Population in Border Districts Rising: ৰাজ্যৰ সীমান্তৱৰ্তী চাৰিখন জিলাত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে জনসংখ্যা

author img

By

Published : Aug 6, 2022, 7:39 AM IST

Etv Population explosion in minority settlementsPopulation explosion in minority settlementsBharat

দিনক দিনে খিলঞ্জীয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বিপৰীতে বৃদ্ধি পাইছে সংখ্য‍ালঘুৰ জনসংখ্যা (Population in Border Districts Rising)। ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাত এটা দশকত সংখ্য‍ালঘুৰ জনসংখ্য‍া ৩১.৪৫ শতাংশলৈ বৃদ্ধি পাইছে । সীমান্ত অঞ্চলৰ জিলাকেইখনত এনেদৰে জনসংখ্যা বৃদ্ধি পোৱা বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্রালয় (Union Home Ministry concerned about population growth in border districts of Assam) । জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগেই প্ৰব্ৰজনৰ মাত্ৰাও বৃদ্ধি পাব।

গুৱাহাটী,6 আগষ্টঃ ৰাজ্যত মাতৃভাষী তথা খিলঞ্জীয়া লোকৰ সংখ্যা দিনক দিনে হ্রাস পোৱাৰ সময়তে ৰাজ্যৰ কেইখনমান জিলাত উদ্বেগজনকভাবে বৃদ্ধি পাইছে জনসংখ্যা । বিশেষকৈ বিগত এটা দশকত বাংলাদেশৰ সৈতে সংলগ্ন হৈ থকা ৰাজ্যৰ চাৰিখন জিলাত জনসংখ্যা বৃদ্ধি হৈছে অভাৱনীয়ভাৱে । পৰিস্থিতি এনে পৰ্যায় পাইছে যে এই এলেকাসমূহত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা বিগত এটা দশকত ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা বৃদ্ধিৰ তুলনাত বহু বেছি পৰিমাণে বৃদ্ধি হৈছে । সীমান্ত অঞ্চলৰ জিলাকেইখনত এনেদৰে জনসংখ্যা বৃদ্ধি পোৱা বিষয়টোক লৈ আনকি উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্রালয়ো (Union Home Ministry concerned about population growth in border districts of Assam) ।

ৰাজ্যৰ গৃহ বিভাগে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত জমা দিয়া এখন প্রতিবেদনত ৰাজ্যৰ সীমান্ত জিলাকেইখনত জনসংখ্যা বৃদ্ধি হোৱাৰ বিষয়টো উল্লেখ কৰিছে । প্ৰাপ্ত তথ্য অনুসৰি বাংলাদেশ সীমান্তৰ সৈতে সংলগ্ন হৈ থকা ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাৰ সীমান্ত অঞ্চলৰ জনসংখ্যা বিগত এটা দশকত অৰ্থাৎ ২০১১ চনৰ পৰা ২০২১ চনলৈ প্রায় ৩১.৪৫ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে(Bangladesh border) । বিশেষকৈ সীমান্তৰ দহ কিলোমিটাৰ এলেকাত সৰ্বাধিক জনসংখ্যা বৃদ্ধি হৈছে । সীমান্ত অঞ্চলত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পূৰ্বানুমান অনুসৰি ১২.৫ শতাংশ আৰু ৰাজ্যিক পৰ্যায়ৰ পূৰ্বানুমান অনুসৰি ১৩.৬৪ শতাংশ জনসংখ্যা বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছিল যদিও পূৰ্বানুমানতকৈ দুগুণৰো অধিক জনসংখ্যা বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে ।

গৃহ মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, সীমান্ত অঞ্চলসমূহত এনেদৰে জনসংখ্যা বৃদ্ধি পোৱা বিষয়টো পর্যালোচনা কৰা হৈছে আৰু সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বি এছ এফক অধিক ক্ষমতা প্ৰদান কৰা হৈছে । কিন্তু সকলোতকৈ ডাঙৰ কথা হৈছে যে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগেই প্ৰব্ৰজনৰ মাত্ৰাও বৃদ্ধি পাব (Population levels increased along with migration)। জনসংখ্যা বৃদ্ধি হোৱা জিলাসমূহৰ পৰা অন্য জিলাসমূহলৈ প্ৰব্ৰজন ঘটা পৰিলক্ষিত হয় । এনে পৰিস্থিতিত ধুবুৰী, কৰিমগঞ্জ, কাছাৰ আৰু দক্ষিণ শালমাৰা জিলাৰ পৰা আন আন জিলালৈ প্ৰব্ৰজনৰ মাত্ৰা অনাগত দিনত বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । যাৰ ফলত ৰাজ্যৰ খিলঞ্জীয়া বসতি প্রধান লোকসকলৰ বাবে ভাবুকি আহি পৰিব(Threat to indigenous settlement in Assam) । ইতিমধ্যে সংখ্য‍ালঘুৰ জনসংখ্যা বৃদ্ধি ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ বাবে হৈ পৰিছে বিপজ্জনক ।

যি হাৰত জনসংখ্যা বৃদ্ধি পাই আছে একে গতি অনাগত দিনটো অব্যাহত থাকিলে অচিৰেই অসমত খিলঞ্জীয়া লোকসকল সংখ্যালঘুত পৰিণত হ'ব বুলি ধাৰণা কৰা হৈছে (Indigenous people will become minority)। ৰাজনৈতিক অধিকাৰৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক অধিকাৰলৈকে সকলো ক্ষেত্ৰতে বঞ্চিত হ'ব লাগিব খিলঞ্জীয়াসকল । ২০২১ চনত লোকপিয়ল অনুষ্ঠিত হোৱা নাই যদিও কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি সংখ্যালঘু বসতিপ্রধান অঞ্চলসমূহত জনবিস্ফোৰণ ঘটা পৰিলক্ষিত হৈছে ।

২০১১ চনত অসমৰ মুঠ জনসংখ্যা আছিল ৩ কোটি ১২ লাখ । কিন্তু ২০২১ বৰ্ষত ৰাজ্যখনৰ জনসংখ্যা ৩ কোটি ৫০ লাখলৈ আৰু চলিত বৰ্ষত ৩ কোটি ৫৫ লাখলৈ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে উজনি অসমতকৈ মধ্য আৰু নামনি অসমত অত্যাধিক জনসংখ্যা বৃদ্ধি পোৱাৰ লগতে উক্ত অঞ্চলৰ সংখ্যালঘু এলেকাসমূহ জেহাদীৰ ঘাটিত পৰিণত হৈছে (Minority areas have become bases for jihadists)। ইতিমধ্যে অসম আৰক্ষীয়ে বিগত পাঁচ মাহত জেহাদী সংগঠন এবিটিৰ পাঁচটাকৈ মডিউল উৎখাত কৰা ঘটনাই সেয়াই প্ৰমাণ কৰিছে । এনে পৰিস্থিতিত অনাগত দিনত পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা প্ৰবল কৰি তুলিছে।
লগতে পঢ়ক: Pijush Hazarika Comment on Jihadi in Assam: কলিতেই মোহাৰি জেহাদী শেষ কৰিম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.