Assamese script : অসমীয়া লিপিৰ বাবে বিশেষজ্ঞ সমিতি গঠন

author img

By

Published : Dec 7, 2021, 9:03 PM IST

Assamese script

ৰাজ্য চৰকাৰে অসমীয়া লিপিৰ বাবে পৃথক কোড তালিকা প্ৰস্তুতৰ এখন ১৪ জনীয়া সমিতি গঠন কৰিছে (Formation of Expert Committee for Assamese script) । বিশেষজ্ঞ সমিতিখনৰ সভাপতিৰ দায়িত্বত থাকিব ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আৰু উপ-সভাপতি হিচাপে থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব । সমিতিখনে অসমীয়া লিপি বিকাশ সম্পর্কীয় অন্যান্য কাৰিকৰী বিষয় আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি দিয়া (Trying to recognise as a Dhrupadi cultural language)ৰ ক্ষেত্ৰতো পৰামর্শদাতা হিচাপে ভূমিকা পালন কৰিব ।

গুৱাহাটী, ৭ ডিচেম্বৰ: অসমীয়া লিপিৰ বাবে পৃথক কোড তালিকা (কোড চার্ট) প্ৰস্তুতৰ বাবে ৰাজ্য চৰকাৰে এখন ১৪ জনীয়া সমিতি গঠন কৰিছে (Formation of Expert Committee for Assamese script) । অসম চৰকাৰে এক অধিসূচনা যোগে এই কথা জানিবলৈ দিয়ে । বিশেষজ্ঞ সমিতিখনৰ সভাপতিৰ দায়িত্বত থাকিব ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আৰু উপ-সভাপতি হিচাপে থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ।

আনহাতে, সদস্যসমূহ হৈছে ক্ৰমে অসম সাহিত্য সভাৰ সভাপতি, তথ্য-প্ৰযুক্তি বিভাগৰ অতিৰিক্ত মুখ্য সচিব, উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচিব, এমট্ৰ’নৰ পৰিচালন সঞ্চালক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য-প্ৰযুক্তি বিভাগৰ ড৹ শিখৰ কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড৹ উপেন ৰাভা হাকাচাম, অসমীয়া ইউনিক'ডৰ চার্জন আৰু এক্টিভিষ্ট ডাঃ সত্যকাম ফুকন, আনন্দৰাম বৰুৱা ভাষা, শিল্প আৰু সাংস্কৃতিক প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ দিলীপ কুমাৰ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ জ্যোতি প্ৰকাশ তামুলী, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক আৰু এন আই চিৰ ৰাজ্যিক তথ্য বিষয়া ।

লগতে পঢ়ক : Cabinet Dicision : APSC ৰ পৰা অসমীয়া ভাষা আঁতৰোৱাক অসম সাহিত্য সভাৰ প্ৰতিক্ৰিয়া

আনহাতে, সমিতিখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালকগৰাকী সদস্য সচিব হিচাপে থাকিব । উল্লেখ্য যে, এই সমিতিখনে অসমীয়া লিপি বিকাশ সম্পর্কীয় অন্যান্য কাৰিকৰী বিষয় আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা ৰূপে স্বীকৃতি দিয়া (Trying to recognise as a Dhrupadi cultural language)ৰ ক্ষেত্ৰতো পৰামর্শদাতা হিচাপে ভূমিকা পালন কৰিব ।

লগতে পঢ়ক : Assam Sahitya Sabha on Language controversy: কি ক’লে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ?

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.