্টৰৰ পৰা (Victor das in police custody)। ইফালে ভিক্টৰ দাসৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰা ৬ টা ধাৰাই ভিত্তিহীন বুলি শুকুৰবাৰে মন্তব্য কৰিছিল ভিক্টৰ দাসৰ অধিবক্তা অংশুমান বৰাই (Advocate of Victor das) ।

অধিবক্তাৰ যুক্তি শুনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে ভিক্টৰ দাসৰ জামিন আবেদন । উল্লেখ্য যে ভিক্টৰ দাসৰ মন্তব্যই সমাজত দুটা ফৈদৰ সৃষ্টি কৰিব বুলি চৰকাৰী অধিবক্তাই প্ৰদৰ্শন কৰা যুক্তি ন্যায়ালয়ে নাকচ কৰে ।

মন কৰিবলগীয়া যে পূৰ্বে ২৯ ছেপ্টেম্বৰ পৰ্যন্ত ন্যায়ালয়লে অন্তৱৰ্তী জামিন দিছিল ভিক্টৰ দাসক ৷ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰত ধনৰ লেন-দেন হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে (Assam recruitment scam allegation)৷ ভিক্টৰৰ এই অভিযোগৰ পাছতেই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাছতে অসম আৰক্ষীয়ে ভিক্টৰ দাসক সোধা-পোছা কৰাৰ অন্তত ৬ টাকৈ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল ৷

লগতে পঢ়ক: মুকলি আকাশৰ তললৈ ভিক্টৰ দাস

Last Updated :Sep 30, 2022, 8:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.